নিয়মীয়া বাৰ্তা ২ ছেপ্টেম্বৰঃ এছ এছ বি অর্থাৎ সশস্ত্র সীমা বাহিনীত মুকলি হৈছে চাকৰি লাভৰ সোণালী সুযোগ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি এছ এছ বিৰ প্রশাসনিক দপ্তৰে এক বিস্তৃত নিয়োগ বিজ্ঞাপন ডি এ ভি পিৰ জৰিয়তে সংবাদপত্রত প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, কনিষ্টবলৰ ১,৫২২ খালী পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে– ড্রাইভাৰ (৫৭৪), লেবৰেটৰী এছিছটেণ্ট (২৪), ভেটেৰিনাৰী (১৬১), আয়া (৫), কার্পেণ্টাৰ (৩), প্লাম্বাৰ (১), পেইণ্টাৰ (১২), টেইলৰ (২০), কোবলাৰ (২০), গার্ডেনাৰ (৯), কুক (২৫৮), বাছাৰমেন (১২০), বাৰবাৰ (৮৭), চাফাইৱালা (১১৭), ৱাটাৰ কেৰিয়াৰ (১১৩) আৰু ৱেইটাৰ (১)ৰ পদ৷ উক্ত খালী পদকেইটাত পুৰুষ/মহিলা উভয় শ্রেণীৰ প্রার্থীয়ে আবেদন কৰিব পাৰে৷ কনিষ্টবল–ড্রাইভাৰ পদৰ প্রার্থী দশম শ্রেণী উত্তীর্ণ হোৱাৰ লগতে যান–বাহন চলোৱা বৈধ অনুজ্ঞা–পত্র থকা হোৱা হ’ব লাগিব৷ কনিষ্টবল–লেবৰেট এছিছটেণ্ট পদৰ প্রার্থী দশম শ্রেণী উত্তীর্ণ হোৱাৰ লগতে লেবৰেটৰী এছিছটেণ্টৰ প্রমাণ–পত্রধাৰী হ’ব লাগিব৷ কনিষ্টবল–আয়া পদৰ প্রার্থী দশম শ্রেণী উত্তীর্ণ হোৱা আৰু ফার্ষ্ট এইডৰ অভিজ্ঞতা থকা হ’ব লাগিব৷ আনহাতে, কনিষ্টবল–কার্পেণ্টা পদৰ পৰা ৱেইটাৰ পদৰ প্রার্থীৰ নূ্যনতম শৈক্ষিক অর্হতা দশম শ্রেণী৷ ইয়াৰোপৰি প্রার্থী সংশ্লিষ্ট ট্রেডত আই টি আইৰ ডিগ্রী/ ডিপ্ল’মাধাৰী হ’ব লাগিব৷ বয়স ২১–২৭, ১৮–২৫, ১৮–২৫, ১৮–২৫, ১৮–২৫ আৰু ১৮–২৩ বছৰৰ ভিতৰত হ’ব লাগিব৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে ৰেহাই লাভ কৰিব৷ নিযুক্তিপ্রাপ্তই মাহে ২১,৭০০–৬৯,০০০ টকা লাভ কৰিব৷ আবেদন মাচুল হিচাপে অসংৰক্ষিত, অ’বিচি আৰু আর্থিকভাৱে দুর্বল শ্রেণীৰ প্রার্থীয়ে ১০০ টকা এছ এছ বিৰ হকে পৰিশোধ কৰিব লাগিব৷ অৱশ্যে এই মাচুল এছ চি, এছ টি, প্রাক্তন কর্মচাৰী আৰু মহিলা প্রার্থীয়ে পৰিশোধ কৰিব নালাগে৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক বিতং তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ ৱেবছাইটwww.ssbrectt.gov.in লগ ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ২৭ ছেপ্ঢেম্বৰ, ২০২০৷ অৱশ্যে পার্বত্য আৰু দুর্গম অঞ্চলৰ প্রার্থীয়ে আবেদনৰ অন্তিম তাৰিখত অতিৰিক্তভাৱে ৭ দিনৰ সময়সীমা লাভ কৰিব৷ অনলাইন যোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটৰ লিংকhttps://applyssb.com/ SSBOnlineV1/applicationIndex ত ক্লিক কৰিব পাৰে৷