নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জালুকবাৰী–বৰঝাৰ পথৰ ষ্ট্রীট লাইট বিকল

নিয়মীয়া বাৰ্তা,  ১৪ ছেপ্টেম্বৰঃ সদাব্যস্ত ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ জালুকবাৰীৰ পৰা বৰঝাৰ বিমানবন্দৰলৈকে সমগ্র পথছোৱাত থকা ষ্ট্রীট লাইটৰ অধিকাংশই বিকল হৈ পৰিছে৷ ফলস্বৰূপে নিশাৰ ভাগত এই সমগ্র পথছোৱা অন্ধকাৰত নিমজ্জিত হৈ থকাত দুর্ঘটনাৰ আশংকা বৃদ্ধি পাইছে৷ বিশেষকৈ উত্তৰ–পূর্বাঞ্চলৰ একমাত্র আন্তর্জাতিক বিমানবন্দৰলৈ যোৱা পথছোৱা এনেদৰে অন্ধকাৰত নিমজ্জিত হৈ থকা ঘটনাই বিভাগীয় কর্তৃপক্ষৰ দায়িত্বজ্ঞানহীনতাকে উদঙাই দিছে৷

প্রতিদিনে হাজাৰ হাজাৰ যান–বাহন চলাচল কৰা ব্যস্ত এই ৰাষ্ট্রীয় ঘাইপথটোত থকা ষ্ট্রীট লাইটসমূহ বিকল হৈ থকাৰ পিছতো বিভাগীয় কর্তৃপক্ষই মেৰামতি কৰাৰ ক্ষেত্রত কোনো গুৰুত্ব আৰোপ কৰা নাই৷ মন কৰিবলগীয়া যে সদাব্যস্ত ৩৭নং ৰাষ্ট্রীয় ঘাইপথটোত দিনে–নিশাই হাজাৰ হাজাৰ বাহন চলাচল কৰি আহিছে৷ বিশেষকৈ জালুকবাৰীৰ পৰা বৰঝাৰলৈকে ৰাষ্ট্রীয় ঘাইপথটোত গৰু–ছাগলীকে ধৰি বিভিন্ন ঘৰচীয়া জন্তু মুকলিকৈ চৰি ফুৰা পৰিলক্ষিত হয়৷ ব্যস্ত পথটোত মুকলিকৈ এনেদৰে চৰি ফুৰা ঘৰচীয়া জীৱ–জন্তুৰ বাবেই কেইবাটাও পথ দুর্ঘটনাও সংঘটিত হৈছে৷

জালুকবাৰীৰ পৰা বৰঝাৰলৈকে ষ্ট্রীট লাইটসমূহ বিকল হৈ পৰাত ৩৭নং ৰাষ্ট্রীয় ঘাইপথটোত দুর্ঘটনাৰ আশংকা বৃদ্ধি পাইছে৷ ষ্ট্রীট লাইটসমূহ বিকল হৈ থকাত নিশাৰ গুৱাহাটীৰ সৌন্দর্য ম্লান পৰিছে৷ বিভাগীয় কর্তৃপক্ষই ষ্ট্রীট লাইটসমূহ মেৰামতি কৰি মহানগৰবাসীক নিশাৰ গুৱাহাটীৰ সৌন্দর্য উপভোগ কৰিবলৈ সুযোগ দিয়াৰ আহ্বান জনাইছে সচেতন ৰাইজে৷

You might also like