ক’ভিডৰ আশংকা: সুৰক্ষা আবেষ্টনীৰ মাজেৰে ডুবাইত আইপিএলৰ দল
নিয়মীয়া বাৰ্তা, ২৪ আগষ্টঃ ক’ভিড–১৯ৰ আশংকাৰ মাজেৰে ডুবাইত উপস্থিত হৈছে আই পি এলৰ আটাইকেইটা ফ্রেনচাইজী৷ অহা ১৯ ছেপ্টেম্বৰৰ পৰা ডুবাইকে ধৰি ইউ এ ইৰ তিনিটা স্থানত আৰম্ভ হ’বলগীয়া বি চি চি আইৰ ঐশ্বর্যশালী টি–২০ লীগ আই পি এললৈ মাজতে প্রায় এমাহ বাকী থকা অৱস্থাত আজি অন্তিম দুটা দল হিচাপে চহৰখনত উপস্থিত হৈছে দিল্লী কেপিটেলছ আৰু ছানৰাইজার্ছ হায়দৰাবাদ৷ শ্রেয়াছ আয়াৰ নেতৃত্বাধীন দিল্লী কেপিটেলছে দিল্লী বিমানবন্দৰৰ পৰা দুপৰীয়া ডুবাইত অৱতৰণ কৰে৷ ইয়াৰ কিছু সময় পিছতে মুম্বাই বিমানবন্দৰৰ পৰা উৰা মৰা ছানৰাইজার্ছ হায়দৰাবাদৰ খেলুৱৈসকলে ইউ এ ইৰ বাণিজ্যিক মহানগৰীখনত অৱতৰণ কৰে৷
বিমানবন্দৰত বাধ্যতামূলক ক’ভিড টেষ্ট সম্পন্ন হোৱাৰ পিছত খেলুৱৈ আৰু কর্মকর্তাসকলক সুৰক্ষা আবেষ্টনীৰ মাজেৰে হোটেললৈ লৈ যোৱা হয়৷ অনাগত ছদিন তেওঁলোকে হোটেলৰ কোঠাত আবদ্ধ হৈ থাকিব লাগিব৷ বাধ্যতামূলক ছদিনৰ কোৱাৰেণ্টাইনৰ সময়ছোৱাত প্রতিগৰাকী খেলুৱৈ আৰু দলীয় কর্মকর্তাই তিনিটাকৈ ক’ভিড টেষ্টৰ সন্মুখীন হ’ব লাগিব৷ টেষ্টৰ ফলাফল নিগেটিভ অহাৰ পিছত তেওঁলোকে অনুশীলনৰ অনুমতি পাব৷ উল্লেখ্য যে যোৱা ২০ আগষ্টত আই পি এলৰ প্রথমটো দল হিচাপে ডুবাইত অৱতৰণ কৰিছিল কিংছ ইলেভেন পঞ্জাবে৷ ইয়াৰ কিছু সময় পিছতে ইউ এ ইত উপস্থিত হৈছিল ৰাজস্থান ৰয়েলছ৷ পৰৱর্তী দুদিনত মুম্বাই ইণ্ডিয়ানছ, কলকাতা নাইট ৰাইডার্ছ, ৰয়েল চেলেঞ্জার্ছ বাংগালুৰু আৰু চেন্নাই ছুপাৰ কিংছৰ খেলুৱৈসকল ডুবাইত উপস্থিত হয়৷ উল্লেখ্য যে ছানৰাইজার্ছ হায়দৰাবাদ দলৰ সৈতে আজি নেট বলাৰ হিচাপে ডুবাইলৈ গৈছে অসম সন্তান মুখতাৰ হুছেইন৷