বাইকসহ পৰিল পুখুৰীত, উদ্ধাৰ যুৱকৰ মৃতদেহ
নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ দৰঙৰ দেওমৰনৈত কালি এজন যুৱকৰ মৃতদেহ বাইকসহ পুখুৰীত উদ্ধাৰ হয়৷ স্থানীয় শৈয়ালা বৈষ্ণৱ সত্র পথৰ দাঁতিত থকা এক গভীৰ পুখুৰীত পুৱা মটৰচাইকেলসহ এজন যুৱকৰ মৃতদেহ পুখুৰীত ডুবি থকা প্রত্যক্ষ কৰি ৰাইজে উদ্ধাৰ কৰে৷ পাছলৈ মৃতদেহটো দেওমৰনৈ খাৰখোৱাপাৰা গাঁৱৰ অজিত ডেকাৰ বুলি চিনাক্ত কৰা হয়৷ উক্ত পুখুৰীৰ পৰা এ এছ ১৩ জি ০৯৬৩ পঞ্জীয়ন নম্বৰৰ দুচকীয়া বাহনখনো উদ্ধাৰ কৰে৷ নিশা প্রায় ৯.৩০ বজাত অজিত মঙলদৈৰ পৰা কোনো কামত মঙলদৈ–মাজিকুছি পথেৰে উভতি আহি দেওমৰনৈ ডাকঘৰৰ সমীপত ফাটিযোৱা শৈয়ালা বৈষ্ণৱ মন্দিৰ পথেৰে ৰাওনা হৈছিল৷
কিন্তু উক্ত পথৰ এক দ পুখুৰীত নিশা বাগৰি পৰে আৰু বাইকৰ হেঁচাত যুৱকজনে পানীৰ পৰা উঠি আহিব নোৱাৰি দুর্ভাগ্যজনকভাৱে প্রাণ এৰে৷ এই ঘটনা বিয়পি পৰাৰ পাছত উক্ত স্থানত বহুলোক সমৱেত হয় আৰু আৰক্ষীলৈ বাট নাচাই পোনে পোনে পুখুৰীৰ পৰা মটৰচাইকেলসহ যুৱকজনক উদ্ধাৰ কৰে৷ পাছলৈ পাথৰিঘাট আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া মহেন্দ্র শর্মাৰ নেতৃত্বত এটা দলে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ আহে৷
মন কৰিবলগীয়া যে কেইবাবছৰো গুজৰাটত কর্মসূত্রে থকা অজিত ডেকা লকডাউনৰ সময়ত ঘৰলৈ অহাৰ পাছত নানান আহুকালৰ সন্মুখীন হয়৷ পোনতে ক’ভিডত আক্রান্ত হৈ দেওমৰনৈৰ প্রথমগৰাকী ক’ৰোনা পজিটিভ যুৱক হিচাপে পৰিগণিত হৈছিল৷
৩০ বছৰীয়া অজিতে ক’ভিডৰ পৰা ৰক্ষা পৰিল যদিও নিশা দুর্ভাগ্যজনকভাৱে প্রাণ হেৰুৱায়৷ মাতৃ আৰু এগৰাকী ভাতৃক ইহসংসাৰত এৰি যোৱা যুৱকজনৰ মৃত্যুত আছুসহ বিভিন্ন দল–সংগঠনে শোক প্রকাশ কৰিছে৷ ইতিমধ্যে আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ দিহা কৰিছে আৰু প্রতিবেদনতহে স্পষ্ট হ’ব দুর্ঘটনাজনিত মৃত্যু নে হত্যাকাণ্ড৷