গুৱাহাটী প্রেছ ক্লাবত সাংবাদিকৰ এণ্টিবডী স্ক্রীনিং
নিয়মীয়া বাৰ্তা, ১৪ ছেপ্টেম্বৰঃ মহামাৰী ক’ৰোনাৰ বিৰুদ্ধে যুঁজ দি থকা সাংবাদিকৰ প্রতি দায়বদ্ধতাৰে গুৱাহাটী প্রেছ ক্লাবৰ আন এক প্রয়াস৷ শতাধিক সাংবাদিকৰ মাজত দেওবাৰে কৰা হয় এণ্টিবডী স্ক্রীনিং (ছেৰ’ল’জী ছার্ভে)৷ সৃজন অসম আৰু মেডিচিটী, গুৱাহাটীৰ সহযোগত গুৱাহাটী প্রেছ ক্লাব প্রেক্ষাগৃহত অনুষ্ঠিত হয় এই স্ক্রীনিং৷
এই এণ্টিবডী স্ক্রীনিঙৰ জৰিয়তেICMRৰ দেশজুৰি চলি থকা ক’ভিড–১৯ আক্রান্তৰ সমীক্ষাৰ অন্যতম অংশ হিচাপেই গুৱাহাটীস্থিত সাংবাদিকৰ মাজত কৰা হয় এই এণ্টিবডী স্ক্রীনিং৷ মেডিচিটী, গুৱাহাটীৰ চিকিৎসক ডাঃ খলিল ছিদ্দিকিয়ে শুভাৰম্ভ কৰা অনুষ্ঠানটোত উপস্থিত থাকে গুৱাহাটী প্রেছ ক্লাবৰ সাধাৰণ সম্পাদকসহ প্রেছ ক্লাবৰ আন আন বিষয়ববীয়াসকল৷