প্রথম দিনাই ৬৪৫জন যাত্রীয়ে কৰিলে অহা–যোৱা
নিয়মীয়া বাৰ্তা ২৬ আগষ্টঃ দীর্ঘদিনীয়া প্রতীক্ষাৰ অন্তত কালি আনুষ্ঠানিকভাৱে গুৱাহাটী–উত্তৰ গুৱাহাটী সংযোগী ৰ’পৱে উদ্বোধন কৰা হয়৷ আজি প্রথম দিনাই ৰ’পৱেত উঠিবলৈ মহানগৰবাসীয়ে ভিৰ কৰা পৰিলক্ষিত হয়৷ নদীৰ ওপৰত নির্মাণ কৰা গুৱাহাটী–উত্তৰ গুৱাহাটী সংযোগী দেশৰ দীর্ঘতম ৰ’পৱেত প্রথম দিনাই সর্বমুঠ ৬৪৫জন যাত্রীয়ে অহা–যোৱা কৰে৷ জিএমডিএ কর্তৃপক্ষই জানিবলৈ দিয়া মতে, ৪৮০জন যাত্রীয়ে গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ আৰু ১৬৫জন যাত্রীয়ে উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটীলৈ ৰ’পৱেৰে যাত্রা কৰে৷ প্রায় ৫৬ কোটি টকা ব্যয়েৰে নির্মাণ কৰা ৰ’পৱেত প্রথম দিনাই যাত্রীৰ পৰা ৬১ হাজাৰ টকা ৰাজহ সংগহ হয়৷ যাত্রীৰ ভিৰৰ প্রতি লক্ষ্য ৰাখি কাইলৈৰ পৰা ৫০০জন যাত্রীকহে ৰ’পৱেৰে অহা–যোৱা কৰিবলৈ দিব বুলি জিএমডিএৰ কর্তৃপক্ষই জানিবলৈ দিছে৷ ক’ভিড–১৯ৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি এই ব্যৱস্থা গ্রহণ কৰা হৈছে৷