নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০১৯ত দেশত ১.৩৯ লাখ লোকৰ আত্মহত্যা, শীর্ষত তামিলনাডু

নিয়মীয়া বাৰ্তা ২ ছেপ্টেম্বৰঃ দেশত আত্মহত্যা তথা দুর্ঘটনাত মৃত্যুৰ ঘটনা ২০১৮ৰ তুলনাত বিগত বর্ষটোত বৃদ্ধি পাইছে৷ নেচনেল ক্রাইম ৰেকর্ডছ ব্যুৰ’ (এনচিআৰবিৰ) শেহতীয়া প্রতিবেদনত প্রকাশ পাইছে এই তথ্য৷ ৰাষ্ট্রীয় সংস্থাটোৰ তথ্য অনুসৰি সমূহীয়া বা পৰিয়ালৰ আত্মহত্যাৰ ঘটনা বিগত বর্ষটোত আটাইতকৈ বেছি সংঘটিত হৈছিল তামিলনাডুত৷ দক্ষিণৰ ৰাজ্যখনত মুঠ ১৬টা সমূহীয়া বা পাৰিবাৰিক আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে৷

ইয়াৰ পিছতে এনে সমূহীয়া আত্মহত্যাৰ ঘটনা সংঘটিত হোৱা ৰাজ্য হিচাপে দ্বিতীয় স্থানত আছে অন্ধ্রপ্রদেশ৷ ৰাজ্যখনত মুঠ ১৪টা সমূহীয়া আত্মহত্যাৰ ঘটনা সংঘটিত হৈছিল ২০১৯ বর্ষটোত৷ ইফালে, এই তালিকাত ক্রমে ১১, ৯ আৰু ৭টা সমূহীয়া আত্মহত্যাৰ ঘটনাৰ তৃতীয়, চতুর্থ তথা পঞ্চম স্থানত আছে কেৰালা, পঞ্জাব, ৰাজস্থান৷ দেশজুৰি আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে ১,৩৯,১২৩টা৷ ইয়াৰ পূর্বৰ বর্ষটোত অর্থাৎ ২০১৮ত দেশজুৰি আত্মহত্যাৰ ঘটনা সংঘটিত হৈছিল ১,৩৪,৫১৬টা৷

লক্ষণীয়ভাৱে বর্ষটোত মুঠ ৯৭,৬১৩গৰাকী পুৰুষে আত্মহত্যা কৰিছে৷ ইয়াৰে ২৯,০৯২গৰাকী হৈছে দিনমজুৰ৷ বর্ষটোত ৪১,৪৯৩গৰাকী মহিলাই আত্মহত্যা কৰিছে৷ ইয়াৰ আধাসংখ্যকেই হৈছে গৃহিণী৷ লক্ষণীয়ভাৱে নিবনুৱাৰ আত্মহত্যাৰ হাৰ বেছি কেৰালাত৷ ৰাজ্যখনত বর্ষটোত ১,৯৬৩জন নিবনুৱাই আত্মহত্যা কৰিছে৷

প্রতিবেদনত প্রকাশ পোৱা অনুসৰি দেশৰ মহানগৰবোৰত আত্মহত্যাৰ হাৰ বেছি৷ ইফালে, দুর্ঘটনাত বর্ষটোত প্রাণ হেৰুৱাইছে ৪,২১,১০৪গৰাকী লোকে৷ ২০১৮ত দুর্ঘটনাত প্রাণ হেৰুওৱা লোকৰ সংখ্যা আছিল ৪,১১,৮২৪গৰাকী৷

You might also like