৭ বছৰৰ পিছত ইউ এছ অ’পেনৰ দ্বিতীয় ৰাউণ্ডত ভাৰতৰ সুমিত নাগল
নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰ: সুদীর্ঘ ৭ বছৰৰ পিছত ইউ এছ অ’পেনৰ পুৰুষ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত প্রৱেশ কৰি অনন্য গৌৰৱ অর্জন কৰিলে ভাৰতৰ সুমিত নাগলে৷ ক’ৰোনাৰ আতংকৰ মাজতে নিউয়র্কত চলি থকা সন্মানীয় গ্রেণ্ডশ্লামখনৰ মঙলবাৰে অনুষ্ঠিত পুৰুষ ছিংগলছৰ প্রথম ৰাউণ্ডৰ মেচ এখনত ভাৰতীয় খেলুৱৈগৰাকীয়ে আমেৰিকাৰ ব্রেডলে ক্লেনক সংগ্রামৰ মূৰত পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত স্থান সুৰক্ষিত কৰিবলৈ সক্ষম হয়৷
দুঘণ্টা ১২ মিনিটৰ মেচখনত নাগলে আমেৰিকাৰ খেলুৱৈগৰাকীক ৬–১, ৬–৩, ৩–৬, ৬–১ ছেটত পৰাস্ত কৰে৷ সম্প্রতি বিশ্বৰ ১২২তম বাছনিৰ ২৩ বছৰীয়া ভাৰতীয় টেনিছ খেলুৱৈগৰাকীয়ে দ্বিতীয় ৰাউণ্ডৰ মেচখনত দ্বিতীয় বাছনিপ্রাপ্ত ডমিনিক থিমৰ বিপক্ষে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ গ্রেণ্ডশ্লামখনৰ দ্বিতীয় ৰাউণ্ডত স্থান নিশ্চিত কৰি সুমিত নাগলে ইতিমধ্যে ৭৩ লাখ টকাৰ প্রাইজমানী লাভ কৰাটো নিশ্চিত কৰি তুলিছে৷
উল্লেখ্য যে নাগলৰ পূর্বে ২০১৩ চনত ভাৰতৰ সোমদেৱ দেৱবর্মনে ইউ এছ অ’পেনৰ পুৰুষ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত প্রৱেশ কৰিবলৈ সক্ষম হৈছিল৷ মন কৰিবলগীয়া যে বিগত বর্ষত গ্রেণ্ডশ্লামখনত সুমিত নাগলৰ অভিষেক ঘটিছিল যদিও প্রথম ৰাউণ্ডৰ মেচখনত ছুইজাৰলেণ্ডৰ কিংবদন্তি টেনিছ খেলুৱৈ ৰ’জাৰ ফেডেৰাৰৰ হাতত পৰাজয় স্বীকাৰ কৰিছিল৷