নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খুড়ীয়েক-ভতিজাকৰ পৰকীয়া প্রেমঃ ছিপাঝাৰৰ কুৰুৱাত লোমহর্ষক হত্যাকাণ্ড

নিয়মীয়া বাৰ্তা, ২৪ আগষ্টঃ ছিপাঝাৰৰ কুৰুৱাত সংঘটিত লোমহর্ষক হত্যাকাণ্ডত অভিযুক্তৰ ঘৰ দেওবাৰে সন্ধিয়া উত্তেজিত জনতাই জ্বলাই দিয়ে৷ জানিব পৰা মতে, ঘটনাটোৰ আঁৰত আছে পৰকীয়া প্রেম৷ পত্নীৰ লগত অবৈধভাৱে সম্পর্ক চলাই নিয়াৰ বাবেই স্বামীয়ে হত্যা কৰি পুতি থৈছিল কুৰুৱা অঞ্চলৰ বমনৰ টেগ বাহাদুৰ চার্কিক৷ শনিবাৰে পুতি থোৱা অৱস্থাৰ পৰা মৃতদেহ উদ্ধাৰ কৰাৰ পিছৰে পৰা আৰক্ষীয়ে ক্ষিপ্রগতিত তদন্ত চলাই ইতিমধ্যে মূল অভিযুক্ত হস্ত বাহাদুৰ চার্কিক গ্রেপ্তাৰ কৰিছে৷ ইয়াৰ পিছতে পোহৰলৈ আহিছে এই শিহৰণকাৰী ঘটনাৰ আঁৰৰ কাহিনী৷

উল্লেখ্য যে বৃহস্পতিবাৰৰ পৰাই নিখোজ হৈ থকা বমন পথাৰৰ টেগ বাহাদুৰ চার্কিৰ মৃতদেহটি টুকুৰাটুকুৰ কৰি বস্তাত বান্ধি পুতি থোৱা অৱস্থাত কালি উদ্ধাৰ কৰিছিল আৰক্ষীয়ে৷ সাত টুকুৰা কৰি পুতি থোৱা মৃতদেহটি উদ্ধাৰ হোৱাৰ পিছত অঞ্চলজুৰি সৃষ্টি হয় চাঞ্চল্যৰ৷ অৱশ্যে ঘটনাৰ লগত হস্তবাহাদুৰ চার্কি আৰু দুই ভ্রাতৃ জডিত থাকিব পাৰে বুলি পূর্বৰে পৰা সন্দেহ কৰিছিল স্থানীয় লোকে৷ আনকি হত্যাৰ বলি হোৱা যুৱকজনৰ পৰিয়ালৰ তৰফৰ পৰাও আৰক্ষীক দিয়া এজাহাৰত নাম উল্লেখ কৰিছিল ভ্রাতৃত্রয়ৰ৷ যাৰ বাবে ছিপাঝাৰ আৰক্ষীয়ে নিশাই হস্ত বাহাদুৰ চার্কিক গ্রেপ্তাৰ কৰাত পোহৰলৈ আহে সমস্ত কাণ্ড৷

উল্লেখ্য যে হস্ত বাহাদুৰ চার্কিৰ পত্নীৰ সৈতে এক দীর্ঘদিনীয়া অবৈধ প্রেমৰ সম্পর্ক আছিল সম্পর্কীয় ভতিজাক টেগ বাহাদুৰ চার্কিৰ৷ সেই লৈ পূর্বৰে পৰা সংঘাত আছিল খুৰাক–ভতিজাকৰ মাজত৷ ঘটনাৰ নিশা হস্ত বাহাদুৰৰ জ্যেষ্ঠ ভ্রাতৃৰ ঘৰত অনুষ্ঠিত মাংগলিক অনুষ্ঠানত অংশ লৈ ওভতাৰ সময়তে নিজৰ ঘৰৰ সমীপত টেগ বাহাদুৰে চোপ লৈ থকাটো প্রত্যক্ষ কৰি ক্রোধান্বিত হৈ পৰে হস্ত বাহাদুৰ৷ পূর্বৰে পৰাই সংসাৰত অশান্তি দি অহাৰ পিছত পুনৰ চোপ লৈ থকা দেখি ঘৰৰ পৰা লোৰ চাবল এডাল আনি পিছমূৰত প্রচণ্ড আঘাত কৰে আৰু থিতাতে নিহত হয় টেগ বাহাদুৰ৷ কিন্তু মৃতদেহটো অকলেই নিৰাপদ দূৰত্বলৈ নিবলৈ অসমর্থ হোৱাৰ বাবে দা এখনেৰে সাত টুকুৰা কৰি দুবাৰত লৈ যায় পাহাৰৰ ওপৰলৈ৷ লক্ষণীয় যে পাহাৰত আলু খান্দোতে সৃষ্টি হোৱা এটা গাঁতত খণ্ড–বিখণ্ড টুকুৰাকেইটা বস্তাত বান্ধি পুতি থয়৷

ইফালে টেগ বাহাদুৰ ৰহস্যজনকভাৱে নিখোজ হোৱাৰ পিছত স্থানীয় ৰাইজে নিজাকৈও বিচাৰ–খোচাৰ আৰম্ভ কৰিছিল৷ সেইনুসৰি পাহাৰত প্রথমে টেগবাহাদুৰৰ ম’বাইল ফোনৰ কভাৰ উদ্ধাৰ হয়৷ অলপ বিচাৰ–খোচাৰ কৰাত এটুকুৰা ৰছীও পায়৷ লগে লগে সন্দেহ গাঢ় হোৱাত ভালকৈ বিচৰাত নতুনকৈ মাটি দিয়া গাঁত এটা প্রত্যক্ষ কৰি অলপ খান্দোতেই বস্তাৰ অংশ দেখি আৰক্ষীক খবৰ দিয়াত কালি বিয়লি আৰক্ষীয়ে উদ্ধাৰ কৰে সাত টুকুৰা কৰি পুতি থোৱা মৃতদেহটো৷ ইপিনে আৰক্ষীয়ে হস্ত বাহাদুৰৰ লগতে পত্নীকো গ্রেপ্তাৰ কৰিছে৷ অৱশ্যে সমগ্র পাশৱিক কার্যটো হস্তবাহাদুৰে অকলেই সংঘটিত কৰা বুলি প্রকাশ কৰিলেও এজাহাৰত নাম থকা হস্ত বাহাদুৰৰ দুই ভ্রাতৃ ধ্রুৱলাল চার্কি আৰু ধনবাহাদুৰ চার্কি ঘটনাৰ লগত কেনেকৈ জডিত সেয়া তদন্তৰ আওতাত ৰাখিছে আৰক্ষীয়ে৷ ইফালে পৰকীয়া প্রেমৰ পৰিণতিতে এনে এটা ভয়াৱহ ঘটনা সংঘটিত হোৱাৰ পিছত সমগ্র কুৰুৱা অঞ্চলত সৃষ্টি হৈছে তীব্র চাঞ্চল্য৷

আনকি বিগত কিছুদিনত ধাৰাবাহিকভাৱে অঞ্চলটোত সংঘটিত হৈ অহা হত্যাৰ দৰে পাশৱিক ঘটনা সংঘটিত হৈ অহাৰ পিছত উদ্বিগ্ন হৈ পৰিছে ৰাইজ৷ লক্ষণীয় যে চলিত মাহৰ ভিতৰত কুৰুৱাত এইটো দ্বিতীয়টো হত্যাৰ ঘটনা৷ মাত্র কেইদিনমান পূর্বে দিন–দুপৰতে এজন লোকক ঘপিয়াই হত্যা কৰিছিল একেটা চুবুৰিৰে এজন লোকে৷ যাৰ বাবে কুৰুৱাবাসীয়ে দীর্ঘদিনৰ পৰা অঞ্চলবাসীয়ে এখন পূর্ণ পর্যায়ৰ আৰক্ষী চকী স্থাপনৰ বাবে জনাই অহা দাবীটো দেওবাৰে পুনৰ সজোৰে কর্তৃপক্ষৰ দৃষ্টি আকর্ষণ কৰিছে৷

 

অধিক পঢ়কঃ

ব্ৰইলাৰ বেছিকৈ খাই নেকি… কমিব পাৰে ৰোগ প্ৰতিৰোধী ক্ষমতা

You might also like