নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিনেত্রী ৰাগিণীৰ বাসভৱনত তালাচী চিচিবিৰ

কানাড়া ছবি উদ্যোগৰে ড্রাগছৰ সম্পর্ক

নিয়মীয়া বাৰ্তা ৫ ছেপ্টেম্বৰঃ  কানাড়া ছবি উদ্যোগৰ সৈতে ড্রাগছৰ সম্পর্ক থকা বিষয়টোক লৈ সমগ্র দেশজুৰি সৃষ্টি হৈছে চাঞ্চল্য৷ বাংগালুৰুৰ কেন্দ্রীয় অপৰাধ শাখাই (চিচিবি) ড্রাগছৰ সৰবৰাহকাৰী চক্রৰ সৈতে জড়িত থকাৰ অভিযোগত আজি কানাড়া ছবিজগতৰ জনপ্রিয় অভিনেত্রী ৰাগিণী দ্বিবেদীৰ বাসভৱনত তালাচী চলায়৷ আৰক্ষী বিষয়া এগৰাকীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি অভিনেত্রী ৰাগিণীৰ বাসভৱনত তালাচী চলোৱাৰ অনুমতি প্রদান কৰিছে আদালতে৷ স্থানীয় সংবাদ মাধ্যমৰ সূত্র অনুসৰি পুৱা ৬ বজাতে ৰাগিণীৰ বাসভৱনত চিচিবিৰ তদন্তকাৰী বিষয়াৰ দল উপস্থিত হয়৷ স্মর্তব্য যে চিচিবিয়ে বুধবাৰে অভিনেত্রীগৰাকীক জাননী জাৰি কৰি বৃহস্পতিবাৰে হাজিৰ হ’বলৈ নির্দেশ দিছিল৷ কিন্তু ৰাগিণীয়ে অধিবক্তাৰ দল এটা প্রেৰণ কৰি আগন্তুক সোমবাৰলৈ সময় বিচাৰিছিল৷ আৰক্ষীয়ে অধিবক্তাৰ আবেদন অগ্রাহ্য কৰি আজি ৰাগিণীক জেৰাৰ বাবে হাজিৰ হ’বলৈ নির্দেশ দিয়ে৷ এই বাতৰি যুগুতোৱাৰ পৰলৈ আৰক্ষীয়ে ৰাগিণীক জেৰা কৰি আছে৷ লক্ষণীয়ভাৱে কানাড়া ছবি উদ্যোগৰ সৈতে জনৈক ৰবি নামৰ ব্যক্তি এজনক আৰক্ষীয়ে ইতিমধ্যে গ্রেপ্তাৰ কৰিছে ড্রাগছৰ গোচৰত৷

You might also like