নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৮ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব কটন বিশ্ববিদ্যালয়ৰ স্নাতক বিজ্ঞানৰ শাখাৰ অনলাইন নামভৰ্তি

নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰঃ ৰাজ্যৰ আগশাৰীৰ শিক্ষানুষ্ঠান কটন বিশ্ববিদ্যালয়ৰ বিজ্ঞানৰ স্নাতক (সন্মান) প্ৰথম ষাণ্মাসিকৰ অনলাইন নামভৰ্তি প্ৰক্ৰিয়া ৮ ছেপ্টেম্বৰ, মঙলবাৰৰ পৰা আৰম্ভ হ’ব। অসম চৰকাৰৰ পৰামৰ্শ অনুযায়ী স্নাতক শাখাৰ ছীটৰ সংখ্যা এইবাৰ ২৫ শতাংশলৈ বৃদ্ধি কৰা হৈছে।

নামভৰ্তি প্ৰক্ৰিয়াত অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধীনৰ ছাত্ৰ-ছাত্ৰীক বিশেষ গুৰুত্ব প্ৰদান কৰা হ’ব।
প্ৰথম দিনা ২৯৪ ৰ পৰা ২৭৬ ৰ ভিতৰত ষ্টেণ্ডাৰ্দাইজ্দ নম্বৰ থকা আবেদনকাৰীসকলে নামভৰ্তিৰ সুযোগ লাভ কৰিব ৷

বিশ্ববিদ্যালয়ৰ ৱেবছাইট https://cottonuniversity.ac.in ত নামভৰ্তিৰ সবিশেষ ইচ্ছুক ছাত্ৰ-ছাত্ৰীয়ে চাব পাৰিব। আনহাতে যদি কোনো প্রার্থীয়ে ২৩/৭/২০২০ তাৰিখৰ বিজ্ঞপ্তি CU/Acad/UGAdmissions/2020/180/503c ৰ আগেয়ে প্রকাশিত বিষয়টোৰ সুনির্দিষ্ট ন্যূনতম প্রয়োজনীয়তা পূৰণ নকৰাকৈ অনাৰ্ছ বিষয় নির্বাচন কৰে, তেন্তে তেওঁৰ ভর্তি বাতিল কৰা হ’ব পাৰে।

গতিকে ছাত্ৰ-ছাত্ৰীসকলে নামভৰ্তিৰ প্ৰসংগত বিশ্ববিদ্যালয়খনৰ ৱেবছাইটত দিয়া জাননী সম্পৰ্কে অৱগত হোৱা দৰকাৰ বুলি বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়ক ড° সঞ্জয় কুমাৰ দত্তই এক বিবৃতিযোগে জানিবলৈ দিয়ে।

  

You might also like