টুইটাৰত ১০ লাখ অনুগামীৰে অভিলেখ কালভাকুন্তলা কবিতাৰ
নিয়মীয়া বাৰ্তা ২১ ছেপ্টেম্বৰঃ তেলেংগানাৰ মুখ্যমন্ত্রী কে চন্দ্রশেখৰ ৰাওৰ দুহিতা তথা প্রাক্তন সাংসদ কালভাকুন্তলা কবিতাই আজি দক্ষিণৰ ৰাজনীতিত মহিলা হিচাপে এক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে৷ ছ’চিয়েল মিডিয়া টুইটাৰত কবিতাৰ অনুৰাগীৰ সংখ্যাই অতিক্রম কৰিছে ১০ লাখ৷ স্মর্তব্য যে দক্ষিণ ভাৰতত ৰাজনীতিত জড়িত মহিলা হিচাপে কে কবিতাই হৈছে টুইটাৰত আটাইতকৈ জনপ্রিয়৷ আজি টুইটাৰত এক নিযুত অনুগামীৰ সংখ্যাই স্পর্শ কৰাৰ লগে লগে এই বিষয়টোত সন্তুষ্টি প্রকাশ কৰিছে নেত্রীগৰাকীয়ে৷ অনুগামীসকলক চর্তহীন সমর্থনৰ বাবে ধন্যবাদো জ্ঞাপন কৰিছে নেত্রীগৰাকীয়ে৷ স্মর্তব্য যে কংগ্রেছৰ তামিলনাডুৰ নেত্রী খুচবু সুন্দৰৰ টুইটাৰত অনুগামীৰ সংখ্যা অৱশ্যে ১০ লাখতকৈও বেছি৷ কিন্তু খুচবু এগৰাকী পূর্ণকালীন ৰাজনীতিক নহয়, এগৰাকী অভিনেত্রী হিচাপেহে খুচবু বেছি জনপ্রিয়৷ গতিকে এই তালিকাত খুচবুক স্থান দিয়া নাই টুইটাৰত৷