কেন্দ্র–ৰাজ্য চৰকাৰৰ ব্যর্থতাৰ দলিল হৈ পৰিছে ৰাষ্ট্রীয় নাগৰিকপঞ্জী
এনআৰচিক বৃহৎ শূন্যত পৰিণত কৰা হ’লঃ এপিডব্লিউ
নিয়মীয়া বাৰ্তা ১ ছেপ্টেম্বৰঃ ৰাষ্ট্রীয় নাগৰিকপঞ্জী (এনআৰচি) জাতিৰ দলিল নহয়, অবৈধ বাংলাদেশীক খিলঞ্জীয়াত পৰিণত কৰাৰ দলিলতহে পৰিণত হৈছে৷ এনআৰচিৰ চূড়ান্ত তালিকা প্রকাশ পোৱাৰ এবছৰ পূর্ণ হোৱাৰ দিনটোত এইদৰে ক্ষোভ প্রকাশ কৰিছে আসাম পাব্লিক ৱর্কছে৷ ৰাষ্ট্রীয় নাগৰিকপঞ্জী প্রস্তুতৰ বাবে দীর্ঘদিন ধৰি উচ্চতম ন্যায়ালয়ত আইনী যুঁজ আগবঢ়োৱা সংগঠনটোৰ সভাপতি অভিজিৎ শর্মাই গুৱাহাটী প্রেছ ক্লাবত সোমবাৰে এখন সংবাদ মেল সম্বোধন কৰি কয় যে এনআৰচিৰ ৰাজ্যিক সমন্বয়ক হিচাপে প্রতীক হাজেলাক নিযুক্তি প্রদান কৰাটো তেতিয়াৰ কংগ্রেছ চৰকাৰৰ এক পূর্ব পৰিকল্পিত কেলেংকাৰিৰ অংশ আছিল৷ এহাতে হাজেলাৰ জৰিয়তে এনআৰচিৰ নামত আবণ্টিত ধনৰ লুণ্ঠন, আনহাতে খিলঞ্জীয়া লোকৰ অধিকাৰ কাঢ়ি এচাম বিশেষ শ্রেণীৰ লোকক সংস্থাপিত কৰাৰ পৰিকল্পনা কৰিছিল কংগ্রেছ চৰকাৰখনে৷ সেইমর্মে খচৰা এনআৰচি প্রকাশৰ সময়তে একাংশ পূর্ববংগীয় মূলৰ বিষয়াই এনআৰচিত অবৈধ বিদেশীৰ নাম পাকে–প্রকাৰে সুমুৱাই দিলে৷ কিন্তু সম্পূর্ণ এনআৰচি প্রকাশ হোৱাৰ আগে আগে কর্তৃপক্ষই দেখিবলৈ পালে যে এনআৰচিত বাদ পৰিবলগীয়া লোকৰ সংখ্যাটো অতি হাস্যকৰ হ’ব৷ সেইবাবে নাক–কাণ বচাবৰ বাবে তেতিয়াৰ এনআৰচি সমন্বয়কগৰাকীয়ে ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে চক্র বিষয়াসকলক জধে–মধে নাম কর্তন কৰিবলৈ দিলে৷ কিন্তু একে সময়তে ডিছপ’জিং অফিচাৰ (ডি’) নামৰ এটা বেআইনী পদ সৃষ্টি কৰিলে৷ পৰৱর্তী সময়ত এনে এক পর্যায় আহিল জে ডিছপ’জিং অফিচাৰসকলে যিসমূহ নাম ইতিমধ্যে এনআৰচিত সন্নিৱিষ্ট কৰিছিল, তেনে নামসমূহো চক্র বিষয়াৰ হেঁচাত কাটি দিবলগীয়া হ’ল৷ অথচ ডিছপ’জিং অফিচাৰৰ নির্দেশ বা স্পিকিং অর্ডাৰৰ নোটত সেইসমূহ নাম এনআৰচিত অন্তর্ভুক্ত কৰিবলৈ লিপিবদ্ধ হৈ থাকিল৷ শেষৰফালে নিজৰ দোষ ঢ়াকিবলৈ এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাই ২০১৯ চনৰ ১৮ ছেপ্টেম্বৰ তাৰিখে আন এক নির্দেশ প্রকাশ কৰিলে৷ এই নির্দেশ অনুসৰি তেওঁ চূড়ান্ত এনআৰচি অনুসৰিয়ে স্পিকিং অর্ডাৰসমূহ নতুনকৈ প্রস্তুত কৰিবলৈ নির্দেশ দিলে৷ সহজ ভাষাত বুজিবলৈ হ’লে এয়া বিচাৰপতিৰ ৰায়মর্মে আৰক্ষীক তদন্তৰ প্রতিবেদন প্রস্তুত কৰিবলৈ দিয়াৰ দৰে কথা৷ ইয়াৰ পৰা এটা কথা প্রতীয়মাণ হয় যে চূড়ান্ত এনআৰচিৰ পৰা বাদ পৰা লোকসকলে বিদেশী ন্যায়াধিকৰণলৈ গৈ অতি সহজে এনআৰচিত নিজৰ নাম সন্নিৱিষ্ট কৰিব পাৰিব৷ যিহেতু স্পিকিং অর্ডাৰসমূহৰ বেছিভাগ তেওঁলোকৰ পক্ষতেই আছে৷ সেইবাবেই এপিডব্লিউৰ নেতৃত্বই সোমবাৰে সংবাদ মেলত পুনৰ উল্লেখ কৰে যে পূর্বপৰিকল্পিত ষড়যন্ত্রৰ অংশ হিচাপেই ন্যায়ালয়ক বিপথে পৰিচালিত কৰি এনআৰচিৰ জৰিয়তে পূর্ববংগীয় লোকসকলক মান্যতা দিয়া হ’ল৷ এইখন এনআৰচিয়ে এজনো অবৈধ বিদেশীক বিতাড়ন কৰিব নোৱাৰে৷ এইখন এনআৰচিৰ জৰিয়তে বিদেশীক স্বদেশী কৰাৰ বাহিৰে, অবৈধ বিদেশীক ভাৰতীয় কৰাৰ বাহিৰে আন একো কৰা নহ’ল৷ এনআৰচি উন্নীতকৰণৰ নামত কমেও ৩০০ কোটি টকাৰ কেলেংকাৰি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি অভিজিৎ শর্মাই লগতে কয় যে এনআৰচি উন্নীতকৰণৰ মূল বিষয়টোৱে আছিল ভোটাৰ তালিকাৰ পৰা অবৈধ বিদেশীৰ নাম কর্তন৷ কিন্তু সেয়া আজিও হৈ নুঠিল৷ সেইবাবেই এনআৰচিৰ এশ শতাংশ পুনৰীক্ষণ কৰি তাৰ ভিত্তিত শুদ্ধ ভোটাৰ তালিকা প্রস্তুত নোহোৱালৈ অসমৰ নির্বাচন অনুষ্ঠিত নকৰিবলৈ দাবী উত্থাপন কৰে আছাম পাব্লিক ৱর্কছে৷ সংগঠনটোৰ অভিযোগ– এনআৰচিত প্রায় ৮০ লাখ বিদেশীৰ নাম অন্তর্ভুক্ত হৈছে৷ ইয়াৰে খচৰা এনআৰচিত নাম বাদ পৰাৰ পিছত পুনৰ আবেদন নকৰা ৩.৯০ লাখ লোকক বাদ দি চূড়ান্ত এনআৰচিৰ পৰা বাদ পৰা আটাইখিনি মানুহ বিদেশী ন্যায়াধিকৰণলৈ যোৱাৰ লগে লগে তেওঁলোকৰ নাম এনআৰচিত অন্তর্ভুক্ত হ’ব৷ এপিডব্লিউৱে অত্যন্ত ক্ষোভেৰে কয়–আজিৰ তাৰিখত এনআৰচি এক বৃহৎ শূন্যত পৰিণত হৈছে৷ এয়া বিদেশীক ভাৰতীয়কৰণৰ এখন দলিল৷