নিয়মীয়া বাৰ্তা, ২৪ আগষ্টঃ গুৱাহাটীবাসীৰ দীর্ঘদিনীয়া এটা আশা পূৰণ হ’ল। ব্রহ্মপুত্র ওপৰেৰে গুৱাহাটী–উত্তৰ গুৱাহাটী সংযোগী ৰ’পৱে’ আনুষ্ঠানিকভাৱেমুকলি কৰে বিত্ত মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই। ১,৮২০ মিটাৰ দৈর্ঘ্যৰ এই ৰ’পৱে’টো হৈছে নদীৰ ওপৰত নির্মাণ কৰা দেশৰ ভিতৰত দীর্ঘতম ৰ’পৱে’৷ এই ৰ’পৱে’ৰে এবাৰত ৩৫জন যাত্রীয়ে যাত্রা কৰিব পাৰিব৷
ৰোপৱে’ৰে যাত্রা কৰাৰ বাবদ প্রতিগৰাকী যাত্রীয়ে এবাৰত ৬০ টকা আদায় দিব লাগিব৷ একোজন যাত্রীয়ে অহা–যোৱাৰ বাবদ ১০০ টকা ভাৰা আদায় দিব লাগিব৷ ৰ’পৱে’ৰে যাত্রীসকলে ৮ৰ পৰা ১০ মিনিটৰ ভিতৰত ব্রহ্মপুত্র পাৰ হ’ব পাৰিব৷
উল্লেখ্য যে ৰ’পৱে’ নির্মাণ সম্পূর্ণ হোৱাৰ পিছতো লকডাউনৰ বাবে মুকলি কৰিব পৰা নাছিল৷ যাত্রীসকলৰ সুৰক্ষাৰ দিশটোৰ প্রতি লক্ষ্য ৰাখি ৰোপৱে’ত চিচি কেমেৰা ব্যৱস্থা কৰা হৈছে বুলি জিএমডিএ কর্তৃপক্ষই জানিবলৈ দিছে৷
সমীৰ দামোদৰ ৰ’পৱে’ প্রাইভেট লিমিটেড নামৰ প্রতিষ্ঠানটোৱে নির্মাণ কৰি উলিওৱা এই ৰোপৱে’ৰ কেবিন যোগান ধৰিছে ছুইজাৰলেণ্ড গানগ্ল’ভ কেবিন নামৰ কোম্পানীটোৱে৷ ৰ’পৱে’ৰ সুৰক্ষা সম্পর্কীয় প্রমাণ–পত্র দিছে গাৰাভেণ্টা এ জি নামৰ প্রতিষ্ঠানটোৱে৷ প্রায় ৫৬ কোটি টকা ব্যয়েৰে নির্মাণ কৰি উলিওৱা হৈছে।