অনুশীলনত নামিল চেন্নাই ছুপাৰ কিংছ
সলনি নহয় উদ্বোধনী মেচৰ সূচীঃ মুম্বাইৰ প্রতিদ্বন্দ্বী হ’ব চি এছ কে
নিয়মীয়া বাৰ্তা ৫ ছেপ্টেম্বৰঃ ১৩গৰাকীকৈ সদস্য ক’ভিড–১৯ত আক্রান্ত আৰু সুৰেশ ৰাইনা দেশলৈ উভতি অহাৰ সংবাদে ব্যাপক চর্চাৰ মাজত ৰখা চেন্নাই ছুপাৰ কিংছে আজিৰে পৰা অনুশীলন আৰম্ভ কৰিছে৷ আই পি এলৰ বাবে প্রায় এপষেক পূর্বেই ডুবাইত উপস্থিত হোৱা মহেন্দ্র সিং ধোনী নেতৃত্বাধীন দলটোৰ অধিকাংশ সদস্য তৃতীয়বাৰৰ বাবে ক’ভিড নিগেটিভ হোৱাৰ পিছত অনুশীলন আৰম্ভ কৰাৰ অনুমতি লাভ কৰে৷ চেন্নাই ছুপাৰ কিংছৰ চি ই অ’ কে এছ বিশ্বনাথনে জানিবলৈ দিয়া অনুসৰি ক’ৰোনা ভাইৰাছত আক্রান্ত প্রতিভাৱান বেগী বলাৰ দীপক চহৰ আৰু উদীয়মান মিডল অর্ডাৰ বেটছমেন ৰিতুৰাজ গাইকোৱাডৰ বাহিৰে আন সকলো খেলুৱৈয়ে আজি অনুশীলনত অংশ লয়৷ দীপক আৰু ৰিতুৰাজে ১৪ দিনৰ আইছ’লেচন সমাপ্ত কৰাৰ পিছত দুবাৰ ক’ভিড টেষ্টত নিগেটিভ হ’ব লাগিব৷ ইয়াৰ পিছতহে তেওঁলোকে দলীয় সতীর্থৰ সৈতে অনুশীলনত নামিব পাৰিব৷ উল্লেখ্য যে দীপক চহৰ হ’ল চেন্নাই ছুপাৰ কিংছৰ মূল একাদশৰ নিয়মীয়া খেলুৱৈ৷ একেদৰে অভিজ্ঞ তাৰকা ৰাইনাৰ অনুপস্থিতিত ৰিতুৰাজ গাইকোৱাডে এইবাৰ টপ অর্ডাৰত বেটিঙৰ সুযোগ পোৱাৰ সম্ভাৱনা আছে৷ ইফালে, চেন্নাই ছুপাৰ কিংছে অনুশীলন আৰম্ভ কৰাত স্বস্তিৰ নিশ্বাস এৰিছে আই পি এলৰ গৱর্নিং কাউঞ্চিলে৷ কিয়নো, অহা ১৯ ছেপ্ঢেম্বৰত আই পি এলৰ উদ্বোধনী মেচত মুম্বাইৰ বিৰুদ্ধে খেলপথাৰত নমাৰ কথা আছে মহেন্দ্র সিং ধোনীৰ চেন্নাই ছুপাৰ কিংছ৷ শেহতীয়াকৈ চেন্নাই ছুপাৰ কিংছে উদ্বোধনী মেচত অংশ লোৱাৰ ক্ষেত্রত অনিশ্চয়তাৰ সৃষ্টি হৈছিল যদিও ব’ডৰ এক সূত্রই আজি জানিবলৈ দিয়া অনুসৰি পূর্বৰ সূচী অনুসৰিয়ে মুম্বাই–চেন্নাইৰ মাজত আই পি এলৰ উদ্বোধনী মেচ খেলোৱা হ’ব৷ অৱশ্যে আই পি এলৰ সম্পূর্ণ সূচী আনুষ্ঠানিকভাৱে এতিয়াও ঘোষণা কৰিবলৈ বাকী আছে৷