নিয়মীয়া বাৰ্তা, ২৪ আগষ্টঃ দেশৰ ৰাজধানী নতুন দিল্লীত আত্মঘাতী আক্রমণৰ পৰিকল্পনাকাৰী ধৃত আইছিছ মুস্তাকিম খান ওৰফে আবু ইউছুফক জেৰা কৰাত ন ন বিস্ফোৰক তথ্য পোহৰলৈ আহিছে৷ অনুসন্ধান ক্ষিপ্রতৰ কৰি তোলা দিল্লী আৰক্ষীৰ বিশেষ শাখাই ধৃত আইছিছ আবু ইউছুফৰ উত্তৰ প্রদেশৰ বাসগৃহত তালাচী অভিযান চলাই বৃহৎ পৰিমাণৰ অস্ত্র–শস্ত্র জব্দ কৰে৷ দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ অভিযানকাৰী দলটোৱে আজি আইছিছ ইউছুফৰ বলৰামপুৰ জিলাৰ বাধ্য বাকচাই গাঁৱৰ বাসগৃহত অভিযান চলোৱাত কুখ্যাত সন্ত্রাসবাদী সংগঠন আইছিছৰ পতাকাৰ লগতে আত্মঘাতী জেকেটকে ধৰি বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্রী উদ্ধাৰ কৰে৷
উল্লেখ্য যে যোৱা শুকুৰবাৰে নিশা বিক্ষিপ্ত সংঘর্ষৰ পিছত দিল্লী আৰক্ষীয়ে গ্রেপ্তাৰ কৰা আইছিছ ইউছুফক আদালতে সাত দিনৰ জিম্মাত দিয়াৰ পিছত কালি নিশা দুর্ধর্ষ আইছিছ ইউছুফক লৈ আৰক্ষীৰ দল উত্তৰ প্রদেশত উপস্থিত হয়৷ ইতিপূর্বে আইছিছ ইউছুফৰ গাঁওখন সম্পূর্ণৰূপে ঘেৰাও কৰি ৰাখি গাঁওবাসীৰ চলাচলত উত্তৰ প্রদেশৰ সন্ত্রাসবিৰোধী গোটে প্রতিবন্ধকতা লগায়৷ ইয়াৰ পিছতেই আজি পুৱা দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ দলটোৱে উত্তৰ প্রদেশৰ সন্ত্রাসবাদী গোটৰ সহযোগত ধৃত ইউছুফৰ বাসগৃহত অভিযান চলায়৷ এই অভিযানৰ সময়ত দিল্লী আৰক্ষীয়ে ইউছুফৰ বাসগৃহ তথা আইছিছৰ ঘাটিৰ পৰা কুখ্যাত সংগঠনটোৰ পতাকা এখন, তিনিটা বিস্ফোৰক পেকেট, এটা মুগা ৰঙৰ জেকেট, চাৰিটা বিস্ফোৰক পেকেটসহ নীলা ৰঙৰ চেক থকা জেকেট, তিনি কেজি বিস্ফোৰকসহ এডাল চামৰাৰ বেল্ট, চাৰিটা পৃথক পলিথিনত মুঠ ৮–৯ কেজি বিস্ফোৰক, টেপেৰে বিস্ফোৰক আৰু বৈদ্যুতিক তাঁৰ সংযুক্ত কৰি ৰখা তিনিটা চিলিন্দ্রিকেল মেটেল বক্স, বল বিয়াৰিং আঠা লগাই থোৱা দুটা চিলিন্দ্রিকেল মেটেল বক্স, এটা কাঠৰ ভঙা বাকচ, বিভিন্ন আকৃতিৰ ৩০টা বল বিয়াৰিং, বল বিয়াৰিঙৰ ১২টা সৰু বাকচৰ এটা পেকেট, দুটা ৪ ভ’ল্টৰ লিথিয়াম বেটাৰী, ৯ ভ’ল্টৰ এটা লিথিয়াম বেটাৰী, দুটা চিলিন্দ্রিকেল মেটেল বক্স, হালধীয়া ৰঙৰ এটা এম্পিয়াৰ মিটাৰ, দুয়োফালে বৈদ্যুতিক তাঁৰেৰে সংযুক্ত সমান্তৰালভাৱে বান্ধি ৰখা দুখন আইৰন ব্লেড, এখন ৱাৰ কাটাৰ, দুটা ম’বাইল চার্জাৰ, বৈদ্যুতিক তাঁৰ সংলগ্ণ টেবুল এলার্ম ঘড়ী আৰু এটা ব্লেক কালাৰ টেপ৷ বিস্ফোৰণৰ বাবে প্রয়োজনীয় সকলো সামগ্রীয়েই এই অভিযানত ধৃত আইছিছৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰে৷
তাৎপর্যপূর্ণ যে বিস্ফোৰকৰ পেকেট থকা জেকেট দুটা অর্থাৎ আত্মঘাতী জেকেট দুটা আক্রমণৰ বাবে সম্পূর্ণ সাজু হৈ আছিল৷ উদ্ধাৰকাৰী আৰক্ষীৰ দলটোৱে এই জেকেট দুটাৰ পৰা নিৰাপদে বিস্ফোৰণ পেকেটসমূহ আটক কৰে৷ উল্লেখ্য যে ১৫ আগষ্টত ৰাজধানী দিল্লীত ভয়ংকৰ আত্মঘাতী আক্রমণৰ পৰিকল্পনা কৰা আইছিছৰ সদস্য ইউছুফে অযোধ্যাতো আক্রমণৰ পৰিকল্পনা কৰিছিল৷ বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্রীসহ আত্মঘাতী জেকেট এই আক্রমণৰ বাবে সাজু কৰি ৰাখিছিল ইউছুফে৷ আৰক্ষীৰ সন্মুখত দিয়া স্বীকাৰোক্তি মতে, ধৃত ইউছুফে দিল্লীৰ লগতে অযোধ্যাতো আত্মঘাতী আক্রমণৰ পৰিকল্পনা কৰিছিল৷
উল্লেখ্য যে দিল্লীৰ ধাউলা কুৱানৰ পৰা গ্রেপ্তাৰ কৰা আইছিছ ইউছুফৰ পৰা কালি ১৫ কিলোগ্রাম বিস্ফোৰকসহ দুটা প্রেছাৰ কুকাৰ আইডি উদ্ধাৰ কৰিছে৷ ইয়াৰ লগতে কুখ্যাত ইউছুফৰ পৰা এটা পিষ্টলো উদ্ধাৰ কৰিছে আৰক্ষীয়ে৷ আৰক্ষীয়ে প্রকাশ কৰা মতে, পত্নী আৰু চাৰি সন্তান থকা ইউছুফে আইছিছৰ কমাণ্ডাৰ ইউছুফ আলহিন্দী আৰু আবু হুফাজাৰ সৈতে প্রত্যক্ষ যোগাযোগত আছিল৷ আলহিন্দী ছিৰিয়াত নিহত হোৱাৰ বিপৰীতে আবু হুফাজা আফগানিস্তানত ড্রোন আক্রমণত নিহত হৈছিল৷ সম্প্রতি আইছিছৰ সৈতে অহৰহ সম্পর্ক ৰক্ষা কৰি চলা ধৃত ইউছুফৰ দিল্লী আৰু অযোধ্যাৰ আক্রমণৰ পৰিকল্পনা আৰক্ষীয়ে ব্যর্থ কৰিবলৈ সক্ষম হ’লেও দেশজুৰি ইউছুফৰ নেটৱর্ক চিনাক্ত কৰিবলৈ অনুসন্ধান চলাই আছে৷