নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোনে কাক আপত্তিজনক ভিডিঅ’ দেখুৱাই দিছিল শয্যাসংগিনী হোৱাৰ প্ৰস্তাৱ… তোলপাৰ বলীউড

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰঃ নীলা ছবি দেখুৱাই শয্যাসংগিনী হোৱাৰ প্ৰস্তাৱ দিছিল বলীউডৰ পৰিচালক অনুৰাগ কাশ্যপে। এয়া এগৰাকী অভিনেত্ৰী পায়েল ঘোষৰ অভিযোগ। অভিনেত্ৰীগৰাকীৰ মতে, বলীউডত খোজ পেলাবলৈ বুলি অনুৰাগ কাশ্যপৰ কাৰ্যালয়লৈ যাওঁতে প্ৰথম দিনা যথেষ্ট সময় অপেক্ষা কৰাৰ পিছতো তেওঁৰ লগত পৰিচালকগৰাকীয়ে কোনো কথা পতা নাছিল।

কিন্তু পৰৱৰ্তী দিনত পুনৰ লগ কৰিবলৈ যাওঁতে মদপান কৰি থকা অনুৰাগ কাশ্যপে তেওঁক ব্যক্তিগত পুথিভঁৰালৈ মাতি নি নীলা ছবি দেখুৱাই দিছিল শয্যাসংগিনী হোৱাৰ প্ৰস্তাৱ। অনুৰাগ কাশ্য়পৰ অশ্লীল প্ৰস্তাৱত ভীতিগ্ৰস্ত পায়েলে অসন্মতি প্ৰকাশ কৰাত অভিনেত্ৰীগৰাকীৰ প্ৰতি বিৰক্ত হৈছিল অনুৰাগ।

পায়েল ঘোষে জানিবলৈ দিয়া মতে, সেই সময়ত পৰিচালকজনে ‘বোম্বে ভেলভেট’ নামৰ ছবিখনৰ শ্বুটিঙত ব্যস্ত আছিল। পায়েলৰ মন ভুলাবলৈ পৰিচালকজনে অভিনেত্ৰী হুমা কুৰেশ্বি, ৰিচা চাড্ডাক জনপ্ৰিয় কৰোৱাৰ প্ৰসংগ অৱতাৰণা কৰি কাশ্যপৰ ফিল্ম কেৰিয়াৰত প্ৰায় ২০০ মহিলাক শয্যাসংগিনী কৰা বুলিও পায়েলক জনাইছিল বুলি উল্লেখ কৰে অভিনেত্ৰী ঘোষে।

এই ঘটনাৰ পিছতে পায়েল ঘোষে অনুৰাগৰ কাশ্যপৰ লগত যোগাযোগ বিচ্ছিন্ন কৰে বুলি উল্লেখ কৰে।

আনহাতে, অনুৰাগ কাশ্যপৰ মতে পায়েল ঘোষৰ এই অভিযোগৰ কোনো ভিত্তি নাই আৰু অভিনেত্ৰীগৰাকীয়ে কিয় এনে কৰিছে তেওঁ বুজি পোৱা নাই।

পায়েল ঘোষ আৰু অনুৰাগ কাশ্যপৰ বিষয়টোৱে বলীউডচ বৰ্তমান বহুল চৰ্চা লাভ কৰিছে। অভিনেত্ৰী পায়েলে ভাৰতৰ প্ৰধানমন্ত্ৰী কাৰ্যলয়লৈও টুইট কৰি নৰেন্দ্ৰ মোদীক এই বিষয়ত পদক্ষেপ লোৱাৰ বাবে অনুৰোধ জনাইছে।

You might also like