নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বি এল সন্তোষৰ কঠোৰ স্থিতিৰ পিছতে স্তব্ধ হ’ল বিজেপিৰ প্রার্থিত্বকেন্দ্রিক তৎপৰতা

সমষ্টি সলনি কৰিব খোজা বিধায়কক সকীয়নি

নিয়মীয়া বাৰ্তা ২৯ আগষ্টঃ  আগন্তুক বিধানসভা নির্বাচন সন্দর্ভত বিজেপিৰ ৰাষ্ট্রীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষে যোৱা দুটা দিন গুৱাহাটীত বাহৰ পাতি থাকি ৰাজ্যিক বিজেপিক দিয়া নির্দেশ তথা পৰামর্শক লৈ এতিয়া দলটোত চলিছে ব্যাপক চর্চা৷ বিশেষকৈ প্রার্থিত্বকেন্দ্রিক ৰাজনীতিৰ পৰা আঁতৰি থাকিবলৈ দিয়া নির্দেশৰ পিছত প্রার্থিত্বৰ দাবীদাৰ বহু নেতাৰ তৎপৰতা তাৎক্ষণিকভাৱে বন্ধ হৈ পৰিছে৷ উল্লেখ্য যে বিষয়ববীয়া সভাত কালি দলটোৰ ৰাষ্ট্রীয় নেতাজনে স্পষ্ট কৰি দিছিল যে অহা নির্বাচনত একক শক্তিৰে পুনৰ চৰকাৰ গঠনতহে সকলোৱে আত্মনিয়োগ কৰিব লাগিব৷ অহা ডিচেম্বৰ মাহলৈ প্রার্থিত্বৰ বাবে কোনেও তৎপৰতা চলাব নোৱাৰিব৷ ৰাষ্ট্রীয় নেতাজনে একাংশ বিধায়কে সমষ্টি সলনিৰ বাবে আৰম্ভ কৰা কুচকাৱাজক লৈ অসন্তুষ্টি প্রকাশ কৰিছিল৷ সমষ্টি সলনি কৰাতকৈ নির্বাচনৰ পৰা আঁতৰি থকাই শ্রেয়– তেনে বিধায়কসকলৰ প্রতি মন্তব্য কৰে৷ অহা ৪ ছেপ্ঢেম্বৰৰ পৰা হ’বলগীয়া ১০০ দিনীয়া কার্যসূচীত সকলোকে জড়িত হ’বলৈ আহ্বান জনোৱা বি এল সন্তোষে ইয়াৰো ইংগিত দিছে যে ১০০দিনীয়া এই সময়ছোৱাত কোনো নেতাই প্রার্থিত্বৰ বাবে তৎপৰতা দেখুৱালে তেওঁৰ বিৰুদ্ধে পৰিব ঋণাত্মক প্রভাৱ৷ দলৰ এটা শীর্ষ সূত্রই প্রকাশ কৰা মতে অহা নির্বাচনত দলীয় প্রার্থিত্ব যে কেন্দ্রীয় নেতৃত্বৰ ওপৰতে নির্ভৰ কৰিব সেয়া কালি বি এল সন্তোষে স্পষ্ট কৰি দিছে৷ আনহাতে অহা ৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া কার্যনির্বাহক সভাত আন এজন ৰাষ্ট্রীয় নেতা উপস্থিত থকাৰ কথা৷ এই নেতাজনৰ দ্বাৰাও কেন্দ্রীয় নেতৃত্বই নির্বাচনক লৈ কেতবোৰ বিষয়ত স্পষ্ট কৰি দিয়াৰ সম্ভাৱনা আছে৷ ইফালে, এনে প্রস্তুতি আৰু কাম–কাজৰ মাজতে আজি বিজেপিত যোগ দিলে অনুসূচিত জাতি ছাত্র সন্থাৰ ১৭গৰাকীকৈ কেন্দ্রীয় সমিতিৰ বিষয়ববীয়া আৰু অসম নৱনির্মাণ সেনাৰ ২৮গৰাকীকৈ সদস্যই৷ হেঙেৰাবীৰিস্থিতি ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়ত এই সদস্যসকলক বিজেপিলৈ আদৰিলে ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে৷ এই উপলক্ষে আজি এটা অনুষ্ঠানত সভাপতি দাসে কয় যে বর্তমানৰ চৰকাৰখনে সর্বস্তৰতে সর্বব্যাপী কাম কৰিছে৷ যাৰ বাবে সমাজৰ প্রতিজন লোকক চুই যাবলৈ সক্ষম হৈছে৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে শিল্পী–সাহিত্যিক, দিব্যাংগ, অবিবাহিত, স্বামীহাৰা, দৰিদ্র প্রতিজন লোককে আঁকোৱালি লৈ এই লোকসকলৰ উন্নয়নৰ বাবে কাম কৰি গৈছে৷ তেওঁ কয়– ব্যক্তি নির্মাণৰ জৰিয়তে ৰাষ্ট্র নির্মাণৰ নীতি অনুকৰণ কৰা বিজেপিয়ে দলীয় নীতিত আকৃষ্ট হৈ দললৈ অহা সকলোকে আদৰি লৈছে৷ উল্লেখ্য যে আজি বিজেপিত যোগদান কৰাসকলৰ ভিতৰত অন্যতম হ’ল অনুসূচিত ছাত্র সন্থাৰ সদ্য প্রাক্তন কেন্দ্রীয় সভাপতি প্রবীণ বৈশ্য, কেন্দ্রীয় বিষয়ববীয়া কৃষ্ণ বণিয়া, অসম নৱনির্মাণ সেনাৰ বিনোদ বর্মন, কংকণ বর্মন আদি কৰি কেইবাজনো নেতা৷

You might also like