নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঞ্জাবাৰীত কিশোৰীক যৌন নির্যাতন, অভিযুক্তক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰঃ এগৰাকী ১৩বছৰীয়া কিশোৰীক যৌন নির্যাতন চলাই আৰক্ষীৰ জালত পৰিল পিতৃসমতুল্য এজন লম্পট৷ পাঞ্জাবাৰীৰ কৈলাস নগৰৰ পৰা গ্রেপ্তাৰ কৰা লম্পটজন হৈছে কাদেৰ আলী৷ উল্লেখ্য যে যোৱা ৩০ আগষ্টত পাঞ্জাবাৰী কৈলাস নগৰৰ বাসিন্দা কাদেৰ আলীয়ে ওচৰৰ এগৰাকী ১৩ বছৰীয়া কিশোৰীক যৌন নির্যাতন চলায়৷ কিশোৰীগৰাকীয়ে ঘৰলৈ গৈ পিতৃ–মাতৃক সকলো কথা বিৱৰি কয়৷ ঘটনা সন্দর্ভত কিশোৰীগৰাকীৰ পিতৃয়ে লম্পট কাদেৰ আলীৰ বিৰুদ্ধে সাতগাঁও থানাত এজাহাৰ দাখিল কৰে যদিও দুই পক্ষই ৰহস্যজনকভাৱে বুজাবুজি চুক্তিত উপনীত হয়৷ এই বিষয়ে জানিব পাৰি চাইল্ড লাইনে কালি সাতগাঁও থানাত লম্পট কাদেৰ আলীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি পাঞ্জাবাৰীৰ পৰা কাদেৰ আলীক গ্রেপ্তাৰ কৰে৷ সম্প্রতি লম্পট কাদেৰক সাতগাঁও থানাত জেৰা অব্যাহত ৰাখিছে।

You might also like