ইভ্লিন্টিছ চাজেমক সতী ৰাধিকা বঁটা প্রদান মুখ্যমন্ত্রীৰ
নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰ: মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে বুধবাৰে গুৱাহাটীৰ ৰবীন্দ্র ভৱনত আয়োজিত এক বিশেষ অনুষ্ঠানত ডিমা হাছাও জিলাৰ বিশিষ্ট সমাজসেৱিকা তথা শিক্ষা সংগঠক হভ্লিন্টিচ চাজেমক ২০২০ বর্ষৰ সতী ৰাধিকা বঁটা আনুষ্ঠানিকভাৱে প্রদান কৰে৷ বৈষৱ যুগৰ এগৰাকী মহীয়সী নাৰী সতী ৰাধিকাৰ পুণ্য স্মৃতিত অসম চৰকাৰে চলিত বর্ষৰ পৰা প্রৱর্তন কৰা এহ বঁটাত আছে ২ লাখ টকাৰ এখন চেক, এখন প্রশস্তি পত্র, এখন শৰাই আৰু অংগবস্ত্র৷ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ ডদ্যোগত তথা অসম অনুসূচিত জাতি যুৱ–ছাত্র সংস্থা আৰু সদৌ অসম অনুসূচিত জাতি ছাত্র সংস্থাৰ সহযোগত আয়োজিত এই গাম্ভীর্যপূর্ণ অনুষ্ঠানত বিশিষ্ট সমাজসেৱিকা চাজেমক এহ বঁটা প্রদান কৰি দিয়া ভাষণত মুখ্যমন্ত্রী সোণোৱালে কয় যে একবিংশ শতিকা মহিলাৰ শতিকা হিচাপে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ থাকিব৷ আজি সমাজ জীৱনৰ প্রতিটো ক্ষেত্রতে মহিলাসকলে পুৰুষৰ সমানে আগবাঢ়ি যাবলৈ সক্ষম হৈছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সবল নেতৃত্বত ভাৰত চৰকাৰে মহিলা সবলীকৰণৰ বাবে ‘বেটী বচাও, বেটী পঢ়াও’ৰ দৰে বহুসংখ্যক দূৰদর্শী আঁচনি ৰূপায়ণ কৰিছে৷ একে আদর্শৰে ৰাজ্য চৰকাৰেও মহিলাসকলৰ আর্থ–সামাজিক উন্নয়নৰ বাবে কনকলতা, আইদেউ সন্দিকৈ, ইন্দিৰা মিৰি, সতী সাধনী, মাংৰি ওৰাঙৰ দৰে মহীয়সী নাৰীৰ নামেৰে বহুসংখ্যক গুৰুত্বপূর্ণ আঁচনি ৰূপায়ণ কৰিছে৷ বৈষ্ণৱ যুগৰ মহীয়সী নাৰী সতী ৰাধিকাৰ ব্যক্তিত্বৰ বিষয়ে আমাৰ সমাজত অতি কম চর্চা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে এইগৰাকী কিংবদন্তি নাৰীৰ জীৱন আৰু ব্যক্তিত্বৰ বিষয়ে গভীৰভাৱে অধ্যয়ন কৰি তেওঁ দেখুৱাই যোৱা ধৈর্য, শৌর্য আৰু আদর্শৰে আমাৰ নতুন প্রজন্মই আগবাঢ়ি যোৱাৰ প্রেৰণা লোৱা উচিত৷ সতী ৰাধিকা বঁটাৰে সন্মানিত ইভ্লিন্টিচ চাজেমৰ জীৱন কঠোৰ পৰিশ্রম আৰু ত্যাগৰ এক উজ্জ্বল দৃষ্টান্ত৷ আজিৰ পৰা কেইবাদশকৰো আগৰ ডিমা হাছাওৰ দৰে প্রত্যন্ত এলেকাত এইগৰাকী নাৰীয়ে শিক্ষা গ্রহণৰ বাবে জাতিংগাৰ পৰা হাফলঙলৈ দৈনিক ২০ কিলোমিটাৰ পথ অতিক্রম কৰিবলগীয়া হৈছিল৷ নিজে গ্রহণ কৰা শিক্ষা তেওঁ নিজতে আবদ্ধ নাৰাখি সমাজৰ অৱহেলিত আৰু শিক্ষাবঞ্চিত লোকসকলৰ মাজত বিলাই দিছে৷ স্ত্রী–শিক্ষা প্রসাৰৰ বাবে এইগৰাকী নাৰীৰ আদর্শ ভিতৰুৱা অঞ্চলত বসবাস কৰা প্রতিগৰাকী মহিলাৰ বাবে গভীৰ প্রেৰণাৰ চানেকি হোৱা উচিত৷ ইপিনে সতী ৰাধিকা বঁটা গ্রহণ কৰি ইভ্লিন্টিচ চাজেমে তেওঁৰ জীৱন সংগ্রাম, কর্ম আৰু অভিজ্ঞতাৰ বিষয়ে চমু বক্তব্য দাঙি ধৰে৷ তেওঁ কয় যে আমি মাথোঁ এটা ভাল কামৰ সৰুকৈ আৰম্ভণি কৰিলেই হ’ল, সময়ে তাক এদিন নিজেই বৃহৎ ৰূপ দিয়ে৷ কথাৰে নহয়, আমি সকলোৱে কিছু ইতিবাচক কামৰ মাধ্যমেৰেহে সমাজলৈ সুপৰিৱর্তন অনাৰ প্রয়াসত ব্রতী হোৱা উচিত৷ ৰাজ্যখনৰ পাহাৰ–ভৈয়ামৰ লোকসকলকে ধৰি সকলোৰে সম–উন্নয়নৰ বাবে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে গ্রহণ কৰা সবল পদক্ষেপসমূহৰ বাবে লকডাউনৰ সময়তো মোৰ গাঁৱৰ কোনো এগৰাকী দৰিদ্র লোকে অনাহাৰে টোপনি যাবলগীয়া পৰিস্থিতিৰ উদ্ভৱ নহ’ল৷ ইয়াৰ বাবে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ৷ আজিৰ অনুষ্ঠানতে তেওঁ মুখ্যমন্ত্রী সোণোৱালৰ হাতত মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ কিছু আর্থিক বৰঙণিও আগবঢ়ায়৷
উল্লেখ্য যে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ বিৰচিত এটি বৰগীতেৰে শুভাৰম্ভ কৰা এই অনুষ্ঠানৰ আদৰণী ভাষণ প্রদান কৰে সাংস্কৃতিক পৰিক্রমা বিভাগৰ সঞ্চালক বিষ্ণুকমল বৰাই৷ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্রমা বিভাগৰ মন্ত্রী নৱ কুমাৰ দলে, গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্রী সিদ্ধার্থ ভট্টাচার্য, পৰিৱেশ আৰু বন বিভাগৰ মন্ত্রী পৰিমল শুক্লবৈদ্যই ভাষণ প্রদান কৰা এই অনুষ্ঠানত ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকা, চাহ জনজাতি কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্রী সঞ্জয় কিষাণ, বিধায়িকা আঙুৰলতা ডেকা, বিধায়ক গুৰুজ্যোতি দাস, বিশিষ্ট সমাজ সেৱক ফণীন্দ্র নাথ শর্মা, সাংস্কৃতিক পৰিক্রমা বিভাগৰ দায়িত্বত থকা ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰ, বিভাগৰ আয়ুক্ত–সচিব প্রীতম শহকীয়া, জ্যোতি চিত্রবনৰ অধ্যক্ষ পৱিত্র মার্ঘেৰিটাকে ধৰি বিভিন্ন নিগম–নিকায়ৰ অধ্যক্ষ–উপাধ্যক্ষস, সাংস্কৃতিক পৰিক্রমা বিভাগৰ উচ্চপদস্থ বিষয়ববীয়াসকল, অসম অনুসূচিত জাতি যুৱ–ছাত্র সংস্থাৰ সভাপতি নৃপেন দাস, সদৌ অসম অনুসূচিত জাতি ছাত্র সন্থাৰ মুখ্য উপদেষ্টা প্রবীণ বৈশ্যকে ধৰি সংগঠন দুটাৰ বিষয়ববীয়াসকল আৰু বহুসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷