নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমবাৰীৰ এটা কোঠাত বহি ৰ’ল নিঃসংগ প্রফুল্ল মহন্ত

অগপৰ সাধাৰণ অধিৱেশনক অসাংবিধানিক আখ্যা

 নিয়মীয়া বাৰ্তা ২৮ আগষ্টঃ অসম গণ পৰিষদৰ একাদশ সংখ্যক অধিৱেশনৰ দিনটোত কার্যতঃ নিঃসংগ হৈ ৰ’ল দলটোৰ প্রতিষ্ঠাপক সভাপতি তথা অসমৰ দুটাকৈ কার্যকালৰ মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্ত৷ মহন্তক নিৰস্ত্র কৰি পুনৰ ঢ়োলে–দগৰে অগপৰ সভাপতি পদত অধিষ্ঠিত হ’ল অতুল বৰা৷ এই উছৱমুখৰ পৰিৱেশৰ  মাজতে আমবাৰীৰ মুখ্য কার্যালয়ৰ এটা কোঠাত নীৰৱে বহি ৰ’ল প্রফুল্ল কুমাৰ মহন্ত৷ অগপৰ প্রতিষ্ঠাকালৰ এইগৰাকী প্রবলপ্রতাপী নেতাই কালিৰ দিনটোলৈকে দলৰ ক্ষমতা নিজৰ হাতৰ মুঠিলৈ আনিবলৈ ৰণকৌশল ৰচনাত ব্যস্ত আছিল৷ একে সময়তে মহন্ত বাহিনীক ভেটিবলৈ সর্বশক্তিৰে সাজু হৈ উঠিছিল অতুল বৰাৰ শিবিৰ৷ মূৰকত মহন্তৰ ঘনিষ্ঠ একাংশ নেতা কামৰূপ (ম) দেৱানী আদালতৰ দ্বাৰস্থ হয় আৰু আদালতে বৃহস্পতিবাৰে অধিৱেশনত স্থগিতাদেশ জাৰি কৰে৷ ন্যায়ালয়ৰ নির্দেশৰ পিছত মহন্ত শিবিৰে আশা কৰিছিল যে পূর্বনির্ধাৰিত অধিৱেশনখন বৃহস্পতিবাৰে অনুষ্ঠিত নহ’ব৷ পৰৱর্তী অধিৱেশন অনুষ্ঠিত কৰিবলৈ তেওঁলোকে আৰু অধিক শক্তি গোটাব পাৰিব৷ কিন্তু আদালতৰ নির্দেশৰ প্রতিলিপি নেপোৱাৰ অজুহাতেৰে আজি পুৱাই অগপৰ সাধাৰণ অধিৱেশনখন অনুষ্ঠিত হৈ যায়৷ য’ত সাধাৰণ পৰিষদে অতুল বৰাকে পুনৰ দলৰ সভাপতিৰ দায়িত্ব অর্পণ কৰে৷ সেই সময়তে অগপৰ মুখ্য কার্যালয়ত উপস্থিত হয় প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্ত৷ কার্যালয় কক্ষত অনুষ্ঠিত হৈ থকা অধিৱেশনস্থলীলৈ তেওঁ নগ’ল৷ আদালতৰ নির্দেশৰ প্রতিলিপি হাতত লৈ তেওঁ বহি থাকিল কার্যালয়ৰ এটা কোঠাত অকলশৰে৷ কোনো নেতাই অধিৱেশনলৈ নিমন্ত্রণো নজনালে৷ মহন্তৰ চকুত ফুটি উঠিল অসহায় চাৱনি৷ ক্ষোভেৰে সংবাদ মাধ্যমৰ আগত তেওঁ ক’লে– যিহেতু আদালতে আজিৰ অধিৱেশনত স্থগিতাদেশ জাৰি কৰিছে, সেইবাবেই ন্যায়ালয়ৰ নির্দেশৰ প্রতি সন্মান জনাই অধিৱেশনত অংশগ্রহণ নকৰিলে৷ কেৱল দলীয় সতীর্থসকলক মাত লগাবলৈহে কার্যালয়ত উপস্থিত হোৱা বুলি তেওঁ সদৰী কৰে৷ বৃহস্পতিবাৰৰ অধিৱেশনক অসাংবিধানিক বুলি অভিহিত কৰি তেওঁ লগতে কয় যে অগপৰ সংবিধান অনুসৰি সাধাৰণ অধিৱেশন অনুষ্ঠিত কৰিবলৈ হ’লে এমাহ আগত দলৰ কার্যনির্বাহক বৈঠক অনুষ্ঠিত কৰি সিদ্ধান্ত ল’ব লাগে৷ কিন্তু সেয়া নকৰি সংবিধান উলংঘাৰে  অধিৱেশন অনুষ্ঠিত কৰা হৈছে৷ আইনৰ নির্দেশৰ বিৰুদ্ধে গৈ অগপৰ বর্তমানৰ নেতাসকলে নিজৰ পক্ষত সিদ্ধান্ত লোৱা বুলি মহন্তই মন্তব্য কৰে৷ আনহাতে অধিৱেশনৰ পিছতহে ন্যায়ালয়ৰ নির্দেশ লাভ কৰা বুলি অগপৰ ফালৰ পৰা আগবঢ়োৱা বক্তব্যৰ প্রতিক্রিয়া প্রকাশ কৰি মহন্তই পুনৰ কয় যে উচ্চতম ন্যায়ালয়ৰ শেহতীয়া নির্দেশ মতে ক’ভিডজনিত পৰিস্থিতিৰ বাবে আদালতৰ জাননী ডিজিটেল মাধ্যমত প্রেৰণ কৰিলেও সেয়া গ্রাহ্য কৰা হ’ব৷ গতিকে অগপৰ বর্তমানৰ নেতৃত্বই আগবঢ়োৱা এই যুক্তি কোনো কাৰণতে গ্রহণযোগ্য নহয়৷ অগপৰ নৱনির্বাচিত নেতৃত্বৰ ওপৰত মুকলি বিষোদগাৰ প্রকাশ কৰি প্রাক্তন মুখ্যমন্ত্রীগৰাকীয়ে কয় যে অসমৰ ৰাইজে ৰাষ্ট্রীয় দলৰ ওচৰত আত্মসমর্পণ কৰা আঞ্চলিক দল বিচৰা নাই৷  ‘কা’ই অসম চুক্তিক ম্লান কৰিছে, চুক্তিৰ ৬নং দফাক অৱমাননা কৰিছে, অসম আন্দোলনৰ ৮৫৫গৰাকী শ্বহীদক অপমান কৰিছে৷ ‘কা’ৰ জৰিয়তে বিদেশীক ৰঙা দলিচা পাৰি দিয়াৰ সিদ্ধান্ত ব্যক্তিগত আৰু সাংগঠনিকভাৱে তেওঁ মানি নলয় বুলি উল্লেখ কৰে৷ আমবাৰীত এলাগী হৈ পৰা প্রফুল্ল কুমাৰ মহন্তই ন্যায়ালয়েই এতিয়া অগপ কর্মীৰ ভৰসা হৈ পৰিছে বুলি এক তাৎপর্যপূর্ণ মন্তব্য কৰে৷ তেওঁৰ মতে অগপৰ আজিৰ অধিৱেশন সন্দর্ভত ন্যায়ালয়ে সিদ্ধান্ত ল’ব৷ এনেদৰেই কিছু সময় সংবাদ মাধ্যমৰে বার্তালাপ কৰাৰ পিছত অগপৰ মুখ্য কার্যালয়ৰ পৰা ওলাই ঘৰমুৱা হয় প্রতিষ্ঠাপক সভাপতিগৰাকী৷ মুঠৰ ওপৰত সভাপতিৰ আসন দখল কৰাৰ বাবে সর্বশক্তিৰে ৰণাংগনত নামি পৰা প্রফুল্ল কুমাৰ মহন্তক আজি আমবাৰীত দেখা গ’ল এজন পৰাজিত, নিঃসংগ সৈনিকৰ ৰূপত৷

You might also like