উত্তৰ শালমাৰাত আই–মানাহ–লুইতৰ কালৰূপ
নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ ৰাজ্যৰ জলসম্পদ আৰু গ্রামোন্নয়ন বিভাগে নৈসমূহৰ গৰাখহনীয়া ৰোধৰ বাবে প্রতি বছৰে লাখ লাখ কোটি টকা ব্যয় কৰি আহিছে৷ কিন্তু বিভাগটোৰ দুর্নীতি আৰু অকর্মণ্যতাৰ বাবে অঞ্চলে অঞ্চলে খহনীয়া ৰোধ হোৱাটো দূৰৰে কথা নতুকৈ আকৌ খহনীয়াৰ সৃষ্টি কৰি হাজাৰ হাজাৰ লোকক গৃহহীন কৰিছে৷ হাজাৰ হাজাৰ একৰ কৃষিভূমি নৈৰ বুকুত জাহ যোৱাত কৃষক ৰাইজ সর্বহাৰা হৈ পৰিছে৷
তাৰ বিপৰীতে বিভাগীয় মন্ত্রী, বিয়াগোম বিষয়াৰ ৰহস্যজনক নির্লিপ্ততাত অঞ্চলে অঞ্চলে লুণ্ঠিত হৈছে ৰাজকোষৰ ধন৷ তেনেদৰে বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাতো ব্রহ্মপুত্র, আই, মানাহ, চম্পা আদি নৈৰ খহনীয়া ৰুধিবলৈ জলসম্পদ আৰু গ্রামোন্নয়ন বিভাগে প্রতি বছৰে বৃহৎ পৰিমাণৰ পুঁজি আবণ্টন দি বান্ধ, মথাউৰি নির্মাণ কৰিছে৷ কিন্তু দুর্নীতিত নিমজ্জিত বিষয়া–ঠিকাদাৰৰ বাবেই প্রতিটো আঁচনিয়েই যেন একপ্রকাৰ অশ্বডিম্বত পৰিণত হৈছে৷
আনপিনে খহনীয়াই তীব্র ৰূপ ধাৰণ কৰাৰ পাছতো কেতবোৰ অঞ্চলত দুয়োটা বিভাগে আঁচনি ৰূপায়ণৰ কোনো গুৰুত্বই নিদিলে৷ এনে কাৰণতে মানাহ নৈয়ে সন্তোষপুৰ, ডুমেৰগুৰি, দুবাচুৰী, মধুফল আদিত পানী শুকোৱাৰ পাছতেই খহনীয়াই তীব্র কৰি তোলে৷ উল্লেখ্য যে যোৱা তিনিদিন ধৰি নৈৰ পানী বাঢ়িবলৈ লয় যদিও খহনীয়াই অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰি ইতিমধ্যে সন্তোষপুৰ দ্বিতীয় খণ্ডত ২০টা পৰিয়ালৰ ভেটি–মাটি উছন কৰিছে৷
এনে অৱস্থাত লাম–লাকুটি লৈ কোনোৰকমে নিৰাপদ স্থানত আশ্রয় লৈছে৷ ইয়াৰ পাছতো খহনীয়া প্রতিৰোধৰ কোনো ব্যৱস্থাই নল’লে কোনো এটা বিভাগে৷ তেনেদৰে মেৰেৰচৰ পঞ্চায়তৰ দুবাচুৰীতো আৰম্ভ হৈছে খহনীয়াৰ তাণ্ডৱ৷ মানাহ নৈয়ে প্রায় আধাকিলোমিটাৰ পশ্চিম দিশলৈ আগুৱাই অহাত দুবাচুৰী প্রথম খণ্ডৰ চেংটাপাৰাত খহনীয়াৰ তাণ্ডৱ চলাইছে৷
ইতিমধ্যে চি চি ব্লকৰ পথকে ধৰি দুবাচুৰী চৰপাৰা প্রাথমিক বিদ্যালয় আৰু কেইবাটাও পৰিয়ালৰ ঘৰ–বাৰী খহনীয়াই উছন কৰিছে কেইদিনমান পূর্বেই এলেকাটোত খহনীয়া প্রতিৰোধৰ বাবে বাঁহৰ পার্কুপাইন বহুৱাবলৈ বঙাইগাঁও জিলা পৰিষদে ২ লাখ টকা আগবঢ়াইছিল যদিও ইয়াৰে সামান্য পৰিমাণৰ পার্কুপাইন দিয়ে যদিও আটাইখিনিয়ে ইতিমধ্যে নৈত জাহ গৈছে৷
নৈখনৰ খহনীয়া ইমানেই বৃদ্ধি পাইছে যে ইয়াৰ প্রতিৰোধ গঢ়ি তুলিব নোৱাৰিলে অচিৰেই মেৰেৰচৰ, নসত্র আদি পঞ্চায়তৰ বহু ৰাজহ গাঁও ক্ষতিগ্রস্ত হোৱাৰ আশংকা কৰিছে ৰাইজে৷ ইপিনে নৈখনে বৰজানা পঞ্চায়তৰ মধুফলতো খহনীয়াৰ তাণ্ডৱ চলাই আছে৷ ইতিমধ্যে পকী পথ, বিদ্যালয় বহু পৰিয়ালৰ ঘৰ–বাৰী উছন কৰাৰ পাছত নৈখনে বৰজানা গাঁৱলৈ অগ্রসৰ হৈছে৷
আনপিনে মালেগড আৰু পাছনীয়া–খোৰাগাঁও পঞ্চায়তৰ ৫নং চৰ, ৬নং চৰ, বুঢ়ীৰ চৰ, মোহনপুৰ, পাছনীয়া প্রথম খণ্ডত ব্রহ্মপুত্র আৰু মানাহ নৈৰ খহনীয়া প্রতিৰোধ কৰিবলৈ জলসম্পদ বিভাগে ৩২ কোটি টকীয়া বিয়াগোম আঁচনি গ্রহণ কৰিছিল যদিও জলসম্পদ বিভাগৰ ধুবুৰী সংমণ্ডলৰ বিষয়া–কর্মচাৰী ঠিকাদাৰৰ সমূহীয়া লুণ্ঠনৰ বাবে ব্যর্থ হয় আঁচনিখন৷ পৰিণতিতেই ৫নং, ৬নং চৰ, বুঢ়ীৰ চৰ ইতিমধ্যে প্রায় নিশ্চিহ্ণ কৰাৰ উপৰি পাছনীয়াৰ শ শ হেক্টৰ ভূমি নৈ দুখনে খহাই নি আতংকিত কৰি তুলিছে ৰাইজক৷