নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আকৌ চীনৰ দাদাগিৰি

১৫ জুনৰ ৰক্তাক্ত সংঘাতৰ পাছত ২৯–৩০ আগষ্টৰ নিশা পুনৰবাৰ ভাৰতৰ ভূমিত অনুপ্রৱেশৰ অপচেষ্টা চলালে চীনে৷ প্রতিবেশী ৰাষ্ট্রখনৰ সেনাই লাডাখৰ পেংগং ছ’ হ্রদৰ দক্ষিণ অংশৰে ভাৰতৰ ভূমি দখল কৰাৰ অপচেষ্টা চলায়৷ অৱশ্যে ভাৰতীয় সেনা সষ্টম হৈ থকাত পি এল এৰ সেই চক্রান্ত ব্যর্থ হয়৷ ভাৰতীয় সেনাই চীনৰ সৈনিকৰ দলটোক বীৰত্বৰে খেদি পঠিয়াবলৈ সক্ষম হয়৷ ইয়াকে লৈ দুয়োপক্ষৰ মাজত ঠেলা–হেঁচা, ঘুচিয়া–ঘুচি আদিও হোৱা বুলি ৩১ আগষ্টত সংবাদ মাধ্যমত প্রকাশ পাইছে৷ এই সংঘাতত ডভয় পক্ষৰ কোনো হানি–বিঘিনি নঘটা বুলিও বাতৰিত প্রকাশ৷ ঘটনাটোক অর্থাৎ পেংগং ছ’ হ্রদৰ দক্ষিণ পাৰে ভাৰতভূমিত চীনা সৈন্যৰ অনুপ্রৱেশৰ অপচেষ্টাটোক ভাৰতীয় সেনাৰ তৰফৰ পৰাও সত্য বুলি সদৰী কৰা হৈছে৷ সেনাৰ জনসংযোগ বিভাগৰ পৰা জাৰি কৰা এটা প্রেছ বার্তাত কোৱা হৈছে যে পেংগং ছ’ হ্রদৰ দক্ষিণ অংশত পি এল এ ঘাটি পাতি বহিছিল৷ আনকি পেংগং ছ’ হ্রদত চীনা সৈন্যৰ ডচ্চ গতিৰ নাওপর্যন্ত ভাৰতীয় সেনাই প্রত্যক্ষ কৰিছিল৷ তাৰে পৰা সেনাই ভাৰতভূমিত অনুপ্রৱেশৰ অপচেষ্টা চলাইছিল৷ সেই অপচেষ্টা প্রতিহত কৰা হৈছে৷ বিষয়টোক লৈ দুয়ো সেনাৰ ব্রিগেড কমাণ্ডাৰ পর্যায়ত আলোচনা অনুষ্ঠিত হৈছে৷
চীনৰ এই শেহতীয়া ডদ্ধতালিৰ পৰা অন্ততঃ দুটা কথা প্রতিপন্ন হৈছে৷ সাম্রাজ্যবাদী চীনে সহজে আগ্রাসী নীতি পৰিহাৰ নকৰে৷ দ্বিতীয়টো হ’ল, চীনক কেতিয়াও বিশ্বাস কৰিব নোৱাৰি, পুনৰবাৰ প্রমাণিত হ’ল৷ গালোৱান ডপত্যকাত ১৫ জুনৰ নিশা সংঘটিত ৰক্তাক্ত সংঘাতৰ পাছত সীমান্তত ডত্তেজনা হ্রাস আৰু অঞ্চলটোত এপ্রিলৰ পূর্বৰ অৱস্থানলৈ দুয়োখন দেশৰ সেনা ডভতি যোৱাক লৈ চীন–ভাৰতৰ মাজত বিভিন্ন স্তৰত আলোচনা চলি আছে৷ তাৰে মাজতে এইদৰে ভাৰতভূমিত অনুপ্রৱেশৰ অপচেষ্টা চলোৱাৰ অর্থ হৈছে চীনে লোকক দেখুৱাবলৈ নতুবা ভাৰতক কথা–বার্তাৰ মাজত ওলমাই ৰাখিবলৈহে ইমানদিনে আলোচনাৰ মেজত বহি আছিল৷ ভিতৰি ভিতৰি দেশখনৰ ডদ্দেশ্য আন৷ কাৰণ পেংগং ছ’ হ্রদৰ দক্ষিণ অংশত চীনে প্রায় পাঁচশ সৈন্য পঠিয়াই ভাৰতভূমিত অনুপ্রৱেশৰ অপচেষ্টা চলাইছিল৷ ই মুহূর্ততে লোৱা বা ঘটা কোনো ঘটনা নহয়৷ ইয়াৰ বাবে দীর্ঘম্যাদী পৰিকল্পনাৰ দৰকাৰ৷ চীনে তেনে এটা পৰিকল্পনা হাতত লৈয়েই ২৯–৩০ আগষ্টৰ নিশা অন্ধকাৰৰ সুযোগ লৈ ভাৰতত প্রৱেশৰ চেষ্টা চলোৱা বুলি নিশ্চিতকৈ ক’ব পাৰি৷ আনহাতে, চীনৰ আগ্রাসী নীতিৰ কথা ক’বলৈ ভাৰত–চীন সীমান্তৰ লগতে আন্তঃৰাষ্ট্রীয় প্রেক্ষাপটলৈও চকু দিব লাগিব৷ বিশেষকৈ দক্ষিণ চীন সাগৰত বিৰাজমান ডত্তেজনাময় পৰিস্থিতিৰ সৈতে ইয়াৰ সম্পর্ক আছে৷ ভাৰতে শেহতীয়াকৈ দক্ষিণ চীন সাগৰলৈ নৌসেনা প্রেৰণ কৰিছে৷ এইটো চীনৰ বাবে হজম কৰিব নোৱাৰা কথা৷ দক্ষিণ চীন সাগৰক লৈ এতিয়া বিশ্বজুৰি তীব্র ডত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ বিশেষকৈ চীনে আমেৰিকাৰ যুদ্ধ বিমানক মিছাইলেৰে আক্রমণ কৰিবলৈ লোৱাৰ পাছৰে পৰা দক্ষিণ চীন সাগৰক লৈ বিশ্বৰ মঞ্চত চীনৰ বিৰুদ্ধে তীব্র ক্ষোভ–খঙৰ ডদ্ভৱ হৈছে৷ ইয়াৰ অন্ত ক’ত পৰে, তাক এতিয়াই ক’ব পৰা অৱস্থাত নাই৷ আমেৰিকা যুক্তৰাষ্ট্রই ইতিমধ্যে যুদ্ধংদেহী মনোভাব গ্রহণ কৰিছে৷ দেশখনে চীনক কাবু কৰিবলৈ প্রতিদিনে ন–ন কৌশল যুগুতাই আছে৷ আমেৰিকাই চীনৰ দাদাগিৰিত নাকী লগাবলৈ ভাৰত, জাপান আৰু অষ্ট্রেলিয়াৰে মিলি এটা মর্চা খোলাৰ প্রস্তাৱ দিছে৷ এই মর্চাৰ জৰিয়তে কূটনৈতিক, আর্থিক তথা সামৰিকভাৱে চীনক কাবু কৰাৰ ৰণকৌশল হাতত লোৱা হৈছে৷ ইয়াৰ বাবে আমেৰিকাই তিনিওখন দেশৰ বিষয়াৰ সৈতে ছেপ্ঢেম্বৰ–ক্টোবৰত্ আলোচনা কৰিব বুলি আমেৰিকাৰ ৰাষ্ট্রীয় সুৰক্ষা ডপদেষ্টা ৰবার্ট অ’ব্রায়ানে যোৱা ৩০ আগষ্টত ঘোষণা কৰিছে৷ বিষয়া পর্যায়ৰ আলোচনাৰ পূর্বে আমেৰিকাৰ বিদেশ মন্ত্রী মাইক পম্পি’ই তিনিওখন দেশৰ বৈদেশিক মন্ত্রীৰেও আলোচনা কৰিব৷ অ’ব্রায়ানে স্পষ্টকৈ কয় যে চীনৰ মনোবৃত্তি অতি আগ্রাসী৷ আমেৰিকাই মূলতঃ দক্ষিণ চীন সাগৰক লক্ষ্য হিচাপে লৈছে৷ অ’ব্রায়ানৰ বক্তব্যতে সেই কথা স্পষ্ট হৈ পৰিছে৷ তেওঁ কয় যে সমুদ্র পথক কোনেও পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিব নোৱাৰে৷ আমেৰিকাৰ এই পদক্ষেপে এখন যুদ্ধৰো পাতনি মেলিব পাৰে৷ এনে অৱস্থাত ভাৰতে যদি চীনক ৰঙা চকু দেখুৱাই দক্ষিণ চীন সাগৰলৈ সেনা প্রেৰণ কৰে, চীনে তাৰ প্রতিক্রিয়া ক’ৰবাত নিশ্চয় দেখুৱাবই৷
তদুপৰি দক্ষিণ চীন সাগৰৰ বিষয়টোক বিশ্ব মঞ্চৰ পৰা আঁতৰাই ৰাখিবলৈও ভাৰতৰ সীমান্তত নতুনকৈ ডত্তেজনাৰ সৃষ্টি কৰিব পাৰে৷ অৱশ্যে চীন–ভাৰতৰ সংঘাতক মাথোঁ এটা–দুটা কথাৰে সামৰিব নোৱাৰি৷ ভাৰতক আন্তঃৰাষ্ট্রীয় মঞ্চত হেয় প্রতিপন্ন কৰি নিজৰ শ্রেষ্ঠত্ব দেখুৱাবলৈ চীনে সততে প্রয়াস চলাই থাকে৷ তদুপৰি কমিডনিষ্টৰ শাসনত থকা চীনৰ নাগৰিকৰ মনত ভাৰতবিৰোধী মনোভাব এটা চিৰকালেই বজাই ৰখাটো চীনৰ এটা অন্যতম প্রধান নীতি৷ ইয়াৰ কাৰণো স্পষ্ট৷ চীনৰ তুলনাত গণতান্ত্রিক শাসন ব্যৱস্থা থকা ভাৰতবর্ষত নাগৰিকৰ স্বাধীনতা অধিক৷ চীনে নিবিচাৰে ভাৰতৰ সৈতে চীনৰ নাগৰিকৰ সহজ সম্পর্ক এটা গঢ়ি ডঠক৷ ইয়ে এদিন চীনৰ শাসন ব্যৱস্থালৈও প্রত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে৷ দেশখনত গণতান্ত্রিক শাসন ব্যৱস্থাৰ দাবী ডঠিব পাৰে৷ সেয়ে ভাৰতক অস্থিৰ কৰি ৰখাটো চীনৰ বাবে আশীর্বাদ বুলি বেইজিঙৰ শাসকপক্ষই গণ্য কৰে৷
দক্ষিণ চীন সাগৰত ভাৰতীয় সেনাৰ ডপস্থিতিক ভাৰতৰ বিৰুদ্ধে চীনৰ শেহতীয়া আগ্রাসনৰ কাৰণ বুলি চর্চা এটা চলিলেও এইটো একমাত্র কাৰণ নহয়৷ চীনে লাডাখৰ পেংগং ছ’ হ্রদ অঞ্চলটোৰ পৰা সহজে আঁতৰি নাহে৷ চীনৰ বাবে সেই অঞ্চলটো সামৰিক তথা ভূ–ৰাজনৈতিক দিশৰ পৰা অতি গুৰুত্বপূর্ণ৷ অঞ্চলটোত ভাৰতে ইতিমধ্যে পথ নির্মাণ কৰি সামৰিক ক্ষেত্রখনত নিজকে সুবিধাজনক অৱস্থালৈ আনিছে৷ তাত ভাৰতৰ সামৰিক শক্তি বৃদ্ধি পোৱাটো চীনে কেতিয়াও নিবিচাৰে৷ কিয়নো তাৰ পৰা ভাৰতে আকচাই চীন, গিলগিট–বাল্টিস্তানল্ নিজৰ নিয়ন্ত্রণ সাব্যস্ত কৰিবলৈ সুযোগ পাব৷ চীনৰ বাবে সেইটো এটা চৰম দুশ্চিন্তাৰ কথা৷ ইয়াৰ কাৰণো নথকা নহয়৷ ভাৰতৰ ৰাজনৈতিক নেতাই বিগত কিছুদিন ধৰি পাকিস্তানৰ দখলত থকা গিলগিট–বাল্টিস্তান দখল কৰিব বুলি ভাবুকি দি আছে৷ গিলগিট–বাল্টিস্তান ভাৰতৰ হাতলৈ যাব লাগিলে চীনৰ ‘চীন–পাকিস্তান অর্থনৈতিক কৰিড’ৰ’ৰ মুদা মৰিব৷ ভাৰতে আৰম্ভণিৰ পৰাই পাকিস্তানৰ দখলত থকা ভাৰতভূমিৰে অর্থনৈতিক কৰিড’ৰটো নির্মাণৰ বিৰোধিতা কৰি আহিছে৷ তদুপৰি তাৰ পৰা এদিন ভাৰতীয় সৈন্য আকচাই চীনলৈকেও আগবাঢ়ি যাব পাৰে৷ সেয়ে চীনে লাডাখৰ পেংগং ছ’ এলেকাটোৰ পৰা সহজে প্রত্যাৱর্তন নকৰে৷ ১৫ জুনত দুয়োখন দেশৰ মাজত ৰক্তাক্ত সংঘাতৰ পাছত চীনে অঞ্চলটোৰ পৰা পিছুৱাই নগ’ল৷ অথচ দুয়োপক্ষৰ আলোচনাত এইটো মূল বিষয় আছিল৷ দেশখনে আলোচনা যিমানেই নকৰক, সেই অঞ্চলটোৰ পৰা আঁতৰি যাবলৈ বাধ্য নকৰিলে চীনে সহজে আঁতৰি নাযায়৷ এইখিনিতে ডল্লেখ কৰিব পাৰি যে প্রায় ১৩০ কিলোমিটাৰ দৈর্ঘ্যৰ পেংগং ছ’ হ্রদটো আঠখন পাহাৰেৰে ঘেৰি আছে৷ হ্রদটো সমুদ্রপৃষ্ঠৰ পৰা প্রায় ১৬ হাজাৰ ডচ্চতাত আছে৷ আনহাতে, পাহাৰকেইখন আঙুলিৰ আকৃতিৰ৷ সেয়ে পাহাৰকেইখনে সামৰি ৰখা অঞ্চলটোক ফিংগাৰ অঞ্চল বুলি কোৱা হয়৷ ফিংগাৰ এৰিয়াত টহলক লৈ অর্থাৎ ‘ডমিনেচন’ক লৈ ভাৰতৰ সৈতে চীনে সততে সংঘাতত লিপ্ত হয়৷
কিছুদিন পূর্বে চিডিএছ বিপিন ৰাৱাটে এটা তাৎপর্যপূর্ণ কথা ঘোষণা কৰিছিল৷ তেওঁ চীনৰ সৈতে চলি থকা আলোচনা প্রসংগত কোৱা কথাখিনিৰ সাৰমর্ম আছিল, যদি আলোচনা প্রক্রিয়া ব্যাহত হয়, ভাৰতৰ হাতত সেনা ব্যৱহাৰৰ বিকল্প পথ খোলা থাকিব৷ অর্থাৎ চীনে যে ভাৰতক আলোচনাৰ মেজত বন্দী কৰি ৰাখি নতুন কোনো পৰিকল্পনা যুগুতাই আছে, সেইটো ভাৰতীয় পক্ষই আগতীয়াকৈ অনুমান কৰিব পাৰিছিল৷ সেয়ে সীমান্তত চীনে বৃহৎ সেনাবাহিনী পঠিয়াই ভাৰতক হঠাতে শ’লঠেকত পেলোৱাৰ অপচেষ্টাটো কম সময়ৰ ভিতৰতে ব্যর্থ কৰিবলৈ ভাৰতীয় সেনা সক্ষম হ’ল৷ বিপিন ৰাৱাটৰ এই স্পষ্ট হুংকাৰৰ মাজতে এখন নতুন ভাৰত লুকাই আছে৷ চীন নতুবা পাকিস্তান যিয়েই নহওক, ভাৰতৰ নীতি এতিয়া সলনি হৈছে৷ ভাৰতৰ নীতি এতিয়া আগ্রাসী৷ আগৰ দৰে চীন বা পাকিস্তানে কিবা কৰিব, ভাৰতে আলোচনাৰ দর্খাস্তখন হাতত লৈ ফুৰিব, সেই দিন আৰু নাই৷ কিন্তু চীনৰ ক্ষেত্রত ভাৰত অধিক আগ্রাসী হোৱাৰ আৱশ্যক আছে৷ নহ’লে চীনে এইদৰে বাৰে বাৰে ভাৰতত অসুবিধা দিয়েই থাকিব৷ সীমান্তত সৈন্য শক্তি বৃদ্ধি কৰাৰ লগতে আলোচনাৰ মেজত চীন যাতে আগ্রাসী হ’ব নোৱাৰে, আমি এইটো বিষয় আলোচনা কৰিম, সেইটো নকৰোঁ জাতীয় কথাৰে ভাৰতক আলোচনাৰ প্রাৰম্ভতে বশ কৰিবলৈ চেষ্টা চলাব নোৱাৰে, তাৰ বাবে নীতি–পৰিকল্পনা হাতত লৈ কাম কৰিব লাগিব৷ সীমান্তত বাৰে বাৰে চীনক এইদৰে দাদাগিৰি কৰি থাকিবলৈ দিব নোৱাৰি৷

You might also like