নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰঃ দেশত প্রতিদিনেই বৃদ্ধি পাই আছে ক’ভিড–১৯ৰ সংক্রমণৰ ভয়াৱহতা৷ বিশ্বৰ ক’ভিড–১৯ৰ হটস্পটত পৰিণত হোৱা ভাৰতে আক্রান্তৰ তালিকাত দ্বিতীয় স্থানত থকা ব্রাজিলক অতিক্রম কৰি বিশ্বৰ সর্বাধিক আক্রান্তৰ দ্বিতীয় দেশ হিচাপে পৰিগণিত হয়৷ নিশা ১০.৩০ বজাত যুগুতোৱা বাতৰি মতে ভাৰতত শনিবাৰে আক্রান্তৰ সংখ্যা ৪১ লাখ অতিক্রম কৰে৷
ব্রাজিলত আক্রান্তৰ সংখ্যা ৪০.৯২ লক্ষাধিক৷ আগষ্ট মাহত প্রতিদিনে গড়ে ৬৪ হাজাৰকৈ ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পাছত ১ ছেপ্টেম্বৰৰ পৰা আক্রান্তৰ পৰিমাণ বৃদ্ধি হৈ প্রতিদিনে আক্রান্তৰ সংখ্যা নতুন নতুন অনাকাংক্ষিত অভিলেখ গঢ়ি আছে৷ যোৱা ২৪ ঘণ্টাত অর্থাৎ এদিনত দেশত আক্রান্ত হৈছে এতিয়ালৈকে এদিনত বিশ্বৰ সর্বাধিক ৮৬,৪৩২জন৷ এই লৈ দেশত আক্রান্তৰ সংখ্যাই ৪০ লাখ অতিক্রম কৰিছে৷ কালিৰ দিনটোতো ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা বর্ধিত হৈ থকাত নিশাৰ ভিতৰত আক্রান্তৰ সংখ্যা ৪১ লাখ অতিক্রম কৰাটো নিশ্চিত৷ তাৎপর্যপূর্ণ যে বিশ্বৰ সর্বাধিক আক্রান্তৰ তালিকাত দ্বিতীয় স্থানত থকা ব্রাজিলক অতিক্রম কৰাৰ দিশে দ্রুতগতিত আগবাঢ়িছে ভাৰত৷ কাইলৈৰ ভিতৰত বিশ্বৰ সর্বাধিক আক্রান্তৰ দ্বিতীয় স্থানত উপনীত হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷
উল্লেখ্য যে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে প্রকাশ কৰা তথ্যানুসৰি দেশত এতিয়ালৈকে ৩১ লক্ষাধিক লোক সুস্থ হৈ উঠিছে৷ আনপিনে ক’ভিড–১৯ত প্রথমটো দেশীয় ভেকচিন ‘ক’ভাক্সিন’ৰ দ্বিতীয় পর্যায়ৰ পৰীক্ষণ আৰম্ভ কৰিবলৈ কেন্দ্রীয় চৰকাৰে অনুমোদন জনাইছে৷ হায়দৰাবাদস্থিত ভাৰত বায়’টেকৰ বিকশিত ‘ক’ভাস্কিন’ৰ মানৱ দেহত দ্বিতীয় পর্যায়ৰ পৰীক্ষণ অহা ৭ ছেপ্ঢেম্বৰৰ পৰা আৰম্ভ হ’ব৷ দেশৰ ৩৮০ স্বেচ্ছাসেৱকক বিবিভি ১৫২ ক’ৰোনা ভাইৰাছ ভেকচিন অথবা ‘ক’ভাক্সিন’ দ্বিতীয় পর্যায়ৰ পৰীক্ষণত সাঙুৰি লোৱা হ’ব৷ তাৎপর্যপূর্ণ যে ক’ভাক্সিনৰ প্রথম পর্যায়ৰ পৰীক্ষণ এতিয়াও অব্যাহত আছে আৰু দ্বিতীয় পর্যায়ৰ পৰীক্ষণৰ অনুমতি লাভ কৰিছে ভাৰত বায়’টেকে৷