নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যসভাতো গৃহীত সাংসদৰ ৩০ শতাংশ দৰমহা কর্তনৰ বিধেয়ক

লোকসভাত কংগ্রেছৰ প্রতিবাদঃ দিনটোৰ বাবে সদন স্থগিত

নিয়মীয়া বাৰ্তা ১৯ ছেপ্টেম্বৰঃ  লোকসভাত গৃহীত হোৱাৰ পাছত  ৰাজ্যসভাতো গৃহীত হয় সাংসদৰ দৰমহা কর্তনৰ বিধেয়কখন৷ ক’ভিড–১৯ সৃষ্ট পৰিৱেশৰ সৈতে মোকামিলা কৰাৰ ক্ষেত্রত দেশৰ অর্থনীতিক সকাহ দিয়াৰ লক্ষ্যৰে সাংসদৰ দৰমহা, ভাট্টা আৰু পেন্সন কর্তনৰ বিধেয়কখন লোকসভাত গৃহীত হোৱাৰ পাছত  মৌখিক ভোটত ৰাজ্যসভাতো গৃহীত হয়৷ উল্লেখ্য যে সাংসদৰ ৩০ শতাংশ দৰমহা, ভাট্টা আৰু পেন্সন কর্তনৰ বিধেয়কখন ১৬ ছেপ্টেম্বৰত লোকসভাত গৃহীত হৈছিল৷ দুয়ো সদনত গৃহীত হোৱাৰ পাছত ৰাষ্ট্রপতিয়ে অনুমোদন দিলে ই কার্যকৰী হ’ব৷ সাংসদৰ স্থানীয় অঞ্চল উন্নয়ন আঁচনি (এম পি এল এ ডি এছ) পুঁজি দুবছৰ ধৰি বন্ধ ৰখাৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ ক্ষেত্রত কেইবাগৰাকীও সাংসদে সদনত দাবী জনালেও সেই দাবীক অগ্রাহ্য কৰা হয়৷ চলিত সংসদৰ বর্ষাকালীন অধিৱেশনত সদনত কেন্দ্রীয় সংসদীয় পৰিক্রমা মন্ত্রী প্রহ্লাদ যোশীয়ে সাংসদৰ দৰমহা, ভাট্টা আৰু পেন্সন আইন ১৯৫৪ৰ সংশোধনী বিধেয়কখন উত্থাপন কৰাৰ বিপৰীতে কেন্দ্রীয় ৰাজ্যিক গৃহমন্ত্রী ডি কিষাণ ৰেড্ডীয়ে মন্ত্রীৰ দৰমহা আৰু ভাট্টা (সংশোধনী) বিধেয়ক ২০২০ সদনত উত্থাপন কৰে৷ এই দুয়োখন বিধেয়কৰ জৰিয়তে সাংসদ আৰু মন্ত্রীসকলৰ দৰমহা আৰু সা–সুবিধা কর্তন কৰাৰ লক্ষ্য লোৱা হৈছে৷ আনপিনে, গান্ধী পৰিয়ালক লৈ বিতর্কিত মন্তব্য কৰা কেন্দ্রীয় ৰাজ্যিক বিত্তমন্ত্রী অনুৰাগ ঠাকুৰে ক্ষমা খোজাৰ দাবীৰে লোকসভাৰ মজিয়া উত্তাল কৰি তোলে বিৰোধী কংগ্রেছে৷ কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে উত্থাপন কৰা কৰ আৰু আন আইন (ৰেহাই আৰু নিশ্চিত ব্যৱস্থাৰ সংশোধন) বিধেয়কখনৰ বিতর্কত অংশ লৈ কংগ্রেছৰ লোকসভাৰ দলপতি অধিৰ ৰঞ্জন চৌধুৰী, সাংসদ শশী ঠাকুৰ আৰু মনীষ তিৱাৰীয়ে পি এম কেয়াৰ ফাণ্ডক লৈ সমালোচনা কৰাত কেন্দ্রীয় ৰাজ্যিক বিত্তমন্ত্রী ঠাকুৰে বিভিন্ন নামৰ অধীনত বিভিন্ন পুঁজি সৃষ্টি কৰি গান্ধী পৰিয়ালে ৰাজহুৱা ধন লুণ্ঠনেৰে দেশবাসীক প্রৱঞ্চনা কৰা বুলি মন্তব্য কৰিছিল৷ মন্ত্রী ঠাকুৰৰ এই মন্তব্যৰ পাছতে সদনৰ মজিয়াত কংগ্রেছ সাংসদসকলে প্রতিবাদ কৰে৷ হুলস্থূলীয়া পৰিৱেশৰ বাবে দিনটোত তিনিবাৰ সদনৰ কার্যসূচী স্থগিত ৰাখিবলগীয়া হয় যদিও বিয়লি ৫ বজাত সদনৰ কাম–কাজ পুনৰ আৰম্ভ হোৱাত কংগ্রেছে হুলস্থূলীয়া পৰিস্থিতি সৃষ্টি কৰাত দিনটোৰ বাবে লোকসভা স্থগিত ৰাখে৷

You might also like