বদৰুদ্দিন আজমল
অসম বিধানসভাৰ নির্বাচন ওচৰ চাপি অহাৰ লগে লগে আৰু বিশেষকৈ কংগ্রেছে বদৰুদ্দিন আজমলৰ দলটোৰ লগত নির্বাচনী মিত্রতা কৰাৰ পিছত বদৰুদ্দিন আজমল তেওঁৰ প্রতিদ্বন্দ্বী ৰাজনৈতিক নেতাসকলৰ তীব্র আক্রমণৰ লক্ষ্য হৈ পৰিছে৷ ই নিতান্তই স্বাভাৱিক কথা৷ তাত আপত্তি কৰিবলগীয়া কথা একো নাই৷ এটা জনপ্রিয় ইংৰাজী পটন্তৰ মতে যুদ্ধ আৰু প্রেমৰ ক্ষেত্রত অন্যায় আচৰণ বুলি কোনো কথাই থাকিব নোৱাৰে৷ অর্থাৎ সেই দুটা ক্ষেত্রত সকলো ধৰণৰ আচৰণেই গ্রহণযোগ্য৷ ক্ষমতাৰ কাৰণে হোৱা যুদ্ধও এক প্রকাৰৰ ক্ষমাহীন যুদ্ধ, আৰু সেই যুদ্ধত প্রতিপক্ষক পৰাস্ত কৰিবৰ কাৰণে সকলো প্রকাৰৰ ৰণকৌশল প্রয়োগ কৰিব লগা হোৱাটো অনুমোদনৰ যোগ্য৷
কিন্তু সকলো কথাৰেই এটা সীমা থকাৰ দৰে এই কথাৰো নিশ্চয় এটা সীমা আছে বা থকা উচিত৷ সেয়ে নোহোৱা হ’লে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত নুৰেমবার্গ বিচাৰ অনুষ্ঠিত নহ’লহেঁতেন৷ নির্বাচনী যুদ্ধৰ উত্তেজনাত কাৰো মুখৰ পৰা এনেকুৱা কথা ওলাব নালাগে– যিবোৰ কথাই এটা সমগ্র জাতিৰ ঐক্য আৰু সম্প্রীতি বিনষ্ট কৰি জাতিটোৰ স্থায়ী ক্ষতিসাধন কৰিব পাৰে৷
অসমৰ মুঠ জনসমষ্টিৰ প্রায় এক চতুর্থাংশ মুছলমান৷ তেওঁলোকৰ ভিতৰত ব্রহ্মপুত্র উপত্যকাৰ স্থায়ী অধিবাসীত পৰিণত হোৱা প্রায় এশ শতাংশ মুছলমানেই নিজকে অসমীয়া বুলি ঘোষণা কৰিছে আৰু সেই ঘোষণাৰ আন্তৰিকতা কার্যক্ষেত্রত সত্য বুলি প্রমাণ কৰি দেখুৱাইছে৷ এই কথাও সত্য যে চন্দ্র–সূর্য থকালৈকে এই মানুহবোৰ অসমতেই থাকিব, থাকিব লাগিব, আৰু এই কথাও সত্য যে ৰাজ্যখনৰ মুঠ জনসমষ্টিৰ এক চতুর্থাংশ মানুহক শত্রু কৰি লৈ বাকী মানুহখিনি কোনোদিনেই সুখ–শান্তিত থাকিব নোৱাৰিব৷ ‘ওলাই দেখিবা যাক, শত্রু নাভাবিবা তাক৷’ নির্বাচন আহিব আৰু যাব, কিন্তু মানুহবোৰ য’তে আছে তাতেই থাকিব– চিৰকাল৷ এনে এটা আপ্ত বাক্য আছে যে সাধাৰণ ৰাজনীতিকে চিন্তা কৰে কেৱল পৰৱর্তী নির্বাচনৰ কথা, কিন্তু প্রকৃত ৰাষ্ট্রনেতাই চিন্তা কৰে পৰৱর্তী প্রজন্মৰ কথা৷ কেৱল পৰৱর্তী নির্বাচনৰ কথা চিন্তা কৰি কোনেও জাতিটোৰ সমগ্র ভৱিষ্যৎ বিপন্ন কৰা উচিত নহয়৷
ঠিক সেইদৰে উচিত নহয় কেৱল নির্বাচনৰ জয়–পৰাজয়ৰ কথা চিন্তা কৰি বদৰুদ্দিন আজমলক এক বিশেষ পক্ষপাতদুষ্ট দৃষ্টিকোণৰ পৰা চোৱাটো৷ সকলো মানুহেই নিজৰ মুক্ত বিচাৰবুদ্ধি আৰু হিতাহিত জ্ঞান প্রয়োগ কৰি মানুহজনৰ কার্যকলাপ বিচাৰ কৰি চাব পাৰে৷ মই নিজে বদৰুদ্দিন আজমলক বিচাৰ কৰিবলৈ কোনটো দৃষ্টিকোণ ব্যৱহাৰ কৰিছোঁ তাৰ আভাস তলত দিলোঁ৷ কোনোবাই যুক্তিসহকাৰে মোৰ বিচাৰ ভুল বুলি প্রমাণ কৰিব পাৰিলে মই তৎক্ষণাত মোৰ মত সলনি কৰিবলৈ সাজু হৈ থাকিম৷
২০০৬ চনৰ বিধানসভা নির্বাচনৰ মাত্র কেইদিনমানৰ আগতে তেতিয়াৰ মুখ্যমন্ত্রী তৰুণ গগৈয়ে এটা প্রশ্ণ উত্থাপন কৰিছিল ঃ হু ইজ বদৰুদ্দিন? বদৰুদ্দিন আজমলে তেতিয়া নিজৰ দল গঠন কৰি নির্বাচনত অৱতীর্ণ হ’বলৈ প্রস্তুত হৈছিল৷ তৰুণ গগৈৰ প্রশ্ণত আজমলৰ প্রতি আছিল বিদ্রূপ আৰু অৱজ্ঞা৷ কিন্তু ২০০৯ চনৰ লোকসভা নির্বাচনৰ ফলাফল ওলোৱাৰ লগে লগে সেই প্রশ্ণ সমূলি তল পৰিল৷ হু ইজ বদৰুদ্দিন– এই প্রশ্ণৰ উত্তৰত অসমৰ মানুহে জানিলে যে লোকসভা নির্বাচনত সর্বাধিক ভোটত জয়ী হোৱা মানুহজন হ’ল বদৰুদ্দিন আজমল৷ কংগ্রেছৰ মুছলমান সমর্থন ২৫ শতাংশ কমাৰ বিপৰীতে, ৫৩ শতাংশ মুছলমান সমর্থন আকৃষ্ট কৰি তৰুণ গগৈৰ ভাষাতে অসমৰ ৰাজনীতিত এটা নতুন গুৰুত্বপূর্ণ ফেক্টৰ হোৱা মানুহজন হ’ল বদৰুদ্দিন আজমল৷ লোকসভা নির্বাচনৰ পিছত কংগ্রেছ হাইকমাণ্ডৰ দ্বাৰা দিল্লীলৈ বিশেষভাৱে নিমন্ত্রিত হোৱা অসমৰ প্রথমজন সাংসদ হ’ল বদৰুদ্দিন আজমল৷
২০০৬ চনত তৰুণ গগৈয়ে হু ইজ বদৰুদ্দিন প্রশ্ণ উত্থাপন কৰাৰ পিছৰে পৰা বদৰুদ্দিন আজমলে কংগ্রেছৰ লগত মিত্রতা স্থাপন কৰিবলৈ কৰা বাৰম্বাৰ প্রয়াস একমাত্র তৰুণ গগৈয়ে ব্যর্থ কৰি আহিছিল৷ কিন্তু সেই একেজন তৰুণ গগৈয়ে আগন্তুক নির্বাচনৰ কথা চিন্তা কৰি বদৰুদ্দিন আজমলক মিত্র অৰু সুহূদ বুলি আঁকোৱালি লৈছে৷ তাকে কৰি তৰুণ গগৈয়ে এই আপ্ত বাক্যটো সত্য বুলি প্রমাণ কৰি দেখুৱালে যে ৰাজনীতিত কোনো স্থায়ী বন্ধু বা স্থায়ী শত্রু থাকিব নোৱাৰে৷ থাকিব পাৰে কেৱল স্থায়ী স্বার্থ৷
গণতান্ত্রিক পদ্ধতিৰে নির্বাচিত হোৱা বদৰুদ্দিন আজমলৰ দলটোৱে এবাৰ অসম বিধানসভাত প্রধান বিৰোধী দল হোৱাৰ গৌৰৱ অর্জন কৰিছিল৷ এতিয়াও অসমৰ প্রায় এক চতুর্থাংশ মানুহে তেওঁক নেতা বুলি স্বীকাৰ কৰি লৈছে৷ এনে এজন মানুহক পাকে–প্রকাৰে অসমৰ শত্রু বুলি চিহ্ণিত কৰাৰ চেষ্টা নিশ্চয় এটা ৰাজনৈতিক ভুল বুলি পৰিগণিত হ’ব৷ কাৰোবাৰ দৃষ্টিত বদৰুদ্দিন আজমলৰ কাম–কাজ আৰু কথা–বার্তা অসমৰ স্বার্থৰ পৰিপন্থী বুলি বিবেচিত হ’ব পাৰে৷ সেই ধাৰণাক সত্য বুলি ধৰি ল’লেও তেওঁক প্রতিহত কৰিব লাগিব ৰাজনৈতিকভাৱে গণতান্ত্রিক পদ্ধতিৰে তেওঁকDemonize কৰি নহয়৷
অসমত অসমীয়াভাষী মানুহৰ সংখ্যা বিপজ্জনকভাৱে হ্রাস পাব ধৰিছে৷ ঠিক এই মুহূর্তত অসমৰ অসমীয়াভাষী মানুহৰ সংখ্যা ৪৮ শতাংশতকৈও কম৷ অনুমান হয় যে আগামী বছৰবোৰত অসমীয়াভাষী মানুহৰ সংখ্যা আৰু কিছু হ্রাস পাব পাৰে৷ অর্থাৎ প্রায় আক্ষৰিক অর্থতেই অসমীয়া জাতি এটা বৃহৎ অস্তিত্বৰ সংকটৰ সন্মুখীন হৈছে৷ নানা জোৰা–টাপলি মাৰি আমি নিজৰ অস্তিত্ব ৰক্ষা কৰিবলগীয়া হৈছে৷ একে আষাৰে ক’বলৈ গ’লে অসমত অসমীয়া জাতিৰ সুকীয়া অস্তিত্ব নির্ভৰ কৰিছে আন কেইবাটাও জনগোষ্ঠীৰ সমর্থনৰ ওপৰত৷ এনে পৰিস্থিতিত অসমীয়া সমাজৰ নেতাসকল নিজৰ কথা আৰু কামত অতি সতর্ক হোৱা উচিত৷
এই কথা সকলোৱে জানে যে পাকিস্তানৰ জনক মহম্মদ আলী জিন্না ১৯১৬ চনলৈকে আছিল এজন একনিষ্ঠ জাতীয়তাবাদী কংগ্রেছী নেতা৷ আনকি পাকিস্তানৰ ৰাষ্ট্রপতি হোৱাৰ পিছতো তেওঁ নৱজাত ৰাষ্ট্র পাকিস্তানৰ ৰাষ্ট্রীয় সংগীত ৰচনাৰ দায়িত্ব দিছিল এজন হিন্দুক– জগন্নাথ আজাদক৷ কিন্তু এনে এজন জাতীয়তাবাদী নেতাক কেৱল মুছলমানৰ সাম্প্রদায়িক নেতাত পৰিণত কৰিছিল সেই সময়ৰ একাংশ হিন্দু কংগ্রেছী নেতাৰ মানসিক সংকীর্ণতা, চিন্তাৰ অস্পষ্টতা আৰু হীনমন্যতাৰ ফলত হোৱা ঈর্ষাই৷
বদৰুদ্দিনৰ অসমীয়া ভাষাক লৈও বহুতে ব্যংগ–বিদ্রূপ কৰি তেওঁক দূৰলৈ ঠেলি পঠিয়াবলৈ চেষ্টা কৰি আছে৷ কিন্তু তেওঁ ফকৰুদ্দিন আলী আহমেদতকৈ বহুত বেছি শুদ্ধ আৰু শুৱলা অসমীয়া কয়৷ ধর্ম নিৰপেক্ষতাৰ নামাৱলী পিন্ধা বহুতো কংগ্রেছী মুছলমান নেতাতকৈ বদৰুদ্দিন বেছি ধর্ম নিৰপেক্ষ বুলি মই ভাবোঁ৷ তেওঁ ৰাজহুৱাভাৱে আৰু উদাত্ত কণ্ঠেৰে অসমীয়া ভাষাৰ প্রতি তেওঁৰ নিঃচর্ত আনুগত্য প্রকাশ কৰিছে, আৰু অসমীয়া ভাষাক ৰক্ষা কৰিবলৈ অংগীকাৰ কৰিছে৷ হিন্দু অসমীয়াসকলে ভুল নকৰিলে ফকৰুদ্দিন আলী আহমেদৰ পিছতেই আজমল হৈ উঠিব পাৰে এজন নতুন উদাৰনৈতিক মুছলমান নেতা– যিজনে মুছলমান সমাজত নতুন আশাৰ সঞ্চাৰ কৰাৰ উপৰি সমগ্র অসমবাসীক একতাৰ ডোলেৰে বন্ধাৰ কামত কিছু সহায় কৰিব পাৰে৷ মোৰ ক’বলগীয়া কথা এইটোৱেই যে তেওঁক ৰাজনৈতিকভাৱে প্রতিহত আৰু পৰাস্ত কৰিবলৈ তেওঁৰ প্রতিদ্বন্দ্বীসকলে চেষ্টা কৰি থাকক তাত আপত্তি কৰিবলগীয়া কথা একো নাই৷ কিন্তু তেওঁকDemonize কৰিবলৈ চেষ্টা কৰি অসমৰ বৃহৎসংখ্যক মুছলমানক অসমীয়াৰ শত্রু বুলি সজাবলৈ চেষ্টা কৰিলে সি শেষপর্যন্ত অসমীয়াসকলৰেই অপূৰণীয় ক্ষতি কৰিব পাৰে৷