নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্রপতি–প্রধানমন্ত্ৰী চীনৰ চোৰাংচোৱাৰ ৰাডাৰত ভাৰতৰ ১০ হাজাৰ ব্যক্তি–প্রতিষ্ঠান

লাডাখত উত্তেজনাৰ মাজতে আন এক চাঞ্চল্যকৰ তথ্য

নিয়মীয়া বাৰ্তা ১৫ ছেপ্টেম্বৰঃ   লাডাখৰ এলএচিত আগ্রাসী হৈ থকা চীনৰ আন এক ভয়াৱহ ভাৰতবিৰোধী ষড়যন্ত্র পোহৰলৈ আহিছে৷ সার্বভৌমত্বৰ প্রতি ভাবুকিৰ সৃষ্টি কৰা চীনে এইবাৰ অতি গোপনে ভাৰতৰ চাৰি স্তম্ভক চোৰাংচোৱাৰ ৰাডাৰত ৰাখিছে৷ ভয়াৱহ তথ্য অনুসৰি চীনৰ এটা প্রযুক্তি কোম্পানীয়ে ভাৰতৰ ন্যায়পালিকা, কার্যপালিকা, বিধান মণ্ডল আৰু সংবাদ মাধ্যমৰ শীর্ষ ব্যক্তিসকলৰ তথ্য সংগ্রহ কৰি বেইজিঙক যোগান ধৰি আহিছে৷ ছেনজানস্থিত প্রযুক্তি কোম্পানী ঝেনহুৱা ডাটা ইনফ’ৰমেচন টেকন’লজী লিমিটেড নামৰ কোম্পানীটোৱে ভাৰতৰ ১০ হাজাৰতকৈ অধিক ব্যক্তি আৰু প্রতিষ্ঠানৰ তথ্য সংগ্রহ কৰি চীন চৰকাৰ আৰু কমিউনিষ্ট পার্টীক যোগান ধৰে৷ ঝেনহুৱা ডাটা ইনফ’ৰমেচন কোম্পানীটোৱে দেশৰ ৰাষ্ট্রপতি–প্রধানম, দেশৰ মুখ্য ন্যায়াধীশ, সেনাবাহিনীৰ মুৰব্বী, কেন্দ্রীয় মন্ত্রী, দুই ডজন ৰাজ্যৰ মুখ্যমন্ত্রী, বৃহৎ বৃহৎ চহৰসমূহৰ মেয়ৰ, বিভিন্ন ৰাজনৈতিক দলৰ ৩৫০তকৈ অধিক জনপ্রতিনিধি, ক্রীড়া–সংস্কৃতি, উদ্যোগপতি আদিৰ তথ্য অহৰহ নিৰীক্ষণ কৰি আছে৷ অকল বর্তমানৰেই নহয়, প্রাক্তন ৰাষ্ট্রপতি–প্রধানম, দেশৰ মুখ্য ন্যায়াধীশ, সেনাৰ মুৰব্বী, সাংসদ, ৰাজনৈতিক দলৰ নেতা আদিকো নজৰত ৰাখিছে কোম্পানীটোৱে৷ পোহৰলৈ অহা ভয়াৱহ তথ্য মতে জম্মু–কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে, গুজৰাটৰ পৰা উত্তৰ–পূর্বাঞ্চললৈক্ ৰাজনীতিক, ন্যায়পালিকাৰ বিশিষ্ট ব্যক্তি, কার্যপালিকাত জড়িত আমোলা আৰু সংবাদ মাধ্যমৰ শীর্ষ ব্যক্তিসকলক কোম্পানীটোৱে ২০১৮ চনৰ পৰা চোৰাংচোৱাগিৰি কৰি আছে৷ বর্তমানৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী, প্রয়াত প্রাক্তন প্রধানমন্ত্রী ৰাজীৱ গান্ধী, প্রয়াত পি ভি নৰসিংহ ৰাও, প্রয়াত অটল বিহাৰী বাজপেয়ী, এইচ ডি দেৱেগৌড়া আৰু মনমোহন সিঙৰ লগতে তেওঁলোকৰ পৰিয়ালৰ ওপৰতো নজৰ ৰাখিছে কোম্পানীটোৱে৷ আনপিনে, বর্তমানৰ ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দৰ লগতে প্রয়াত প্রাক্তন ৰাষ্ট্রপতি প্রণৱ মুখার্জী, প্রয়াত এপিজে আব্দুল কালামৰ পৰিয়ালৰ লোকৰ ওপৰতো কোম্পানীটোৱে বছৰ বছৰ ধৰি নিৰীক্ষণ চলাই আছে৷ তেনেদৰে আছে বিৰোধী দল কংগ্রেছৰ অন্তর্ৱর্তীকালীন সভানেত্রী ছোনিয়া গান্ধীৰ লগতে তেওঁৰ পুত্র–কন্যাও৷ ইপিনে, দুই ডজন অধিক ৰাজ্যৰ মুখ্যমন্ত্রীসকলৰ লগতে প্রাক্তন মুখ্যমন্ত্রীকো ৰাডাৰত ৰাখিছে কোম্পানীটোৱে৷ প্রাক্তন মুখ্যমন্ত্রীসকলৰ ভিতৰত কমল নাথ, ভূপিন্দৰ সিং হুদা, অশোক চৱন, ছিদ্দাৰামায়া, শংকৰ বাঘেলাকে ধৰি দুই ডজনৰ অধিক প্রাক্তন মুখ্যমন্ত্রীও আছে৷ আনপিনে, দেশৰ বিশিষ্ট ৰাজনীতিক পৰিয়াল গান্ধী, পাৱাৰ, সিন্ধিয়া, চাংমা আৰু বাদলৰ ওপৰত কোম্পানীটোৱে নিৰীক্ষণ চলাই থকাৰ উপৰি বলীউড শিল্পী তথা ৰাজনীতিক হেমা মালিনী, অনুপম খেৰ, মুনমুন সেন, পৰেশ ৰাৱাল আৰু প্রয়াত বিনোদ খান্নাৰ পৰিয়ালো আছে৷ বিজেপিশাসিত ৰাজ্যৰ লগতে কংগ্রেছ আৰু আন দল শাসিত ৰাজ্যৰ মুখ্যমন্ত্রী পৰিয়ালৰ লগতে আন আন ৰাজনীতিকৰ পৰিয়ালকো সন্নিৱিষ্ট কৰি ৰাখিছে৷ ইপিনে, তথ্য মতে দেশৰ সৰু–বৰ চহৰৰ ৭০ মেয়ৰ আৰু উপ–মেয়ৰো তালিকাত আছে৷ এই চহৰসমূহৰ ভিতৰত দিল্লী, চেন্নাই, শ্রীনগৰ, বাংগালুৰু, পুনে, আগ্রা, মুম্বাই, গুৱাহাটী আদি অন্যতম৷ শাসকীয় ৰাজনৈতিক দলৰ উপৰি বিৰোধী দলৰ শীর্ষ নেতাসকলো কোম্পানীটোৰ ৰাডাৰত আছে৷ লক্ষণীয় যে দেশৰ বর্তমান মুখ্য ন্যায়াধীশৰ পৰা প্রাক্তন ন্যায়াধীশলৈকে পৰিয়ালৰ লোক কোম্পানীটোৱে তালিকাত অন্তর্ভুক্ত কৰি নিৰীক্ষণত ৰাখিছে৷ দেশৰ মুখ্য ন্যায়াধীশ এছ এ ব’বডে আৰু কেইবাগৰাকীও প্রাক্তন মুখ্য ন্যায়াধীশৰ পৰিয়াল নজৰত ৰাখিছে কোম্পানীটোৱে৷ বর্তমানৰ চিডিএছ জেনেৰেল বিপিন ৰাৱাট, তিনি সেনা বাহিনীৰ মুৰব্বীৰ লগতে অতিকমেও ১৫ প্রাক্তন সেনা বাহিনীৰ মুৰব্বীকো কোম্পানীটোৱে নজৰত ৰাখিছে৷ লোকপাল ন্যায়াধীশ, কেগ, ষ্টার্টআপ উদ্যোগী নিপুন মেহৰা, ভাৰত পে’ৰ প্রতিষ্ঠাতা, দুগৰাকী উদ্যোগী ৰতন টাটা, গৌতম আদানি, ৰিলায়েঞ্চৰ স্বত্বাধিকাৰ মুকেশ আম্বানিও কোম্পানীটোৰ ৰাডাৰত আছে৷ সংবাদ মাধ্যমৰ ভিতৰত দি হিন্দু গ্রুপৰ চেয়াৰমেন এন ৰবি, জি নিউজৰ এডিটৰ ইন চীফ সুধীৰ চৌধাৰী, ইণ্ডিয়া টুডে’ৰ গ্রুপ কনছাল্টিং এডিটৰ ৰাজদ্বীপ চৰদেশাই, প্রধানমন্ত্রী কার্যালয়ৰ প্রাক্তন মিডিয়া উপদেষ্টা সঞ্চয় বাৰু আৰু ইণ্ডিয়ান এক্সপ্রেছৰ চীফ এডিটৰ ৰাজকমল ঝাও আছে৷ আনপিনে, ক্রীড়া, সংস্কৃতি আৰু আন খণ্ডৰ ভিতৰত প্রাক্তন ক্রিকেটাৰ শচীন তেণ্ডুলকাৰ, চলচ্চিত্র নির্মাতা শ্যাম বেনেগাল, শাস্ত্রীয় সংগীত শিল্পী সোণাল মানসিং আদিকে ধৰি কেইবাজনো বিশিষ্ট লোক কোম্পানীটোৰ ৰাডাৰত আছে৷ তাৎপর্যপূর্ণ যে দেশখনৰ গির্জাৰ কেইবাজনো পুৰোহিত, স্বয়ম্ভু ভগৱান আদিও তালিকাত আছে৷ তালিকাত দেশৰ আঢ়ৈশতকৈ অধিক আমোলা আৰু কূটনীতিকৰ লগতে তেওঁলোকৰ পৰিয়ালকো নিৰীক্ষণত ৰাখিছে কোম্পানীটোৱে৷ ইয়াৰ ভিতৰত বৈদেশিক সচিব হর্ষ বিক্রম শ্রিংলা, নীতি আয়োগৰ চিই’ অমিতাভ কাণ্ট অন্যতম৷ আনপিনে, বর্তমানৰ লগতে প্রাক্তন ২৩গৰাকী বিভিন্ন ৰাজ্যৰ মুখ্য সচিব আৰু বর্তমানৰ লগতে ৰাজ্যৰ প্রাক্তন আৰক্ষী সঞ্চালকপ্রধানো তালিকাত আছে৷ দেশৰ শাসকীয় বিজেপিকে ধৰি বিৰোধী কংগ্রেছ, বাঁওপন্থীৰ লগতে আঞ্চলিক দলসমূহৰ শীর্ষ নেতাসকল কোম্পানীটোৰ নজৰত আছে৷ অতিকমেও ১,৩৫০ ৰাজনীতিক তালিকাভুক্ত হৈ থকাত অসমৰ ৰাজনীতিকসকলো চীনৰ কোম্পানীটোৰ নিৰীক্ষণত থকাটো নিশ্চিত৷ কিয়নো কোম্পানীটোৱে ৰাজ্যসমূহৰ বর্তমানৰ লগতে প্রাক্তন মুখ্যমন্ত্রী, বর্তমানৰ লগতে প্রাক্তন মুখ্য সচিব, বর্তমানৰ লগতে প্রাক্তন আৰক্ষী সঞ্চালকপ্রধান, চহৰৰ মেয়ৰৰ লগতে প্রভাৱশালী ৰাজনীতিকসকলৰ সকলো তথ্য সংগ্রহ কৰি আহিছে৷ এইক্ষেত্রত অসমৰ মুখ্যমন্ত্রী–প্রভাৱশ্ ৰাজনীতিকৰ নাম তালিকাত থকাটো নুই কৰিব নোৱাৰি৷ উল্লেখ্য যে ঝেনহুৱা নামৰ কোম্পানীটো ২০১৮ চনৰ এপ্রিলত পঞ্জীয়নভুক্ত, কোম্পানীটোৰ দেশজুৰি ২০০তকৈ অধিক কেন্দ্র আছে৷ আনকি বিদেশতো এনেধৰণৰ কেন্দ্র আছে৷ এই কোম্পানীটোৱে প্রত্যক্ষভাৱে চীন চৰকাৰ আৰু শাসকীয় কমিউনিষ্ট পার্টীৰ লগত জড়িত হৈ আছে৷

You might also like