নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২১ৰ মাজ ভাগলৈ সম্ভৱ নহ’ব ক’ভিড–১৯ৰ টিকাকৰণ

বিশ্ব স্বাস্থ্য সংস্থাৰ উদ্বেগজনক তথ্য

নিয়মীয়া বাৰ্তা ৫ ছেপ্টেম্বৰঃ  দেশত ক’ভিড–১৯ৰ সংক্রমণৰ ভয়াৱহতা দ্রুতগতিত বর্ধিত হৈ আছে৷ আগষ্ট মাহত প্রায় ২০ লাখ লোক আক্রান্ত হোৱাৰ পাছত সেই ধাৰা অব্যাহত থাকি আনলক–৪.০ৰ প্রথম তিনি দিনতে দেশজুৰি আক্রান্ত হ’ল ২.৪২ লক্ষাধিক৷ অর্থাৎ এক ছেপ্টেম্বৰৰ পৰা তিনি ছেপ্টেম্বৰলৈকে দেশত আক্রান্ত হ’ল ২.৪২ লক্ষাধিক৷ ইপিনে এক ছেপ্ঢেম্বৰৰ পৰা তিনি ছেপ্ঢেম্বৰলৈকে প্রতিদিনে এক সহস্রাধিক লোকৰ মৃত্যু ঘটাত মৃতকৰ সংখ্যাও দেশজুৰি বৃদ্ধি পাইছে৷ দেশত মুঠ মৃতকৰ সংখ্যা ৬৯ হাজাৰ অতিক্রম কৰাৰ দিশে৷ উল্লেখ্য যে বিশ্বৰ আক্রান্ত আৰু মৃতকৰ তালিকাত তৃতীয় স্থানত থকা ভাৰত শীঘ্রে আক্রান্তৰ তালিকাত দ্বিতীয় স্থানত উপনীত হ’ব৷ দ্বিতীয় স্থানত থকা ব্রাজিলত আক্রান্তৰ সংখ্যা ৪০ লক্ষাধিক হোৱাৰ বিপৰীতে ভাৰততো আক্রান্তৰ সংখ্যা ৪০ লাখ অতিক্রম কৰিছে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি ভাৰতত বিগত পষেক ধৰি প্রতিদিনে ১১ লক্ষাধিক লোকৰ ক’ভিড–১৯ পৰীক্ষণ সম্পন্ন কৰি থকা হৈছে৷ এতিয়ালৈকে দেশজুৰি ক’ভিড–১৯ৰ পৰীক্ষণ কৰা হৈছে ৪.৬৬ কোটিৰ অধিকৰ৷ আক্রান্তৰ বিপৰীতে দেশত সুস্থৰ হাৰ বিশ্বৰ আন দেশৰ তুলনাত উন্নত৷ দেশত সুস্থৰ হাৰ ৭৭.০৯ শতাংশ৷ ঠিক তেনেদৰে মৃতকৰ হাৰো দেশত তুলনামূলকভাৱে অতি কম৷ এইপর্যন্ত ৩৯ লক্ষাধিক আক্রান্ত লোকৰ ভিতৰত মৃত্যু ঘটিছে ৬৯ সহস্রাধিকৰ৷ মন্ত্রালয়ৰ তথ্য মতে, মৃতকৰ হাৰ ১.৭৫ শতাংশ৷ উল্লেখ্য যে বিশ্বজুৰি আক্রান্তৰ সংখ্যা ২.৬৫ কোটিৰ অধিক হোৱাৰ বিপৰীতে মৃতকৰ সংখ্যাই ৯ লাখ স্পর্শৰ দিশে আগবাঢ়িছে৷ বিশ্বৰ সর্বাধিক আক্রান্ত আৰু মৃতকৰ তালিকাত শীর্ষস্থানত থকা আমেৰিকা যুক্তৰাষ্ট্রত আক্রান্তৰ সংখ্যা ৬২ লক্ষাধিক হোৱাৰ বিপৰীতে মৃতকৰ সংখ্যা ১.৯০ লক্ষাধিক৷ আনপিনে, দ্বিতীয় স্থানত থকা ব্রাজিলত আক্রান্তৰ সংখ্যাই ৪০ লাখ অতিক্রম কৰাৰ বিপৰীতে মৃতকৰ সংখ্যা ১.২৫ লক্ষাধিক৷

২০২১ চনৰ মাজভাগলৈ ক’ভিড–১৯ৰ  টিকাকৰণ আশা কৰিব নোৱাৰিঃ বিশ্ব স্বাস্থ্য সংস্থা
বিশ্বব্যাপী সংহাৰী ৰূপ লোৱা ক’ভিড–১৯ৰ ভেকচিন চলিত বর্ষৰ শেষৰফালে মুকলি হ’ব বুলি চর্চা চলি থাকিলেও বিশ্ব স্বাস্থ্য সংস্থাই যোৱানিশা ইয়াৰ বিপৰীত উদ্বেগজনক মন্তব্য কৰিছে৷ জেনেভাস্থিত কার্যালয়ত বিশ্ব স্বাস্থ্য সংস্থাৰ মুখপাত্র মার্গাৰেট হেৰিছে এখন সংবাদ মেলত কয় যে ২০২১ চনৰ মাজভাগলৈ বহল ভিত্তিত ক’ভিড–১৯ৰ টিকাকৰণ আশা কৰিব নোৱাৰি৷ সেয়েহে দেশসমূহে অতি সক্রিয়তাৰে আৰু সুৰক্ষাৰে ক’ভিড–১৯ৰ পৰীক্ষণত প্রাধান্য দিব লাগিব৷ মুখপাত্রগৰাকীয়ে প্রকাশ কৰা মতে, বিশ্বজুৰি ক’ভিড–১৯ৰ ভেকচিন মানৱ দেহত পৰীক্ষণ দ্বিতীয় পর্যায় চলি আছে৷ তৃতীয় পর্যায়ৰ পাছতহে ভেকচিন মুকলি কৰিব পৰা যাব৷ তাৎপর্যপূর্ণ যে তৃতীয় পর্যায়ৰ ভেকচিন পৰীক্ষণ দীঘলীয়া হ’ব৷ আমেৰিকা যুক্তৰাষ্ট্র আৰু ৰাছিয়াই ভেকচিন মানৱ দেহত সফল পৰীক্ষণৰ দাবী কৰি শীঘ্রে বজাৰত এই ভেকচিন মুকলি কৰা হ’ব বুলি দাবী কৰি থাকিলেও কার্যতঃ বিশ্ব স্বাস্থ্য সংস্থাৰ মন্তব্যত এই কথা স্পষ্ট হৈছে যে চলিত বর্ষত ক’ভিড–১৯ৰ ভেকচিন বজাৰত মুকলি হোৱাটো অনিশ্চিত৷

You might also like