নিয়মীয়া বাৰ্তা ১৯ ছেপ্টেম্বৰঃ নৱগঠিত আঞ্চলিক দল ‘অসম জাতীয় পৰিষদ’ক আকৌ এবাৰ আক্রমণৰ লক্ষ্য কৰি লৈছে ৰাজ্যৰ বিত্ত–স্বাস্থ্য আৰু শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ শুকুুৰবাৰে ‘এজেপি’ৰ মূল শ্লোগান ‘ঘৰে ঘৰে আমি’ক কটাক্ষ কৰি ড০ শর্মাই কয়, ‘আমি মানুহৰ ঘৰলৈ নাযাওঁ৷ ঘৰলৈ অতিথি যায়, পুলিচো যায় আৰু কেতিয়াবা লুকাই–চুৰকৈ চোৰ–ডকাইতো যায়৷ গতিকে ঘৰে ঘৰে আমি নাযাওঁ৷ কাৰোবাৰ ঘৰলৈ গ’লে অনুমতি লৈহে যাব লাগিব৷ সর্বানন্দ সোণোৱালৰ নেতৃত্বত আমাৰ চৰকাৰ আৰু ৰঞ্জিত দাসৰ নেতৃত্বত দলে চেষ্টা কৰিছোঁ যাতে সেৱাৰ জৰিয়তে মানুহৰ হৃদয়ে হৃদয়ে, অন্তৰে অন্তৰে থাকিব পাৰোঁ৷ হৃদয়ত পৰমাত্মা থাকে বুলি কোৱা হয়৷ আত্মা আৰু পৰমাত্মাৰ মিলন হ’ল ভাৰতীয় আধ্যাত্মিকতাৰ সর্বোচ্চ প্রাপ্তি৷ গতিকে বিজেপিয়ে অনুমতি নোলোৱাকৈ কাৰো ঘৰলৈ নাযায়৷ কিন্তু সেৱাৰ জৰিয়তে মানুহৰ হূদয়ত, অন্তৰত স্থান ল’বলৈ চেষ্টা চলাই যাব৷ এইক্ষেত্রত দল আৰু চৰকাৰ সফল হ’ব৷’ আছু নেতৃত্ব ৰাজনীতিলৈ অহা প্রসংগত তেওঁ কয়, ‘ডেকা ল’ৰা ৰাজনীতিলৈ অহা বাবে ভাল পাইছোঁ৷ কাৰণ ৰাজনীতি কৰা মানুহক সমালোচনা কৰাটো সহজ৷ আন্দোলন কৰাটো সহজ৷ যেতিয়া নিজে ৰাজনীতি কৰিবলৈ আহিব, তেতিয়া ইয়াৰ কঠিনতা আৰু প্রত্যাহ্বান নিজে অনুভৱ কৰিব৷ পূর্বৰ ধাৰণাবোৰ সলনি হৈ লাহে লাহে বুজি পাব যে বিজেপি মানুহৰ হৃদয়ত আছে৷’ আনহাতে, অসম আৰোগ্য নিধিৰ হিচাপ বিচৰা প্রসংগত তেওঁ কয় যে খৰচ কৰিলেহে হিচাপ দিয়া যায়৷ আৰোগ্য নিধিৰ যিমান ধন সংগ্রহ হৈছিল, সেয়া তেনেকৈয়ে আছে৷ কিন্তু হিচাপ বিচৰাসকলে ৰচিদ বহীৰ হিচাপ দিব পাৰিবনে নাই? কিমান ৰচিদ বহী প্রিণ্টিং হ’ল, কোনোবাই গামোচা লৈ কিমান টকা তুলিলে, তাৰ হিচাপ দিব পাৰিবনে নাই? আগতে এই প্রশ্ণবিলাকৰ উত্তৰ দিয়াৰ প্রয়োজন নাছিল, কিন্তু এতিয়া ৰাজনীতিৰ সমান পথাৰলৈ আহিছে যেতিয়া উত্তৰবোৰ লাহে লাহে পাই থাকিব৷ নতুন দলটোৰ সকলো সদস্যই এজন এজনকৈ বিজেপিত যোগদান কৰিব বুলি মন্তব্য কৰি ড০ শর্মাই আৰু কয় যে নতুন দললৈ অহা দুই–এজন ডেকা ল’ৰাই আন্দোলন আৰু ৰাজনীতি একে বুলি ভাবি আছিল৷ এতিয়া খুউব ধুনীয়াকৈ বুজি পাব যে ৰাজনীতি এটা সাধনাৰ বিষয়৷ বহুত কষ্ট কৰি ৰাজনীতি কৰিব লাগে৷ গুৱাহাটীত বহি সংবাদ মেল দি থকাটো এটা অতি সহজ কাম৷ এতিয়া ৰাইজৰ মাজলৈ যাওক৷ বুথ কমিটী বনাওক, জিলা সমিতি বনাওক৷ কথাবোৰ শিকক বুজক৷ কিন্তু এটা সময়ত মানুহবোৰ আকৌ বিজেপিলৈ ঘূৰি আহিব৷ গোটেই মানুহখিনি এজন এজনকৈ আহি আকৌ বিজেপিত যোগদান কৰিব৷