ভার্চুৱেল অনুষ্ঠানত ৰাষ্ট্রপতিৰ পৰা অর্জুন বঁটা ল’লে লাভলীনাই
নিয়মীয়া বাৰ্তা, ৩০ আগষ্টঃ অলিম্পিকলৈ যোগ্যতা অর্জন কৰা অসমৰ প্রথমগৰাকী মহিলা ক্রীড়াবিদ লাভলীনা বৰগোহাঁয়ে আজি ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দৰ পৰা সন্মানীয় অর্জুন বঁটা গ্রহণ কৰে৷ মহামাৰী ক’ভিড–১৯ৰ প্রাদুর্ভাৱৰ বাবে প্রথমবাৰলৈ ভার্চুৱেলী অনুষ্ঠিত ৰাষ্ট্রীয় ক্রীড়া বঁটা প্রদান অনুষ্ঠানত অসমকন্যা লাভলীনাই চণ্ডীগড় ছাই কেন্দ্রৰ পৰা অনুষ্ঠানত অংশগ্রহণ কৰে৷
ৰাষ্ট্রপতি কোৱিন্দে ৰাষ্ট্রপতি ভৱনৰ পৰা ভার্চুৱেলী খেলুৱৈসকলক এই বঁটা আগবঢ়ায়৷ উল্লেখ্য যে গোলাঘাট জিলাৰ বৰপথাৰৰ উদীয়মান বক্সাৰ লাভলীনাই ২০১৮ আৰু ২০১৯ৰ আইবা বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত দেশৰ হৈ একেৰাহে দুটা ব্রঞ্জৰ পদক জয় কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছিল৷
ইণ্ডিয়া অ’পেন আন্তঃৰাষ্ট্রীয় বক্সিং প্রতিযোগিতাত স্বর্ণ আৰু ৰূপৰ পদক অর্জন কৰা লাভলীনা হ’ল অর্জুন বঁটা লাভ কৰা অসমৰ ষষ্ঠগৰাকী ক্রীড়াবিদ৷ ৰাষ্ট্রপতিয়ে আজি লাভলীনাৰ লগতে মুঠ ২৭গৰাকী ক্রীড়াবিদক ভার্চুৱেল অনুষ্ঠানত অর্জুন বঁটা প্রদান কৰে৷