নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অবৈধ খননঃ কাহিলিপাৰাত পোত গ’ল ৪ শ্রমিক

মহানগৰ বার্তা, ৪ ডিচেম্বৰঃ বন বিভাগ আৰু জিলা প্রশাসনৰ নির্লিপ্ততাৰ সুযোগ লৈ একাংশ লোকে মহানগৰীৰ বিভিন্ন স্থানত অবৈধভাৱে পাহাৰ খনন অব্যাহত ৰাখিছে৷ বিশেষকৈ চক্র বিষয়াৰ কার্যালয়ত ৰাজহ গাঁও হিচাপে অন্তর্ভুক্ত থকাৰ সুযোগ লৈ একাংশ লোকে অব্যাহত ৰাখিছে অবৈধ পাহাৰ খনন৷ মহানগৰীত চলি থকা অবৈধ পাহাৰ খননৰ ফলতেই মঙলবাৰে কাহিলিপাৰাৰ কৃষ্ণকান্ত নগৰত গার্ডৱাল নির্মাণত ব্যস্ত থকা ৪জনকৈ শ্রমিকক খহি অহা মাটিয়ে জীৱন্তে পুতি পেলায়৷ অৱশ্যে ৰাইজ আৰু আৰক্ষীৰ তৎপৰতাত চাৰিজন শ্রমিকক উদ্ধাৰ কৰা হয়৷ সংকটজনক অৱস্থাত আহত শ্রমিককেইজনক জি এম চি এইচলৈ প্রেৰণ কৰা হয়৷ অচিৰন বেগম (৪৫) নামৰ মহিলাগৰাকীক চিকিৎসকে মৃত ঘোষণা কৰে৷

 

আনহাতে, আনকেইগৰাকী শ্রমিক কাচিম আলী (২৫), চানেকা বিবি (২৭) আৰু আবিৰণ বিবি সম্প্রতি সংকটজনক অৱস্থাত জি এম চি এইচত চিকিৎসাধীন হৈ আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷ উল্লেখ্য যে কাহিলিপাৰাৰ কৃষ্ণকান্ত সন্দিকৈ নগৰৰ বাসিন্দা ভৱেশ দাস নামৰ লোকজনে গার্ডৱাল নির্মাণৰ বাবে ১০জন শ্রমিকক নিয়োজিত কৰিছিল৷ যোৱা ২৫ নৱেম্বৰৰ পৰা শ্রমিককেইজনে গার্ডৱাল নির্মাণৰ কাম কৰি আছিল৷ ভৱেশ দাসে জিলা প্রশাসন আৰু বিভাগীয় কর্তৃপক্ষৰ পৰা যাৱতীয় অনুমতি নোলোৱাকৈ কম খৰচত শ্রমিক নিয়োজিত কৰি অবিজ্ঞানসন্মতভাৱে গার্ডৱাল নির্মাণৰ কাম কৰাইছিল৷ অতি বিপজ্জনকভাৱে গার্ডৱাল নির্মাণ কৰি থকা সময়তে মঙলবাৰে মাটি খহি এই শোকাৱহ ঘটনা সংঘটিত হয়৷ লক্ষণীয় যে গুৱাহাটী মহানগৰীৰ খাৰঘুলি, নুনমাটি, গড়চুককে ধৰি বিভিন্ন অঞ্চলত বসবাস কৰা লোকসকলে চক্র বিষয়াৰ কার্যালয়ত ৰাজহ গাঁও হিচাপে অঞ্চলসমূহ উল্লেখ থকাৰ সুযোগ লৈ নীতিবহির্ভূতভাৱে খনন কার্য অব্যাহত ৰাখিছে৷ এনেদৰে অবৈধভাৱে খনন কৰি থকাৰ বাবেই মহানগৰীৰ বিভিন্ন স্থানত কেইবাটাও অনুৰূপ ঘটনা সংঘটিত হৈছে৷ মঙলবাৰে কাহিলিপাৰাত সংঘটিত এই ঘটনাৰ ন্যায়িক তদন্ত কৰিবনে জিলা প্রশাসনে?

You might also like