নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসামৰিক সেৱাৰ বিষয়াৰ বাবে এইবাৰ ‘মিছন কর্মযোগী’

নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰ:  অসামৰিক সেৱা বিষয়াসকলৰ কর্ম সক্ষমতা নির্মাণ তথা ভাৰতীয় সংস্কৃতি ৰক্ষাৰ বাবে ‘মিছন কর্মযোগী’ আঁচনিকে ধৰি বিভিন্ন বিষয়ত সিদ্ধান্ত লয় কেন্দ্রীয় কেবিনেটে৷ সংসদত জম্মু–কাশ্মীৰ ভাষা বিধেয়ক উত্থাপন সন্দর্ভতো কেন্দ্রীয় কেবিনেটে আজি অনুমোদন জনায়৷ মন্ত্রী প্রকাশ জাভেদকাৰ আৰু ড০ জিতেন্দ্র সিঙে কেবিনেটৰ সিদ্ধান্ত সন্দর্ভত সংবাদ মাধ্যমক সবিশেষ জনায়৷ অসামৰিক সেৱা বিষয়াসকলে ভাৰতীয় সংস্কৃতিৰ সৈতে সম্পর্ক ৰক্ষা কৰি সেৱাৰ দক্ষতা বৃদ্ধিৰ বিষয়টোক গুৰুত্ব প্রদান কৰিছে কেন্দ্রীয় চৰকাৰে৷ সেইবাবে কর্মযোগী আঁচনিৰ জৰিয়তে অসামৰিক সেৱাৰ বিষয়াসকলক ভৱিষ্যতে অধিক সৃষ্টিশীল, গঠনকামী, অনুভৱপ্রৱণ তথা সুদক্ষ হিচাপে গঢ়ি তোলাৰ চিন্তা চলোৱা হৈছে৷

You might also like