নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুণোৎসৱ বর্জনৰ সিদ্ধান্ত ফিক্সড পে’ শিক্ষকৰ

নিয়মীয়া বার্তা, ২ ডিচেম্বৰঃ ২০০১ চনৰ তদানীন্তন অগপ চৰকাৰৰ আমোলত ৰাজ্যৰ বিভিন্ন জিলাৰ উপৰি শিৱসাগৰ জিলাত নির্ধাৰিত দৰমহা (ফিক্সড পে’)ত উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিযুক্তিপ্রাপ্ত সহকাৰী শিক্ষকসকলৰ চাকৰি সুদীর্ঘ ১৯ বছৰে নিয়মীয়াকৰণৰ লগতে প্রাপ্য স্কেল পে’ৰ পৰা বঞ্চিত কৰি ৰখাত বয়সে ভাটি দিয়া এইসকল শিক্ষক প্রথমবাৰৰ বাবে চৰকাৰৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে ৷ যাৰ বাবে শিৱসাগৰ জিলা হাইস্কুল ফিক্সড পে’ শিক্ষক সংস্থাই প্রাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰাৰ প্রতিবাদত আন্দোলনৰ কার্যসূচী ঘোষণা কৰিছে ৷ বিগত ১৯ টা বছৰে চৰকাৰ তথা শিক্ষা বিভাগৰ বিৰুদ্ধে এটা শব্দও উল্লেখ নকৰা শিক্ষকসকলক চৰকাৰেই আন্দোলনৰ কার্যসূচী ল’বলৈ বাধ্য কৰিছে বুলি শিক্ষকসকলে আক্ষেপ কৰিছে ৷ উল্লেখ্য যে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ২০০১ চনত ৰাজ্যখনৰ বিভিন্ন জিলাৰ লগতে শিৱসাগৰ জিলাৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত খালী হৈ থকা শিক্ষকৰ পদসমূহত নিযুক্তি দিয়াৰ বাবে সিদ্ধান্ত গ্রহণ কৰে ৷ সেইমর্মে বিদ্যালয়সমূহৰ সংমণ্ডল পৰিদর্শকসকলে ৰাজ্যখনৰ ১৬ খন জিলাত ৫৩৫ জন শিক্ষকক নিযুক্তি দিয়ে ৷ সেই সময়ত শিৱসাগৰ জিলাৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত ২২০ টাৰো অধিক পদ খালী হৈ আছিল ৷ যাৰ বাবে শিক্ষা বিষয়াই ৰাজনৈতিক পাকচক্রত ততাতৈয়াকৈ ২১৭ টা খালী শিক্ষক পদত নিযুক্তি দিয়ে ৷ কিন্তু নিযুক্তি দিয়াৰ এমাহৰ পিছতে শিক্ষা বিভাগৰ ঊর্ধ্বতন কর্তৃপক্ষই জিলাখনৰ মাথোঁ ২৪ টা পদহে অনুমোদন জনোৱা হৈছিল বুলি বিদ্যালয়সমূহৰ সংমণ্ডল বিষয়াৰ কার্যালয়লৈ পত্র প্রেৰণ কৰে ৷ যাৰবাবে শিক্ষা বিষয়াই বাকীসকলৰ নিযুক্তি–পত্র নাকচ কৰে ৷ উপায়হীন হৈ শিক্ষকসকলে উচ্চ ন্যায়ালয়ৰদ্বাৰস্থ হোৱাত উচ্চ ন্যায়ালয়ে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ নির্দেশ দিয়ে ৷ স্মর্তব্য যে ২০০১ চনৰ পৰা ২০০৩ চনলৈ এই শিক্ষকসকলে বিনাবেতনেৰে সেৱা আগবঢ়োৱাৰ পিছত ২০০৩ চনৰ শেষ ভাগত শিক্ষকসকলক মাহে ২,৫০০ টকাকৈ নির্ধাৰিত দৰমহা দিয়াৰ সিদ্ধান্ত গ্রহণ কৰে৷ সেইমর্মে ২০১৫ চনৰ জুলাই মাহলৈকে এই শিক্ষকসকলে ২,৫০০ টকা দৰমহাতেই শিক্ষাদান প্রক্রিয়া অব্যাহত ৰাখে ৷ ২০১৫ চনৰ আগষ্ট মাহত তদানীন্তন শিক্ষামন্ত্রী শৰৎবৰকটকীয়ে তেওঁলোকৰ দৰমহা ১৫,৫০০ টকালৈ বৃদ্ধি কৰে ৷ ইফালে, শেহতীয়াকৈ উচ্চ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে এই শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ বাবে নির্দেশ দিয়ে ৷ কিন্তু শিক্ষামন্ত্রী সিদ্ধার্থ ভট্টাচার্যই বিধানসভাত দুর্ভগীয়া শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰবাবে উচ্চ ন্যায়ালয়ে নির্দেশ দিলেও নিয়মীয়াকৰণ কৰিব পৰা নহ’ব বুলি স্পষ্ট কৰি দিয়ে ৷

যাৰ বাবে গুণোৎসৱ বর্জনৰ সিদ্ধান্ত লৈছে ফিক্সড পে’ শিক্ষকসকলে । লগতে চৰকাৰে চলিত শীতকালীন অধিৱেশনত তেওঁলোকৰ স্কেল পে’সহ প্রাপ্য দৰমহা আদায় নিদিলে, অসম বিধানসভাৰ আগন্তুক বাজেট অধিৱেশনৰ সময়ত আমৰণ অনশনৰ দৰে তীব্র গণতান্ত্রিক আন্দোলনৰ কার্যসূচী গ্রহণৰো হুংকাৰ দিছে ৷

You might also like