নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড–১৯ৰ কাৰণে স্থগিত নহয় বিহাৰৰ নির্বাচন: ছুপ্রিম ক’ৰ্ট

নিয়মীয়া বাৰ্তা, ২৯ আগষ্টঃ বিহাৰ বিধানসভা নির্বাচন পিছুৱাই দিয়াৰ বাবে দাখিল কৰা আবেদন এখন শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে খাৰিজ কৰে৷ চলিত মহামাৰী ক’ৰোনাৰ বাবে নির্বাচন অনুষ্ঠিত কৰিব নোৱাৰি বুলি সর্বোচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে স্পষ্ট কৰি দিয়ে৷ ন্যায়াধীশ অশোক ভূষণৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে এই কথা স্পষ্ট কৰি দিয়ে যে দেশৰ নির্বাচনী আয়োগে সকলো বিবেচনা কৰিব৷ নির্বাচন আয়োগৰ ক্ষমতাত হস্তক্ষেপ কৰিব নোৱাৰি৷ ন্যায়াধীশ ভূষণৰ নেতৃত্বৰ তিনিজনীয়া বিচাৰপীঠত ন্যায়াধীশ আৰ এছ ৰেড্ডী আৰু এম আৰ শ্বাহ আছে৷

বিচাৰপীঠে কয় যে আমি কিদৰে দেশৰ নির্বাচন আয়োগক নির্বাচন অনুষ্ঠিত কৰিব নালাগে বুলি ক’ব পাৰোঁ৷ ক’ভিড–১৯ নির্বাচন স্থগিত কৰাৰ কাৰণে উপযুক্ত কাৰক হ’ব নোৱাৰে৷ বিধানসভা নির্বাচনৰ নির্দেশনা জাৰি নকৰালৈকে এনেধৰণৰ আবেদন অপৈণত বুলিও কয় বিচাৰপীঠে৷ উল্লেখ্য যে কিছুদিন পূর্বে দেশৰ নির্বাচন আয়োগে নির্বাচন বিধিক লৈ নতুন নির্দেশনা জাৰি কৰিছিল৷ ইয়াৰ পাছতে অবিনাশ ঠাকুৰ নামৰ এজন লোকে উচ্চতম ন্যায়ালয়ত বিহাৰৰ নির্বাচন পিছুৱাই দিব লাগে বুলি আবেদন দাখিল কৰে৷ এই সন্দর্ভত আবেদনৰ শুনানি গ্রহণ কৰি কালি ন্যায়ালয়ৰ বিচাৰপীঠে কয় যে নির্বাচন পিছুৱাই দিয়াৰ কাৰণে ন্যায়ালয়ে নির্দেশ দিব নোৱাৰে আৰু দেশৰ নির্বাচন আয়োগে প্রতিটো পৰিস্থিতিক লৈ এই সন্দর্ভত সিদ্ধান্ত গ্রহণ কৰিব৷ গতিকে এনেধৰণৰ আবেদন কৰিব পৰা নাযায় আৰু আবেদনখন খাৰিজ কৰা হৈছে৷

You might also like