নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনানুষ্ঠানিক পাঠদান, প্রাইভেট স্কুলত প্রযোজ্য নহয় এই ব্যৱস্থা

নিজাববীয়াকৈ সিদ্ধান্ত ল’ব ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহে

নিয়মীয়া বাৰ্তা, ৩০ আগষ্টঃ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে চৰকাৰী শিক্ষানুষ্ঠানসমূহত অহা ১৫ ছেপ্টেম্বৰৰ পৰা অনানুষ্ঠানিক পাঠদান আৰম্ভ কৰাৰ প্রক্রিয়া আৰম্ভ কৰিছে যদিও ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত সেই ব্যৱস্থা চলিব নে নাই, সেয়া সম্পূর্ণৰূপে নির্ভৰ কৰিব ব্যক্তিগত শিক্ষানুষ্ঠান কর্তৃপক্ষৰ ওপৰত৷

জনতা ভৱনত কালি বিয়লি আয়োজিত এখন সংবাদ মেলত শিক্ষমন্ত্রী ড০ শর্মাই এই কথা জানিবলৈ দি কয় যে সেই বিষয়ত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহে নিজাববীয়াকৈ সিদ্ধান্ত গ্রহণ কৰিব৷ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত এই সম্পর্কত নির্দেশ দিয়াৰ অধিকাৰ চৰকাৰৰ নাই৷

একেদৰে শিক্ষানুষ্ঠানসমূহ খোলাৰ বাবে কেন্দ্রীয় চৰকাৰে নির্দেশ নিদিয়া পর্যন্ত ছাত্র–ছাত্রীসকলৰ মাচুল ২৫ শতাংশ হ্রাস কৰিবলৈ ৰাজ্যৰ শিক্ষা বিভাগে দিয়া নির্দেশনা একাংশ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানে মানিবলৈ অস্বীকাৰ কৰাৰ প্রসংগত সাংবাদিকৰ প্রশ্নৰ উত্তৰত মন্ত্রী ড০ শর্মাই কয় যে ইতিমধ্যে উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰাও ২৫ শতাংশ মাচুল হ্রাসৰ ক্ষেত্রত মত পোষণ কৰিছে৷ এনে অৱস্থাত এনে নির্দেশনা কেৱল চৰকাৰৰে নহয়, ন্যায়ালয়ৰ তৰফৰ পৰাও এই বিষয়ত মতামত দিছে৷ এনে অৱস্থাত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহে এই নির্দেশনা মানিবলৈ বাধ্য৷

You might also like