কৃষ্ণ জন্মাষ্টমী উপলক্ষে জনসংখ্যা ফাউণ্ডেশ্যনৰ প্ৰেছ বিজ্ঞপ্তি
নিয়মীয়া বাৰ্তা ৯ ছেপ্টেম্বৰঃ আজি ভাদ মাহৰ কৃষ্ণ জন্মাষ্টমী৷ সমূহ ৰাইজলৈ কৃষ্ণ সেৱা আগবঢ়াইছো৷ যিদৰে দ্বাপৰ যুগত অন্যায় ৰোধিবলৈ প্ৰভু বিষ্ণুৱে শ্ৰীকৃষ্ণ নাম লৈ ন্যায় প্ৰতিষ্ঠাৰ বাবে নিজৰ মোমায়েক কংসক বধ কৰিছিল সেইদৰে আজি আমি সকলোৱে পণ লোৱা উচিত বৰ্তমান সমাজ আৰু পৃথিৱীৰ শত্ৰুস্বৰূপ জনসংখ্যা বিস্ফোৰণ যিকোনো প্ৰকাৰে ৰোধ কৰিবলৈ৷ ইয়াৰ বাবে আমাক প্ৰয়োজন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ৷ এই কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰণয়নৰ বাবে চৰকাৰক হেঁচা প্ৰদান কৰিবলৈ ‘জনসংখ্যা সমাধান ফাউণ্ডেশ্যন’-এ নিৰন্তৰ প্ৰয়াস চলাই গৈছে৷
আহক, আজিৰ এই জন্মাষ্টমীৰ পৱিত্ৰ দিনটোত আৰু অধিক শক্তিৰে কংসৰূপী জনসংখ্যা বিস্ফোৰণ সম্পূৰ্ণৰূপে মষিমূৰ কৰিবলৈ আমি সকলোৱে মাৰবান্ধি থিয় হও৷ সকলো কংস হওক ধ্বংস৷
শৈলেন্দ্ৰ পাণ্ডে, অধ্যক্ষ, পূৰ্বোত্তৰ প্ৰান্ত, শিৱ প্ৰসাদ শৰ্মা, অধ্যক্ষ, অসম প্ৰান্ত, লালজী সোণাৰী, সংযোজক, পূৰ্বোত্তৰ, ডঃ শুভজিত চৌধুৰী, সম্পৰ্ক প্ৰমুখ, পূৰ্বোত্তৰ জনসংখ্যা সমাধান ফাউণ্ডেশ্যন, ভাৰত