নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উদ্বোধনী মেচলৈ অনিশ্চিত চি এছ কে; ক’ভিড পজিটিভৰ বাবে ১৪ দিনৰ কোৱাৰেণ্টাইনত ধোনী বাহিনী

নিয়মীয়া বাৰ্তা, ১ ছেপ্টেম্বৰঃ আই পি এললৈ মাজত মাথোঁ ১৯টা দিন বাকী থকা অৱস্থাত অনিশ্চিত হৈ পৰিছে চেন্নাই ছুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত খেলিবলগীয়া উদ্বোধনী মেচখন৷ মহেন্দ্র সিং ধোনী নেতৃত্বাধীন চেন্নাই দলৰ দুগৰাকী খেলুৱৈকে ধৰি মুঠ ১৩গৰাকী সদস্য ক’ভিড পজিটিভ হোৱাৰ পিছত দলটোৱে আই পি এলৰ উদ্বোধনী মেচত অংশ লোৱাক লৈ গভীৰ অনিশ্চয়তাৰ সৃষ্টি হৈছে৷ ব’ডৰ এক শীর্ষ সূত্রই  সদৰী কৰা অনুসৰি, চেন্নাই ছুপাৰ কিংছৰ শিবিৰত ক’ৰোনা ভাইৰাছৰ আতংক বিৰাজ কৰাৰ পৰিপ্রেক্ষিতত দলটোক উদ্বোধনী মেচৰ পৰা আঁতৰাই ৰখাৰ চিন্তা–চর্চা কৰা হৈছে৷ কিয়নো দলটোৱে ডুবাইত উপস্থিত হোৱাৰ প্রায় ১০ দিন অতিক্রম কৰাৰ পিছতো অনুশীলনত নামিব পৰা নাই৷

সম্প্রতি দলটোক ১৪ দিনৰ কোৱাৰেণ্টাইনত ৰখা হৈছে আৰু এই সময়ছোৱাত তেওঁলোকে সম্পূর্ণ পৃথককৈ অনুশীলন চলাব লাগিব৷ এনে পৰিস্থিতিত ৰোহিত শর্মা নেতৃত্বাধীন মুম্বাই ইণ্ডিয়ানছ দলেও চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে উদ্বোধনী মেচ খেলিব বিচৰা নাই৷ খেলুৱৈৰ স্বাস্থ্যৰ সুৰক্ষাৰ প্রতি লক্ষ্য ৰাখি মুম্বাই ইণ্ডিয়ানছে উদ্বোধনী মেচত চেন্নাই ছুপাৰ কিংছৰ সলনি আন দলক প্রতিদ্বন্দ্বী হিচাপে বিচাৰি ইতিমধ্যে আই পি এল কর্তৃপক্ষ আৰু বি চি চি আইক আহ্বান জনাইছে বুলি জানিব পৰা গৈছে৷

মুম্বাই ইণ্ডিয়ানছৰ এই আহ্বানৰ প্রতি সঁহাৰি জনাই ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে আই পি এলৰ সূচী কিছু সালসলনি ঘটোৱাৰ চিন্তা–চর্চা কৰিছে৷ এই অনুসৰি উদ্বোধনী মেচত ধোনীৰ চেন্নাই ছুপাৰ কিংছৰ সলনি কোহলিৰ ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুক দেখিবলৈ পোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ ‘চেন্নাইৰ শিবিৰত ক’ভিড পজিটিভ ওলোৱাৰ পিছত পৰিৱেশ কিছু সলনি হৈছে৷ আন দলৰ খেলুৱৈসকলক সুৰক্ষিত কৰি ৰাখিবলৈ সম্প্রতি চেন্নাই দলটোক ১৪ দিনৰ কোৱাৰেণ্টাইনত ৰখা হৈছে আৰু তেওঁলোকে আনকি আইছ’লেচনতহে অনুশীলন চলাব পাৰিব৷ সাধাৰণ নিয়ম অনুসৰি ইউ এ ইত উপস্থিত হোৱাৰ পিছত প্রতিটো দলে ছদিনৰ কোৱাৰেণ্টাইনত থকাৰ পিছত অনুশীলন আৰম্ভ কৰিব পাৰে৷ কিন্তু ক’ভিড পজিটিভ ওলালে এই ক্ষেত্রত কিছু কঠোৰ নিয়ম পালন কৰিবলগীয়া হয়৷ সেয়ে আই পি এলৰ উদ্বোধনী মেচত চেন্নাই ছুপাৰ কিংছৰ অংশগ্রহণ অনিশ্চিত হৈ পৰিছে৷ তেওঁলোকৰ সলনি ব’র্ডে ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ কথা চিন্তা–চর্চা কৰিছে৷

কিয়নো, অনুৰাগীয়ে তেতিয়া ধোনীৰ সলনি উদ্বোধনী মেচত কোহলিক দেখিবলৈ পাব৷ প্রথমখন মেচত খেলপথাৰত তাৰকা খেলুৱৈ উপস্থিত থকাটো অত্যন্ত প্রয়োজন৷ সেয়ে ব’র্ডে আৰ চি বিৰ সৈতে কথা–বতৰা চলাই আছে৷’ ব’ৰ্ডৰ সূত্রটোৱে এইদৰে কয়৷

মন কৰিবলগীয়া যে অহা ১৯ ছেপ্ঢেম্বৰৰ পৰা ১০ নৱেম্বৰলৈ ইউ এ ইত অনুষ্ঠিত হ’বলগীয়া বি চি চি আইৰ ঐশ্বর্যশালী টি–২০ লীগ আই পি এলৰ বাবে আটাইকেইটা দল প্রায় ১০ দিন পূর্বে দেশখনত উপস্থিত হৈছে৷ কিন্তু এতিয়ালৈকে ব’র্ডে আই পি এলৰ সূচী নিশ্চিত কৰিব পৰা নাই৷ ডুবাই আৰু আবু ধাবিত ক’ভিড–১৯ৰ সংক্রমণৰ সংখ্যা হঠাৎ যথেষ্ট বৃদ্ধি পোৱাৰ প্রতি লক্ষ্য ৰাখি ব’র্ডে আই পি এলৰ সূচী ঘোষণা কৰিব পৰা নাই বুলি জানিব পৰা গৈছে৷

You might also like