নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাংগঠনিক দিশ অধিক শক্তিশালী কৰাত গুৰুত্ব ৰঞ্জিত দাসৰ

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰঃ মহানগৰীৰ দিছপুৰস্থিত গড়কাপ্তানী প্রশিক্ষণ কেন্দ্রৰ প্রেক্ষাগৃহত ভাৰতীয় জনতা পার্টী গুৱাহাটী মহানগৰ জিলা সমিতিৰ প্রথম কার্যনির্বাহক সভা অনুষ্ঠিত হয়৷ কামৰূপ মহানগৰ জিলা বিজেপিৰ সভাপতি তথা গুৱাহাটী পৌৰ নিগমৰ প্রাক্তন মেয়ৰ মৃগেন শৰণীয়াৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা কার্যনির্বাহক সভাত বিজেপি দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী সিদ্ধার্থ ভট্টাচার্য, ৰাজ্যিক মুখপাত্র ৰূপম গোস্বামী, বিধায়ক অতুল বৰা, প্রাক্তন ৰাজ্যিক উপ–সভাপতি তথা দলৰ জ্যেষ্ঠ নেতা বিজয় গুপ্তা, ৰাজ্যিক উপ–সভাপতি জয়ন্ত কুমাৰ দাস আৰু গুৱাহাটী মহানগৰ জিলাৰ প্রভাৰী ঋতুবৰণ শর্মাকে ধৰি দলৰ বহু নেতা তথা কার্যকর্তাই দলৰ সাংগঠনিক দিশ আলোচনা কৰে৷ সামাজিক দূৰত্ব তথা ক’ভিড প্রট’কল বজাই ৰাখি অনুষ্ঠিত সভাত দলৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শর্মাই আগন্তুক ২০২১ৰ অসম বিধানসভা নির্বাচনৰ প্রতি লক্ষ্য ৰাখি দলৰ সাংগঠনিক ভেটি অধিক মজবুত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷

বিশেষকৈ বুথৰ পৰা জিলা পর্যায়লৈ সাংগঠনিক দিশ অধিক শক্তিশালী কৰাৰ বাবে উপস্থিত কার্যকর্তা আৰু বিষয়ববীয়াসকলক আহ্বান জনায়৷ তদুপৰি দলৰ পৰা নির্বাচিত হোৱা প্রতিগৰাকী জনপ্রতিনিধিৰ সৈতে সু–সম্পর্ক ৰক্ষা কৰাৰ সমান্তৰালকৈ ৰাষ্ট্রীয় নেতৃত্বই বান্ধি দিয়া প্রতিটো কাম নিষ্ঠাসহকাৰে পালন কৰি দলৰ ভেটি অধিক শক্তিশালী কৰাৰ বাবে প্রতিগৰাকী কার্যকর্তাক আহ্বান জনায়৷ গুৱাহাটী মহানগৰ জিলা বিজেপিৰ ১২টা মণ্ডলৰ সভাপতি, মহিলা মর্চাৰ সভাপতিসহ দুই শতাধিক বিজেপি দলৰ কর্মকর্তা উপস্থিত থকা এই সভাত প্লাষ্টিকমুক্ত অসম গঢ়াৰ সংকল্প লোৱা হয়৷ সভাত বিজেপি দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে দলৰ সাংগঠনিক দিশ অধিক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰে৷ বিজেপি মহানগৰ জিলাৰ সাধাৰণ সম্পাদক তপন দাসে আঁত ধৰা অনুষ্ঠানত ৰাষ্ট্রীয় সংগীতেৰে সমাপ্ত কৰা হয়৷ ইপিনে, আজিৰ সভাত জিলা সমিতিয়ে মহানগৰীৰ বাসিন্দাৰ সমস্যা সন্দর্ভত অভিযোগ দিবৰ বাবে ৮৮২২৬–৬৯২৩৯ ৱাটছএপ নম্বৰ মুকলি কৰে৷ এই নম্বৰত মহানগৰবাসীয়ে সমস্যা সন্দর্ভত জনাব পাৰিব আৰু প্রয়োজন অনুসৰি বিজেপি মহানগৰ জিলা সমিতিৰ বিশেষ কমিটীয়ে সমস্যা সমাধানৰ ব্যৱস্থা গ্রহণ কৰাৰ আশ্বাস দিয়ে৷ অৱশ্যে অহা ২৫ ছেপ্ঢেম্বৰৰ পাছতহে এই নম্বৰ কার্যকৰী হ’ব৷

You might also like