নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জটিল সময়ত কেতিয়াও বিচলিত হোৱা নাছিল ধোনী: ব্রেভো

নিয়মীয়া বাৰ্তা, ২৮ আগষ্টঃ জটিল সময়ত মহেন্দ্র সিং ধোনী কেতিয়াও শংকিত নহৈছিল আৰু সকলো চাপ তেওঁ সুন্দৰভাৱে নিয়ন্ত্রণ কৰিব পাৰিছিল৷ এই মন্তব্য আগবঢ়াইছে ধোনীৰ চেন্নাই ছুপাৰ কিংছৰ সতীর্থ তথা কেৰিবিয়ান তাৰকা ড’ৱেইন ব্রেভোৱে৷ যোৱা ১৫ আগষ্টৰ সন্ধিয়া বিশ্বৰ অগণন ক্রিকেট অনুৰাগীক হতচকিত কৰি আন্তঃৰাষ্ট্রীয় ক্রিকেটক বিদায় জনোৱা কেৰিবিয়ান অলৰাউণ্ডাৰগৰাকীয়ে কয় যে খেলুৱৈ হিচাপে ধোনী অত্যন্ত দক্ষ আৰু চতুৰ আছিল৷ যিকোনো পৰিস্থিতিত তেওঁ চাপ নিয়ন্ত্রণ কৰিব পাৰিছিল আৰু সঠিক সিদ্ধান্ত লোৱাৰ ক্ষেত্রত কেতিয়াও বিচলিত হোৱা নাছিল৷ ‘চেন্নাই ছুপাৰ কিংছত মই ধোনীৰ সৈতে যথেষ্ট সময় পাৰ কৰিছোঁ৷ চাপ নিয়ন্ত্রণ কৰাৰ ক্ষেত্রত তেওঁ পাকৈত আছিল৷ জটিল সময়ত তেওঁ খেলুৱৈসকলৰ মনোবল আৰু আত্মবিশ্বাস বৃদ্ধি কৰিব পাৰিছিল৷’ ব্রেভোৱে এইদৰে কয়৷

উল্লেখ্য যে সম্প্রতি কেৰিবিয়ান প্রিমিয়াৰ লীগত ব্যস্ত থকা তাৰকাগৰাকীয়ে অহা ১৯ ছেপ্ঢেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া আই পি এলত চেন্নাই ছুপাৰ কিংছৰ হৈ খেলপথাৰত নামিব৷

You might also like