সোনকালে ক’ৰোনা ভেকচিনৰ আশা নকৰাই ভাল, জনালে বিশেষজ্ঞই
নিয়মীয়া বাৰ্তা ২ ছেপ্টেম্বৰঃ সকলোৱে আশা কৰিছিল প্ৰধামন্ত্ৰীয়ে নৰেন্দ্ৰ মোডীয়ে স্বাধীনতা দিৱসৰ দিনা ক’ৰোনা ভেকচিন মুকলিৰ কথা ঘোষণা কৰিব । কিন্তু বাস্তুৱত সেইটো সম্ভৱ হৈ নুঠিল। প্ৰধানমন্ত্ৰীয়ে কেৱল ভেকচিনৰ কেইবাটাও পৰ্যায়ত পৰীক্ষণ চলি আছে বুলি দেশবাসীক জানিবলৈ দিলে। কিন্তু এতিয়া সকলোৰে মাজত প্ৰশ্ন উদয় হৈছে কেতিয়া ক’ৰোনাৰ ভেকচিন ৰাইজে পাব। দেশৰ মাটিত ক’ৰোনা ভেকচিন বিকাশিত হওঁতে কিমান দিন সময় লাগিব?
এনে সময়তে এক গুৰুত্বপূৰ্ণ তথ্য সদৰি কৰিছে বিশেষজ্ঞ সকলে। এই তথ্য অনুসৰি ভাৰতৰ ভূমিত অতি সোনকালে ভেকচিন বিকশিত হোৱাৰ সম্ভাৱনা নাই। বিশেষজ্ঞসকলৰ তিনিটা সংগঠন IPHA, IAPSM আৰু IAE য়ে মন্তব্য কৰিছে যে অতি সোনকালে ক’ৰোনাৰ ভেকচিন অহাৰ সম্ভাৱনা নাই। আমি কমেও ১৮ মাহ ধৰি অপেক্ষা কৰিব লাগিব। আনহাতে এই ভেকচিন ১৮ মাহৰ ভিতৰত বিকশিত হলেও ই হ’ব বহুত দুৰ্লভ। কাৰণ সাধাৰণ ভেকচিনক বিকশিত কৰিবলৈ এটা দশকতৈও অধিক সময় লাগে। বিশেষজ্ঞ সকলৰ দাবী যে এমনিও ভেকচিনে ক’ৰোনো ভাইৰাছক প্ৰতিৰোধ কৰিব বুলি কোনো ধৰণৰ আশা কৰিব নোৱাৰি।
উল্লেখ্য যে দেশৰ তিনিটা ভেকচিনৰ পৰীক্ষণ বিভিন্ন পৰ্যায়ত চলি আছে। অক্সফৰ্ডৰ ভেকচিনেও ভাৰতত মানৱ পৰীক্ষণ আৰম্ভ কৰিছে। কিন্তু বিশেষজ্ঞ সকলে দাবী কৰিছে যে ভেকচিনৰ বাবে এতিয়া আমি বহু সময় অপেক্ষা কৰিব লাগিব।