চীনৰ কূটকৌশল
নিয়মীয়া বার্তা, ১২ ছেপ্টেম্বৰঃ মস্কোত ভাৰত আৰু চীনৰ বিদেশ মন্ত্রীৰ মাজত পাঁচদফীয়া বুজাবুজিৰ চুক্তিৰে লাডাখৰ পৰিস্থিতি পুনৰ শান্ত কৰাৰ লগতে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পর্ক উন্নত কৰাৰ প্রচেষ্টা হাতত লোৱা হৈছে৷ কিন্তু এছ জয়শংকৰ আৰু ৱাং ইৰ মাজত হোৱা এই বুজাবুজিৰ সুফল ভাৰতৰ পক্ষে লাভ কৰাটো কিমান দূৰ সম্ভৱ হ’ব, তাক লৈ স্বাভাৱিক কাৰণতে অনিশ্চয়তা থাকি গৈছে৷ ইয়াৰ মূল কাৰণ হ’ল পূর্বৰ অভিজ্ঞতা৷ চীনে এই পর্যন্ত কেইবাবাৰো সীমান্তৰ বিবাদ নিষ্পত্তিৰ বাবে ভাৰতৰ সৈতে বুজাবুজিত উপনীত হ’লেও বাৰে বাৰে নিয়ম ভংগ কৰি আহিছে৷ ১৯৭৪ চনত চীনৰ এটা অধ্যয়নকাৰী গোটে লাডাখৰ লাইন অৱ এক্সুৱেল কণ্ড্র’ল (এলএচি) নিৰূপণ কৰি দিছিল৷ ভাৰতেও একপ্রকাৰ লাডাখৰ এই এলএচিক সন্মান প্রদর্শন কৰিছিল৷ কিন্তু ইয়াৰ পাছতো পিএলএৰ আগ্রাসন লাডাখৰ পৰা অৰুণাচল প্রদেশলৈ সুদীর্ঘ এলএচিত অব্যাহত আছে৷ ১৯৭৪ চনৰ পিছত ভাৰতে বৃহৎ অঞ্চল হেৰুৱাবলগীয়া হৈছে৷ গতিকে মস্কোৰ আলোচনাৰ বাতৰি উৎসাহজনক হ’লেও প্রকৃতার্থত ভাৰতে ইয়াৰ সুফল লাভ কৰিবনে নাই সেই কথা সময়তহে পৰিষ্কাৰ হ’ব৷
চীনে দাবী কৰিছে যে চৌ এন লাই প্রধানমন্ত্রী হৈ থকাৰ সময়ত ১৯৫৯ চনত যিখন মানচিত্র প্রস্তুত কৰিছিল তাৰ মতেই সীমা নির্ধাৰণ হ’ব লাগে৷ কিন্তু ভাৰতে এতিয়াও উক্ত মানচিত্র মানি লোৱা নাই৷ ইয়াৰ বাবে সীমান্তত বাৰে বাৰে চীনে আগ্রাসন চলাই আহিছে৷ এটা কথা ঠিক যে সীমান্তত সৰু–সুৰা মুখামুখিৰ ঘটনা সংঘটিত হৈ আহিলেও ভাৰত আৰু চীনৰ মাজত আন সম্পর্ক মন্থৰ গতিত হ’লেও আগবাঢ়ি আছিল৷ চীনে নিজেই উদ্যোগ লৈ বাণিজ্যিক, সাংস্কৃতিক, কূটনৈতিক সম্পর্কক আগবঢ়াই নিয়াৰ প্রয়াস কৰিছিল৷ ভাৰত আৰু চীনৰ মাজত থকা বাণিজ্যিক লেনদেন যথেষ্ট বিশাল৷ অৱশ্যে দ্বিপাক্ষিক বাণিজ্যিক লেনদেনত চীনৰ তুলনাত ভাৰতত লাভ যথেষ্ট কম হৈ আহিছে৷ তৎসত্ত্বেও ভাৰত আৰু চীনৰ সম্পর্ক সীমান্তৰ অশান্তিৰ মাজতো চলি থাকিব বুলি এটা ধাৰণা কৰা হৈছিল৷ কিন্তু এতিয়া ১৯৮১ চনত তদানীন্তন প্রধানমন্ত্রী প্রয়াত ইন্দিৰা গান্ধীয়ে চীনা বিদেশমন্ত্রী হুৱাং হুৱাক কোৱাৰ দৰেই সীমান্তত শান্তি স্থাপন নোহোৱাপর্যন্ত দুয়ো দেশৰ মাজত স্বাভাৱিক বন্ধুত্বপূর্ণ সম্পর্ক স্থায়ী হ’ব নোৱাৰে বুলি প্রমাণিত হৈছে৷
দুয়োখন দেশৰ ৰাজনৈতিক নেতৃত্বই সীমান্তৰ পৰিস্থিতি উন্নত কৰিবলৈ আন্তৰিকতাৰে আগবাঢ়ি অহাটো এতিয়া অত্যন্ত জৰুৰী হৈ পৰিছে৷ সীমান্তৰ পৰিস্থিতিক লৈ ৰাজনৈতিক নেতৃত্বই যদি ৰাজনৈতিক মুনাফা আদায় কৰাৰ পৰিকল্পনা কৰে তেন্তে সেয়া হ’ব অত্যন্ত দুর্ভাগ্যজনক৷ তদুপৰি এনে পৰিস্থিতিত সীমান্তৰ পৰিৱেশ অদূৰ ভৱিষ্যতে সুস্থিৰ হোৱাৰ সম্ভাৱনা ক্ষীণ৷ বিভিন্ন সংবাদ–পত্রত প্রকাশ পোৱা মতে চীনৰ ৰাষ্ট্রপতি ঝি জিন পিং বর্তমান নিজৰ দেশত ৰাজনৈতিক প্রত্যাহ্বানৰ সন্মুখীন হৈছে৷ ইয়াৰ বাবেই সমর্থন আদায়ৰ বাবে তেওঁ লাডাখ সীমান্তত ভাৰতৰে যুদ্ধসদৃশ পৰিৱেশ সৃষ্টি কৰি স্বদেশত জাতীয়তাবাদী আৱেগ সৃষ্টি কৰিব খুজিছে আৰু ইয়াৰ জৰিয়তে সমর্থন আদায়ৰ চেষ্টা কৰিছে৷
সেয়াই যদি সঁচা হয় তেন্তে আগন্তুক সময়ত সীমান্তৰ পৰিৱেশ অধিক জটিল হৈ পৰাটোৱে স্বাভাৱিক৷ ভাৰতে নিশ্চিতভাৱে এই দিশটোৰ ওপৰতো গুৰুত্ব দিছে৷ ভাৰতৰ বাবে এই মুহূর্তত আটাইতকৈ গুৰুত্বপূর্ণ দায়িত্ব হ’ল সীমান্তত সাহসিকতাৰে থিয় দিয়া৷ পিএলএৰ যিকোনো প্রৰোচনামূলক কার্যকলাপক ভাৰতীয় সেনাই উচিত প্রত্যুত্তৰ দিবই লাগিব৷ যোৱা সোমবাৰে ভাৰতীয় সেনাই লাডাখত এনে সাহসিকতাই আকৌ এবাৰ প্রদর্শন কৰিলে৷ চীনৰ পৰৱর্তী কূটকৌশল হয়তো নতুন ৰূপত দেখা দিব পাৰে৷ তাৰ বাবেও ভাৰতীয় সেনা সাজু থাকিব লাগিব৷ চীনৰ আগ্রাসন পিএলএৰ কোনো কমাণ্ডাৰে লোৱা সিদ্ধান্ত নহয়৷ শীর্ষ নেতৃত্বৰ নির্দেশতেই পিএলএই আগ্রাসন চলাইছে৷ সেয়ে ভাৰত চৰকাৰে সেনাক পূর্ণ সমর্থন আগবঢ়োৱাটো অত্যন্ত জৰুৰী৷