নিয়মীয়া বাৰ্তা ২ ছেপ্টেম্বৰঃ বিভিন্ন খণ্ডত ঋণৰ ধন পুনৰ আদায় স্থগিতকৰণৰ সময়সীমা দুবছৰ পর্যন্ত বৃদ্ধি কৰিব পৰাৰ সুযোগ আছে বুলি উচ্চতম ন্যায়ালয়ক জনাইছে কেন্দ্রীয় চৰকাৰে৷ ৰিজার্ভ বেংকৰ জাননী অনুসৰি ক’ভিড–১৯ত ক্ষতিগ্রস্ত বিভিন্ন খণ্ডক চিনাক্ত কৰি এই খণ্ডসমূহৰ ঋণৰ ধন আদায়ৰ ক্ষেত্রত থকা স্থগিতকৰণ দুবছৰ পর্যন্ত বৃদ্ধি কৰিব পৰা যাব৷ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কেন্দ্রীয় চৰকাৰৰ হৈ শীর্ষ আদালতক এই কথা জনাইছে৷
মেহতাই এই কথাও উল্লেখ কৰিছে যে ইতিমধ্যে ক’ভিডত অত্যধিক পৰিমাণে ক্ষতিগ্রস্ত খণ্ডসমূহক চিনাক্তকৰণৰ প্রক্রিয়া চলাই আছে কেন্দ্রীয় চৰকাৰে৷ দুর্যোগ ব্যৱস্থাপনা আইনৰ অধীনত ক্ষতিগ্রস্ত খণ্ডসমূহক পুনৰ উজ্জীৱনৰ সুযোগ দিয়াৰ চিন্তা–চর্চাও কেন্দ্রীয় চৰকাৰে চলোৱা বুলি ছলিচিটৰ জেনেৰেলগৰাকীয়ে শীর্ষ আদালতখনক জনাইছে৷
স্মর্তব্য যে যোৱা ২৬ আগষ্টত ক’ভিড ক্ষতিগ্রস্ত খণ্ডসমূহৰ ঋণৰ সুদ ৰেহাই দিবনে নাই এই সন্দর্ভত চৰকাৰে যথাসময়ত শপতনামা দাখিল কৰিবলৈ সক্ষম নোহোৱা বিষয়টোত ক্ষোভ উজাৰিছিল উচ্চতম ন্যায়ালয়ে৷ শীঘ্রে কেন্দ্রীয় চৰকাৰ আৰু ৰিজার্ভ বেংকৰ সৈতে অন্য বেংকসমূহৰ প্রতিনিধিৰ এক বৈঠক অনুষ্ঠিত হ’ব এই সন্দর্ভত সমাধানৰ সূত্র বিচাৰি৷