নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্ৰইলাৰ বেছিকৈ খাই নেকি… কমিব পাৰে ৰোগ প্ৰতিৰোধী ক্ষমতা

নিয়মীয়া বাৰ্তা ২৬ আগষ্টঃ ব্ৰইলাৰ মাংস সকলোৰে প্ৰিয় খাদ্য। বহু লোকৰ হয়তো ৰাতি বা দিনৰ সাঁজৰ লগত মাংস নহ’লে পেটলৈ ভাত নাযায়। কিন্তু শেহতীয়াকৈ এক গৱেষণাত প্ৰকাশ পাইছে ব্ৰইলাৰ মাংসক লৈ কিছু তথ্য, যি তথ্যই ব্ৰইলাৰ মাংসই আপোনাৰ জীৱনলৈ ভয়াৱহ বিপদ মাতি অনাৰ ইংগিত বহন কৰে।

ব্ৰইলাৰ মাংসৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাত অধিক লাভৰ বাবে একাংশ ব্ৰইলাৰ ব্যৱসায়ীয়ে অত্যধিক এণ্টিবায়’টিক ব্যৱহাৰ কৰা দেখা গৈছে। এই মাংসৰ জৰিয়তে মানুহৰ দেহত অত্যধিক আৰু অপ্ৰয়োজনীয় এণ্টিবায়’টিক সোমাইছে। শেহতীয়াকৈ THE STUDY BY THE CENTERER FOR SCIENCE AND ENVIRONMENTS ৰ দ্বাৰা এক গৱেষণাত দেখা গৈছে যে ব্ৰইলাৰ ফাৰ্মবোৰত ৬ বিধ এণ্টিবায়’টিক ব্য়ৱহাৰ কৰে। এইবোৰ হৈছেঃ OXYTETRACYCLINE, CHLORTETRACYCLINE, DOXYCYCLINE, ENROFLOXACIN, CIPROFLOXACIN আৰু NEOMYCINE। সাধাৰণতে এই এণ্টিবায়’টিকবোৰ ব্ৰইলাৰ মুৰ্গীৰ কিবা ৰোগ হ’লেহে ব্যৱহাৰ কৰা হয়।

গতিকে আমাৰ দেশৰ মানুহৰ শৰীৰত এনে ধৰণৰ এণ্টিবায়’টিক ব্ৰইলাৰ মাংসৰ দ্বাৰা অপ্ৰয়োজনীয়ভাৱে সোমাই আছে। ইয়াৰ বাবে ক্ৰমশঃ মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পাই আহিছে।
এনে অৱস্থাত সাধাৰণ অসুখৰ লগতো শৰীৰে যুঁজ কৰাৰ সামৰ্থ্য হেৰুৱাই পেলাইছে।

উল্লেখ্য যে ইউৰোপৰ দেশসমূহত পশু-পক্ষীক এণ্টিবায়’টিক দিয়াটো দণ্ডনীয় অপৰাধ । কিন্তু আমাৰ দেশত এনেধৰণৰ আইন নাই বাবে কেৱল মুনাফা লাভৰ একাংশ অসাধু ব্যৱসায়ীয়ে এণ্টিবায়’টিক ব্যৱহাৰ কৰা দেখা গৈছে। যি জনস্বাস্থ্যৰ বাবে তীব্ৰ ভাবুকিস্বৰূপ।

You might also like