নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাডাখত বাজিল যুদ্ধঘণ্টাঃ ৪৫ বছৰ পিছত এলএচিত গুলী

ভাৰতৰ ফৰ’ৱার্ড প’ষ্টত চীনা সৈন্যৰ ৫০–৬০জনীয়া দল

নিয়মীয়া বাৰ্তা ৯ ছেপ্টেম্বৰঃ  লাডাখৰ লাইন অৱ একচুৱেল কণ্ড্র’ল (এলএচি)ত ৪৫ বছৰৰ পিছত প্রথমবাৰৰ বাবে গুলীচালনাৰ ঘটনা সংঘটিত হ’ল৷ ভাৰত আৰু চীনে গুলীচালনাৰ এই ঘটনাৰ বাবে পৰস্পৰক দোষাৰোপ কৰি বিভ্রান্তিৰ সৃষ্টি কৰিলেও সীমান্তত এই ঘটনাই এতিয়া যুদ্ধসদৃশ উৎকণ্ঠাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ বৰফাবৃত্ত লাডাখৰ পর্বতত সোমবাৰৰ গুলীচালনাৰ পিছত উত্তেজনাৰ পাৰাস্তম্ভ ঊর্ধ্বমুখী হৈছে৷ বৃদ্ধি পাইছে দুয়ো পক্ষৰ সেনা সঞ্চালন৷কূটনৈতিক পর্যায়ত উভয় পক্ষই স্থিতাৱস্থাৰ সপক্ষত বক্তব্য দিলেও এল এ চিৰ দুয়োপাৰে সেনাবাহিনীৰ যুদ্ধংদেহি স্থিতি স্পষ্ট৷ চীনে অভিযোগ কৰে যে ভাৰতীয় সৈন্যই পাংগং লেকৰ দক্ষিণপাৰে সীমান্ত অতিক্রম কৰি নির্বিচাৰে গুলীচালনা কৰে৷ ইয়াৰ লগে লগে এনেধৰণৰ আলোচনা আৰম্ভ হৈ যায় যে অৰুণাচল প্রদেশত চীনৰ আগ্রাসী স্থিতিৰ প্রতিশোধ ল’বলৈ ভাৰতে লাডাখত গুলীচালনাৰ ঘটনা সংঘটিত কৰিছে৷ কিন্তু পিএলএৰ ৱেষ্টার্ন কমাণ্ডৰ মুখপাত্র ঝাং শ্বুইলিৰ এই অভিযোগ খণ্ডন কৰি ভাৰতীয় সেনাই ওলোটাই অভিযোগ কৰে যে চীনে ৰেছিং লা–ৰেজাংলা–মুখপুৰী আৰু মগৰশীল পার্বত্য অঞ্চলত অনধিকাৰ প্রৱেশ কৰি গুলীচালনাৰ ঘটনা সংঘটিত কৰে৷ উল্লেখ্য যে পাংগং হ্রদৰ কৌশলগতভাৱে গুৰুত্বপূর্ণ অঞ্চলৰ ভাৰতীয় সেনা উচ্চ উচ্চতাত সুবিধাজনক অৱস্থাত বাহৰ পাতি আছে৷ পাহাৰীয়া উচ্চ অঞ্চলৰ পৰা ভাৰতীয় সেনাক যাতে আঁতৰাই পঠিয়াব পাৰি, তাৰ বাবেই পিএলএৰ সৈন্যই এনেদৰে আগ্রাসন চলোৱা বুলি ভাৰতে অভিযোগ কৰিছে৷ ভাৰতীয় সেনাই দাবী কৰা মতে, এলএচিৰ ফৰ’ৱার্ড পজিচনত চীনা সেনাই ভাৰতৰ শিবিৰৰ নিচেই কাষলৈ আহি প্রৰোচিত কৰিছে৷ ভাৰতীয় সেনাই তেওঁলোকক বাধা দিয়াৰ সময়তে পিএলএৰ সৈন্যই ভয় দেখুৱাবলৈ শূন্যলৈ গুলীচালনা কৰে৷ এনে উচটনিৰ পিছতো ভাৰতীয় সৈন্যই পৰিপক্বতা আৰু দায়বদ্ধতাৰ পৰিচয় দি ধৈর্যৰে পৰিস্থিতি চম্ভালি লয়৷ সেনাই এক বিবৃতিত কয় যে চীনে বাৰে বাৰে দেখদেখকৈ চুক্তি ভংগ কৰি আছে আৰু আগ্রাসী কার্যকলাপ চলাইছে৷ সামৰিক, কূটনৈতিক আৰু ৰাজনৈতিক পর্যায়ত আলোচনা চলি থকাৰ সময়ত পিএলএৰ এনে আগ্রাসন গৰিহণাৰ যোগ্য৷ ভাৰতীয় সেনাই সীমান্তত শান্তি আৰু সুস্থিৰতা বজাই ৰাখিবলৈ প্রতিশ্রুতিবদ্ধ৷ কিন্তু ইয়াৰ লগতে দেশৰ অখণ্ডতা আৰু সার্বভৌমত্বক যিকোনো মূল্যৰ বিনিময়ত সুৰক্ষিত ৰাখিবলৈও ভাৰতীয় সেনা অংগীকাৰবদ্ধ৷ সেনাই লগতে দাবী কৰে যে স্বদেশ আৰু বিদেশী নাগৰিকক বিপথে পৰিচালিত কৰিবলৈ চীনা সৈন্যই কালি এনে বিবৃতি দিছে৷ ১৪ হাজাৰ ফুট উচ্চতাৰ পাংগং লেকত ২৯ আৰু ৩১ আগষ্টতো পিএলএই আগ্রাসন চলাইছিল৷ দুয়োবাৰেই ভাৰতে চীনা সৈন্যক খেদি পঠিয়াইছিল যদিও কোনো পক্ষই গুলীচালনাৰ আশ্রয় লোৱা নাছিল৷ কিন্তু সোমবাৰে সন্ধিয়া ৪৫ বছৰৰ বিৰতিৰ সমাপ্তি ঘটালে৷ ১৯৭৫ চনত অৰুণাচল প্রদেশৰ টুলুং লাত পিএলএই আছাম ৰাইফলছৰ এটা টহলদাৰী দলৰ ওপৰত এম্বুছ চলাইছিল৷ উক্ত ঘটনাত ৰাইফলছৰ চাৰিজন জোৱান নিহত হৈছিল৷ এইবাৰো পুনৰ চীনেই দীর্ঘদিনৰ শান্তি ভংগ কৰি সীমান্তত উত্তেজনাৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰিছে৷ লক্ষণীয় যে সোমবাৰৰ ঘটনা সংঘটিত হোৱা ভাৰতীয় সেনাৰ উক্ত ফৰ’ৱার্ড পজিচনত ভাৰতৰ স্থিতি এতিয়া মজবুত হৈ আছে৷ উক্ত স্থানত প্রায় ৭ হাজাৰ ভাৰতীয় সেনা নিয়োজিত হৈ আছে৷ সোমবাৰৰ ঘটনাৰ পিছত উক্ত স্থানলৈ নতুনকৈ কেইবাখনো টেংক প্রেৰণ কৰা হৈছে৷ চীনৰ ৱেষ্টার্ন কমাণ্ডৰ মুখপাত্র ঝাঙে অৱশ্যে দাবী কৰে যে যোৱানিশা ভাৰতীয় সেনাইহে সীমা অতিক্রম কৰি গুলীচালনা কৰিছিল৷ ‘আমি ভাৰতীয় পক্ষক অনুৰোধ জনাইছোঁ যাতে এনে বিপজ্জনক কার্যকলাপ তেওঁলোকে অনতি বিলম্বে বন্ধ কৰে৷’– ঝাঙে কয়৷ তেওঁ লগতে তদন্তৰ জৰিয়তে দোষী জোৱানক বাছি উলিয়াই শাস্তি বিহিবলৈও ভাৰতীয় সেনাক আহ্বান জনায়৷
লোহাৰ ৰড–চোকা অস্ত্রৰে সজ্জিত হৈ আহিছিল চীনা সৈন্য
চোকা অস্ত্রৰে সু–সজ্জিত হৈ আক্রমণৰ বাবে ৰেজাংলা অঞ্চলত উপস্থিত হৈছিল পি এল এৰ সৈন্য৷ বন্দুকৰ উপৰি তেওঁলোকৰ হাতে হাতে আছিল লাঠী–ৰড–যাঠী–শিকল্ আদি৷ এক সূত্রই প্রকাশ কৰিছে এই কথা৷ চৰকাৰী সূত্রটোৰ মতে এল এ চি পাৰ হোৱা পি এল এৰ দলটোত আছিল ৫০–৬০জন সৈন্য৷ স্মর্তব্য যে গালৱানতো পি এল এৰ সৈন্যই অনুৰূপ অস্ত্রৰে সজ্জিত হৈ আহিছিল৷ সূত্রটোৰ মতে গালৱানৰ দৰে পৰিস্থিতিৰ যাতে সৃষ্টি নহয়, তাৰ বাবে ভাৰতীয় সেনাই বিশেষ সতর্কতা অৱলম্বন কৰিছিল৷ ইপিনে, আজি নিৰাপত্তা সম্পর্কীয় কেবিনেট কমিটীৰ বৈঠকত চীনৰ আগ্রাসন সন্দর্ভত আলোচনা কৰা হয়৷
উত্তপ্ত ব্রিগেডিয়াৰ পর্যায়ৰ আলোচনা
চীন আৰু ভাৰতীয় সেনাৰ মাজত কালিৰ ঘটনাক লৈ হোৱা ব্রিগেডিয়াৰ পর্যায়ৰ বৈঠক উত্তপ্ত হৈ পৰে৷ প্রথমে দুয়ো পক্ষৰ ব্রিগেডিয়াৰে সন্মুখা–সন্মুখিকৈ আলোচনাত মিলিত হোৱাৰ কথা আছিল যদিও পিছত হটলাইনত আলোচনাৰ সিদ্ধান্ত লোৱা হয়৷ দুয়োৰে মাজত উচ্চ স্বৰত বাক্যবাণৰ লগতে পৰস্পৰক সমালোচনা কৰা বুলি প্রকাশ পাইছে৷
আজি মস্কোত ভাৰত–চীনৰ বৈদেশিক মন্ত্রীৰ বৈঠক
আজি মস্কোত বৈঠকত মিলিত হ’ব ভাৰতৰ বৈদেশিক মন্ত্রী এছ জয়শংকৰ আৰু চীনৰ বৈদেশিক মন্ত্রী ৱাং ই৷ ইয়াৰ মাত্র দুদিন পূর্বে লাডাখত সংঘটিত ঘটনাৰ প্রভাৱ বৈঠকত পৰাটো নিশ্চিত৷ জয়শংকৰে কয় যে এল এ চিৰ পৰিস্থিতি অত্যন্ত জটিল আৰু দুয়ো দেশৰ দ্বিপাক্ষিক সম্পর্কৰ বাবে এয়া শুভ বার্তা নহয়৷ বৃহস্পতিবাৰৰ পৰা মস্কোত হ’ব ছাংহাই কো–পাৰেচন অর্গেনাইজেচনৰ সন্মিলন, য’ত চীন–ভাৰতকে ধৰি ৮খন দেশৰ বৈদেশিক মন্ত্রীয়ে ভাগ ল’ব৷ ইয়াৰ মাজতে বৈঠক অনুষ্ঠিত হ’ব জয়শংকৰ আৰু ৱাঙৰ মাজত৷
অৰুণাচলৰ সন্ধানহীন ৫ যুৱক চীনৰ ভূমিত, চীনা সৈন্যৰ স্বীকাৰঃ  কিৰেণ ৰিজিজু
অৰুণাচল প্রদেশৰ পৰা সন্ধানহন হোৱা ৫ যুৱক সন্দর্ভত কালি চীনে কোনো মন্তব্য কৰাৰ পৰা বিৰত থকাৰ পাছত আজি সন্ধানহীন যুৱককেইজন চীনৰ ভূমিত থকা বুলি স্বীকাৰ কৰিছে৷ কেন্দ্রীয় ৰাজ্যিক মন্ত্রী তথা অৰুণাচলৰ সাংসদ কিৰেণ ৰিজিজুৱে অৰুণাচল প্রদেশৰ যুৱককেইজনক চীনৰ ভূমিত পোৱা বুলি চৰকাৰখনে নিশ্চিত কৰা বুলি আজি সদৰী কৰিছে৷ টুইটাৰযোগে মন্ত্রীগৰাকীয়ে কয় যে ভাৰতীয় সেনাই হটলাইনযোগে চীনৰ পিএলএক বিষয়টো অৱগত কৰাত তেওঁলোকে এইক্ষেত্রত সঁহাৰি জনাই তেওঁলোকৰ ভূমিত যুৱককেইজন থকা বুলি নিশ্চিত কৰি দিছে৷ যুৱককেইজনক স্বভূমিলৈ ওভতাই অনাৰ বাবে প্রয়োজনীয় পদক্ষেপ ইতিমধ্যে গ্রহণ কৰিছে৷

You might also like