নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তামিলনাডুত আতচবাজীৰ কাৰখানাত অগ্ণিকাণ্ড, ৫জনৰ মৃত্যু

 নিয়মীয়া বাৰ্তা ৫ ছেপ্টেম্বৰঃ তামিলনাডুৰ কুড্ডালোৰ জিলাৰ কাট্টুমান্নাৰক’ভিলৰ সমীপৱর্তী কুৰানগুডি গাঁৱত এটা আতচবাজী কাৰখানাত সংঘটিত অগ্ণিকাণ্ডৰ ঘটনাত কমপক্ষেও ৫গৰাকী লোকৰ মৃত্যু হোৱাৰ উপৰি অন্য চাৰিগৰাকী গুৰুতৰভাৱে আহত হৈছে৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি কাৰখানাটোৰ ধ্বংসস্তূপত কেইবাগৰাকীও লোক আবদ্ধ হৈ আছে৷ পুৱাৰ ভাগতে সংঘটিত এই অগ্ণিকাণ্ডৰ পিছতে তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী তথা অগ্ণিনির্বাপক বাহিনীৰ জোৱানৰ দল৷ ইফালে, স্থানীয় সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি আতচবাজী কাৰখানাটোত অগ্ণিকাণ্ড সংঘটিত হোৱাৰ পিছতে প্রচণ্ড বিস্ফোৰণৰ সৃষ্টি হয়৷ বিস্ফোৰণৰ ফলত আতচবাজী কাৰখানা হিচাপে ব্যৱহূত প্রাসাদটো ধ্বংসস্তূপত পৰিণত হয়৷ গুৰুতৰভাৱে আহত চাৰিগৰাকী লোকক তাৎক্ষণিকভাৱে সমীপৱর্তী হাস্পতালত ভর্তি কৰা হৈছে৷ স্মর্তব্য যে এই অগ্ণিকাণ্ডৰ ঘটনা সন্দর্ভত জ্যেষ্ঠ আৰক্ষী বিষয়া তথা জিলা উপায়ুক্তৰ তৰফৰ পৰা চলাই থকা হৈছে তদন্ত৷ এই ঘটনাৰ লগে লগে সমগ্র অঞ্চলটোত সৃষ্টি হৈছে তীব্র উত্তেজনা৷

You might also like