ভৱিষ্যনিধিৰ ধন উলিয়াবলৈ অফলাইন ব্যৱস্থা অব্যাহত ৰখাৰ দাবী চিটুৰ
নিয়মীয়া বার্তা, ৩০ আগষ্টঃ লকডাউনৰ ফলত বিগত ছমাহ ধৰি বহু কল–কাৰখানা বন্ধ হৈ থকাৰ ফলত কর্মহীন হৈ পৰিছে হাজাৰ হাজাৰ শ্রমিক–কর্মচাৰী৷ ইয়াৰ অধিকসংখ্যক প্রতিষ্ঠানে চৰকাৰী নির্দেশনাৰ পিছতো শ্রমিক–কর্মচাৰীৰ দৰমহা আদায় নিদিয়াৰ পৰিপ্রেক্ষিতত পানীত হাঁহ নচৰা অৱস্থা হৈছে৷ উপায়ান্তৰ নাপাই শ্রমিকসকলে কর্মচাৰীৰ ভৱিষ্যনিধিৰ ধন উলিওৱাৰ বাবে হেতাওপৰা লগাইছে৷ কিন্তু এইক্ষেত্রত চৰম হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে শ্রমিক–কর্মচাৰীসক্৷ শেহতীয়াকৈ দৈনিক শ শ শ্রমিকে নিজৰ ভৱিষ্যনিধিৰ ধন উলিয়াবলৈ গৈ কার্যালয়টোৰ কর্মচাৰীৰ দ্বাৰা হাৰাশাস্তিৰ মুখামুখি হৈ উভতি আহিব লগা হৈছে৷
জানিব পৰা মতে ই পি এফৰ ধন উলিওৱাৰ ক্ষেত্রত আকস্মিকভাৱে অনলাইন ব্যৱস্থাৰ কথা ঘোষণা কৰিছে ভৱিষ্যনিধি কার্যালয়ে৷ কিন্তু অধিকসংখ্যক শ্রমিক–কর্মচাৰী অনলাইন সম্পর্কত অজ্ঞ হোৱাই নহয়, বহু লোকৰ এই পর্যন্ত আধাৰ কার্ড নথকাত অনলাইন ব্যৱস্থাতো সফল হ’ব পৰা নাই৷ ফলত অর্থৰ নাটনিত ভুগি থকা কর্মচাৰীসকলৰ সম্প্রতি লঘোনে থাকিবলগীয়া অৱস্থা হৈছে৷ শ্রমিক–কর্মচাৰীৰ এনে দুৰৱস্থাৰ কথা জানিব পাৰি ই পি এফৰ ধন উলিওৱাৰ ক্ষেত্রত অনলাইনৰ সমান্তৰালকৈ অফলাইন ব্যৱস্থা অব্যাহত ৰাখিবলৈ দাবী জনাইছে৷ চেণ্টাৰ অৱ ইণ্ডিয়া ট্রেড ইউনিয়ন চমুকৈ চিটুৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে৷ এই সম্পর্কত ভঙাগড়স্থিত ই পি এফ আয়ুক্তক এখন স্মাৰক–পত্র প্রদান কৰিছে৷ সভাপতি–সম্পাদক ক্রমে বীৰেন শর্মা আৰু আলী আকবৰে স্বাক্ষৰ কৰা স্মাৰক–পত্রখনত হাজাৰ হাজাৰ কর্মহীন কর্মচাৰীৰ পৰিয়ালৰ ভৰণ–পোষণত হোৱা অসুবিধাৰ প্রতি লক্ষ্য কৰি ই পি এফৰ ধন উলিওৱাৰ ক্ষেত্রত তৰল ব্যৱস্থা প্রৱর্তন কৰিবলৈ দাবী জনাইছে৷ আনহাতে, এই দাবী উত্থাপন কৰি এখন এছবেষ্টছ ৱর্কার্ছ ইউনিয়নেও ভৱিষ্যনিধি আয়ুক্তলৈ পৃথকে আন এখন স্মাৰক–পত্র প্রদান কৰিছে৷