নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাত আক্রান্ত গুৱাহাটী অগ্নিনির্বাপক বাহিনীৰ ৬১ জোৱান

নিয়মীয়া বার্তা, ৩০ আগষ্টঃ মহামাৰী ৰূপ লোৱা ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ বাবে চিকিৎসক, চিকিৎসাকর্মী, আৰক্ষীৰ সমান্তৰালকৈ অগ্নি আৰু আপদকালীন সেৱাত জড়িত জোৱানসকলেও গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আহিছে৷ ক’ভিড–১৯ৰ বিৰুদ্ধে যুঁজ দি আজি শ্বহীদ হ’ল চিলাপথাৰৰ অগ্ণি আৰু আপদকালীন সেৱা স্থানৰ বিষয়া যুগল চন্দ্র পায়েং৷ ৰাজ্যৰ ৩৭টা অগ্নি আৰু আপদকালীন সেৱা স্থানৰ সর্বমুঠ ২০২গৰাকী বিষয়া–কর্মচাৰী ক’ভিড–১৯ত আক্রান্ত হৈছে৷ ইয়াৰ ভিতৰত গুৱাহাটী অগ্ণি নির্বাপক আৰু আপদকালীন সেৱা স্থানৰ ২৩জন, পাণ্ডুৰ ৩জন, চান্দমাৰীৰ ২০জন, লখৰাৰ ৮জন, দিছপুৰৰ এজন আৰু মুখ্য কার্যালয়ত কর্মৰত ৮জন অগ্ণি নির্বাপক বাহিনীৰ কর্মচাৰী ক’ভিড–১৯ত আক্রান্ত হয়৷ গুৱাহাটীত কর্মৰত অগ্ণি নির্বাপক বাহিনীৰ সর্বমুঠ ৬১জন জোৱান ক’ভিড–১ত আক্রান্ত হয়৷ অগ্নি নির্বাপক বাহিনীৰ সর্বমুঠ ২০২জন জোৱান ক’ভিড–১৯ত আক্রান্ত হয়৷ ইয়াৰ ভিতৰত ১৮০জন জোৱানে ক’ৰোনা জয় কৰি পুনৰ কর্মত যোগদান কৰিছে যদিও ২২জন জোৱান এতিয়াও ক’ৰোনা ভাইৰাছত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে৷

You might also like