নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রীৰ ভুৱা চেক বনাই গ্ৰেপ্তাৰ বহিঃৰাজ্যৰ প্ৰৱঞ্চক

উত্তৰ প্রদেশৰ ৫ প্রৱঞ্চকক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা ১ ছেপ্টেম্বৰঃ  অসমৰ মুখ্যমন্ত্রীৰ সাহায্য পুঁজিৰ ধন জালিয়াতিৰে হৰলুকী কৰা উত্তৰ প্রদেশৰ এটা প্রৱঞ্চক চক্রক মুখ্যমন্ত্রীৰ নিৰীক্ষণ কোষে গ্রেপ্তাৰ কৰে৷ অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ চহী জাল কৰি আৰু ভুৱা চেক বনাই মুখ্যমন্ত্রীৰ সাহায্য পুঁজিৰ পৰা ৩.৩০ লাখ টকা উলিয়াই নিছিল এই দুষ্ট চক্রটোৱে৷ ধৃত লোককেইজন হ’ল– উত্তৰ প্রদেশৰ বস্তি জিলাৰ গৱনগুড়িয়া গাঁৱৰ মহম্মদ আৰিফ আৰু মহম্মদ আছিফ, তেনুৱা গাঁৱৰ লালজী, বনকশ্বাহী গাঁৱৰ পৰভেশ ৰাও আৰু গাওৰা গাঁৱৰ ৰবীন্দ্র কুমাৰ৷ এই সংক্রান্তত আজি গুৱাহাটীৰ ৰূপনগৰস্থিত মুখ্যমন্ত্রীৰ নিৰীক্ষণ কোষৰ কার্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত তদন্তকাৰী সংস্থাটোৰ অধীক্ষক ৰ’জি কলিতাই কয় যে যোৱা ১০ আগষ্টত মুখ্যমন্ত্রীৰ সাহায্য পুঁজিৰ ধন অবৈধভাৱে উলিয়াই নিয়াৰ তথ্য ধৰা পেলায় মুখ্যমন্ত্রীৰ কার্যালয়ে৷ লগে লগে এই বিষয়টো তদন্ত কৰি ১৫ দিনৰ ভিতৰত প্রৱঞ্চকক কৰায়ত্ত কৰিবলৈ মুখ্যমন্ত্রীৰ নিৰীক্ষণ কোষক নির্দেশ দিয়ে৷ সেইমর্মে যোৱা ১২ আগষ্টত নিৰীক্ষণ কোষৰ ভাৰতীয় দণ্ডবিধি ১২০ (বি)/৪০৬/৪০৯/৪১৯/৪২০/৪৬৮ আৰু দুর্নীতি প্রতিৰোধ আইনৰ ১৩(২) ধাৰাত ৪/২০২০ নম্বৰৰ এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে৷ তদন্তৰ সময়ত উত্তৰ প্রদেশ আৰু হাৰিয়ানাত থকা পঞ্জাব নেচনেল বেংক আৰু ইউনিয়ন বেংকৰ পৰা অসমৰ মুখ্যমন্ত্রীৰ সাহায্য পুঁজিৰ পৰা ধন উলিয়াই নিয়াৰ তথ্য লাভ কৰে৷ উক্ত বেংক দুটাৰ পৰা চেকযোগে ধন উলিয়াই নিয়া ব্যক্তিৰ একাউণ্টত থকা ফোন নম্বৰ আৰু কে ৱাই চিৰ জৰিয়তে উক্ত চক্রটোৰ তথ্য সংগ্রহ কৰে৷ ইয়াৰ পিছতে যোৱা ২৭ আগষ্টত দুষ্ট চক্রটোক গ্রেপ্তাৰ কৰাৰ বাবে নিৰীক্ষণ কোষৰ দল এটাই উত্তৰ প্রদেশলৈ যাত্রা কৰে৷ সংবাদ মেলত আৰক্ষী অধীক্ষক ৰ’জি কলিতাই কয়– ‘নিৰীক্ষণ কোষৰ উপ–আৰক্ষী অধীক্ষক অমৃত কলিতা আৰু মৃণাল শর্মা, পৰিদর্শক প্রিতম শইকীয়া আৰু অনিল বৰা, গুৱাহাটী আৰক্ষী আয়ুক্তৰ কার্যালয়ৰ নায়ক সঞ্জয় শ্রীবাস্তৱ আৰু জোৱান পংকজ মহন্তক লৈ মই উত্তৰ প্রদেশলৈ যাওঁ৷ উত্তৰ প্রদেশৰ বস্তি জিলাৰ দুর্গম অঞ্চল গোৰশপুৰত অভিযান চলাওঁ৷ এই অভিযানৰ সময়তে বস্তি জিলাৰ আৰক্ষী অধীক্ষক হেমৰাজ মীনাই আমাক বিশেষভাৱে সহায় কৰে আৰু পৰৱর্তী সময়ত গৱনগুড়িয়া, বনকশ্বাহী আৰু গাওৰা গাঁৱত অভিযান চলাই মহম্মদ আৰিফ, মহম্মহ আছিফ, লালজী, সৰভেশ ৰাও আৰু ৰবীন্দ্র কুমাৰক গেপ্তাৰ কৰিবলৈ সক্ষম হওঁ৷’ এই সমগ্র অভিযোনটোত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে তদাৰক কৰাৰ লগতে অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্ত, আইন–শৃংখলাৰ অতিৰিক্ত সঞ্চালক জি পি সিং, অতিৰিক্ত সঞ্চালকপ্রধান (প্রশাসন) হৰমিট সিং, বিশেষ শাখাৰ মহাপৰিদর্শক হীৰেন নাথ, গুৱাহাটী আৰক্ষীৰ আয়ুক্ত মুন্না গুপ্তা, লক্ষ্ণৌ আৰক্ষী আয়ুক্ত সুজিৎ পাণ্ডে আদিয়েও সহায় কৰা বুলি আৰক্ষী অধীক্ষক ৰ’জি কলিতাই কয়৷ ইফালে, উত্তৰ প্রদেশৰ পৰা গ্রেপ্তাৰ কৰি যোৱানিশা গুৱাহাটীলৈ অনা অপৰাধী চক্রটোক আজি গুৱাহাটীস্থিত বিশেষ আদালতত হাজিৰ কৰি নিৰীক্ষণ কোষৰ জিম্মাত লোৱা বুলিও ৰ’জি কলিতাই কয়৷

You might also like