ক’ৰোনাৰ শংকা নেওচি আজিৰে পৰা খুলিব শিক্ষানুষ্ঠানৰ বন্ধ দুৱাৰ
ছেনিটাইজ কৰি নতুন ৰূপত সজাই তোলা হৈছে শ্রেণীকোঠা
নিয়মীয়া বাৰ্তা ২১ ছেপ্টেম্বৰঃ মহামাৰী ক’ৰোনাৰ ভয়–শংকাৰ মাজতেই সমগ্র দেশৰ লগতে অসমতো আজিৰে পৰা আংশিকভাৱে খোল খাব শিক্ষানুষ্ঠানৰ দুৱাৰ৷ বিগত ছমাহৰো অধিক সময় ধৰি স্তব্ধ হৈ পৰা শিক্ষানুষ্ঠানত পর্যায়ক্রমে পাঠদান প্রক্রিয়া আৰম্ভ কৰাৰ লক্ষ্যৰে কাইলৈৰ পৰা পৰীক্ষামূলকভাৱে নৱম, দশম, একাদশ আৰু দ্বাদশ শ্রেণীৰ ছাত্র–ছাত্রীৰ বাবে শ্রেণীকোঠা খোলা হ’ব৷ এই সম্পর্কত কেন্দ্রীয় চৰকাৰৰ নির্দেশাৱলীৰ ভিত্তিত অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগে যোৱা ১৬ ছেপ্টেম্বৰত কেনেদৰে উক্ত শ্রেণীসমূহৰ পাঠদান প্রক্রিয়া সম্পাদিত কৰিব, সেই সন্দর্ভত এছ অ’ পি প্রকাশ কৰিছে৷ দৈনিক ৫০ শতাংশ শিক্ষক–শিক্ষয়িত্রীৰ উপস্থিতিত এটা শ্রেণীকোঠাত সর্বাধিক ২০গৰাকী ছাত্র–ছাত্রীক লৈ চলাবলগীয়া এই পাঠদানত সকলোৱে মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব মানি চলাটো বাধ্যতামূলক৷ মাধ্যমিক শিক্ষা বিভাগৰ এছ অ’ পিৰ আধাৰত সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহ ইতিমধ্যে ছেনিটাইজ কৰাৰ লগতে শ্রেণীকোঠাত ছাত্র–ছাত্রীৰ আসনৰ মাজত নির্দিষ্ট দূৰত্ব অক্ষুণ্ণ ৰাখি নতুন ৰূপত সজাই–পৰাই তোলা হৈছে৷ আজি প্রথম দিনা অকল নৱম আৰু দ্বাদশ শ্রেণীৰহে পাঠদান চলিব৷ সপ্তাহত প্রতি সোম, বুধ আৰু শুকুৰবাৰে নৱম আৰু দ্বাদশ শ্রেণীৰ পাঠদান চলাৰ বিপৰীতে মঙল, বৃহস্পতি আৰু শনিবাৰে দশম আৰু একাদশ শ্রেণীৰ পাঠদান চলিব৷ চৰকাৰে আজিৰে পৰা শিক্ষানুষ্ঠান খোলাৰ ব্যৱস্থা কৰিছে যদিও ছাত্র–ছাত্রীক শিক্ষানুষ্ঠানলৈ পঠিওৱাক লৈ এতিয়াও দোমোজাত আছে বহু অভিভাৱক৷ কাৰণ চৰকাৰৰ নির্দেশ অনুসৰি শিক্ষানুষ্ঠানলৈ পঠিওৱা ছাত্র–ছাত্রীসকলে অভিভাৱকৰ পৰা লিখিত এন অ’ চি লৈহে শ্রেণীকোঠালৈ আহিব পাৰিব৷ অৱশ্যে শিক্ষানুষ্ঠানলৈ ছাত্র–ছাত্রী অহাটো বাধ্যতামূলক নহয় বুলিও চৰকাৰে এছ অ’ পিত স্পষ্ট কৰি দিছে৷ অভিভাৱকে শিক্ষানুষ্ঠানলৈ ছাত্র–ছাত্রীক পঠিয়াবলৈ ইচ্ছা নকৰিলে সেইসকল ছাত্র–ছাত্রীয়ে পূর্বৰ দৰে অনলাইনযোগে বা ঘৰতে আন ব্যৱস্থাৰে নিজৰ শিক্ষাগ্রহণ অব্যাহত ৰাখিব পাৰিব বুলি শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ইতিমধ্যে স্পষ্ট কৰি দিছে৷ তদুপৰি ছাত্রাৱাস আৰু ছাত্রী নিৱাসসমূহ যিহেতু এতিয়াও খোলাৰ ব্যৱস্থা কৰা হোৱা নাই, সেয়ে ছাত্রাৱাস–ছাত্রী নিৱাসত থাকি শিক্ষাগ্রহণ কৰা ছাত্র–ছাত্রীসকলে এই সময়খিনিত নিজ ঘৰৰ কাষতে থকা শিক্ষানুষ্ঠানতো শিক্ষাগ্রহণ কৰিব পাৰিব৷
উল্লেখ্য যে এছ অ’ পি অনুসৰি প্রতিটো শ্রেণী দুটা ভাগত বিভক্ত কৰি ছাত্র–ছাত্রীসকলক পাঠদান কৰিব লাগিব৷ এটা কোঠাত সর্বাধিক ২০গৰাকীহে ছাত্র–ছাত্রী উপস্থিত থাকিব পাৰিব৷ সেই নীতি অনুসৰি পৃথক পৃথক শ্রেণীকোঠাত পাঠদান চলিব৷ যদি কোনো শ্রেণীত ছাত্র–ছাত্রীৰ সংখ্যা ২০জনতকৈ কম হয়, তেন্তে এনে শ্রেণীসমূহ বিভক্ত কৰাৰ প্রয়োজন নাথাকিব৷ শিক্ষানুষ্ঠানসমূহত প্রথম বেট্ছৰ ছাত্র–ছাত্রীসকলক পুৱা ৯ বজাৰ পৰা বিয়লি ১২ বজালৈ পাঠদান কৰাৰ বিপৰীতে দ্বিতীয় বেট্ছৰ ছাত্র–ছাত্রীসকলক দুপৰীয়া ১ বজাৰ পৰা বিয়লি ৪ বজালৈ পাঠদান কৰোৱা হ’ব৷ স্কুল কর্তৃপক্ষই এইক্ষেত্রত দ্বিতীয় বেট্ছৰ পাঠদান আৰম্ভ হোৱাৰ পূর্বেই প্রথম বেট্ছৰ ছাত্র–ছাত্রীসকল যাতে ঘৰলৈ উভতি যায়, সেয়া নিশ্চিত কৰিব লাগিব৷ আনহাতে, প্রতিখন শিক্ষানুষ্ঠানত শিক্ষক আৰু কর্মচাৰীৰ উপস্থিতি ৫০ শতাংশতকৈ অধিক হ’ব নোৱাৰিব৷ কোনো শিক্ষক যদি বৃক্ক ৰোগ, মধুমেহ ৰোগ, হূদৰোগ আৰু কেন্সাৰ ৰোগত আক্রান্ত হৈ আছে, তেওঁলোকে সেই বিষয়ে শিক্ষানুষ্ঠানৰ মুৰব্বীক অৱগত কৰিব লাগিব৷ শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে এই সমগ্র বিষয় লৈ স্বাস্থ্য বিভাগৰ সৈতে যোগাযোগ কৰিব লাগিব, যাতে স্বাস্থ্য বিভাগে শিক্ষক আৰু ছাত্র–ছাত্রীসকলক প্রতি সপ্তাহত স্বাস্থ্য পৰীক্ষা কৰিব পাৰে৷ কোনো শিক্ষানুষ্ঠানত সাপ্তাহিক ক’ৰোনা পৰীক্ষাত যদি ১০ শতাংশ শিক্ষক–ছাত্র পজিটিভ চিনাক্ত হয়, তেন্তে এই বিষয়টো শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে উচ্চ শিক্ষা সঞ্চালক আৰু মাধ্যমিক শিক্ষা সঞ্চালকৰ সৈতে আলোচনা কৰি উক্ত পাঠদান চলাই যাব নে বন্ধ কৰিব, সেই বিষয়ে আলোচনা কৰিব লাগিব৷ একেদৰে এছ অ’ পিত ক’ভিড–১৯ৰ সংক্রমণ প্রতিৰোধৰ ক্ষেত্রতো এলানি স্পষ্ট নির্দেশনা আঙুলিয়াই দিয়া হৈছে৷ সেইমর্মে পাঠদানৰ সময়ছোৱাত শাৰীৰিক দূৰত্ব ৬ ফুট হ’ব লাগিব৷ শিক্ষার্থী, শিক্ষক, কর্মচাৰীয়ে মাস্ক পিন্ধাটো বাধ্যতামূলক৷ প্রতি ৪০ৰ পৰা ৬০ মিনিটৰ মূৰে মূৰে চাবোনেৰে হাত ধুব লাগিব৷ আনহাতে, শ্বাস–প্রশ্বাস সম্বন্ধীয় নীতি–নিয়ম কঠোৰভাৱে বলৱৎ কৰাৰ বাবেও এছ অ’ পিত স্পষ্ট কৰি দিয়া হৈছে৷ সেই অনুসৰি কোনো ছাত্র–ছাত্রী, শিক্ষক–কর্মচাৰীয়ে মুকলিকৈ থু অথবা নাক পৰিষ্কাৰ কৰিব নোৱাৰিব৷ ইয়াৰ বাবে ৰুমাল, টিচু পেপাৰ ব্যৱহাৰ কৰিব লাগিব৷ প্রতিজনৰ স্বাস্থ্য সম্পর্কে নজৰ ৰাখিব লাগিব আৰু অসুস্থ হ’লে স্বাস্থ্য বিভাগৰ সৈতে যোগাযোগ কৰিব লাগিব৷ আৰোগ্য সেতু ব্যৱহাৰ কৰিবলৈও নির্দেশনাত উল্লেখ কৰা হৈছে৷ ইফালে বিদ্যালয়ৰ পাঠদান আৰম্ভ কৰাৰ ক্ষেত্রত এছ অ’ পিত স্পষ্ট কৰি দিয়া হৈছে যে পাঠদান আৰম্ভ কৰিব খোজা বিদ্যালয়খন কনটেইনমেণ্ট জ’নত থাকিব নালাগিব৷ একেদৰে কোনো ছাত্র–ছাত্রী, শিক্ষক আৰু কর্মচাৰী যদি কনটেইনমেণ্ট জ’নত বাস কৰে, তেন্তে তেওঁলোকক বিদ্যালয়লৈ অহাৰ ক্ষেত্রত অনুমতি দিয়া নহয়৷ পাঠদান আৰম্ভ হোৱাৰ পূর্বে বিদ্যালয়ৰ কোঠা, শিক্ষকৰ কমন ৰুম, লেবৰেটৰী, আন উমৈহতীয়া স্থানসমূহ ছেনিটাইজ কৰিব লাগিব৷ এই দিশসমূহ কার্যকৰীকৰণৰ ক্ষেত্রত জিলা প্রশাসনে বিদ্যালয় পৰিদর্শকৰ জৰিয়তে বিশেষ ব্যৱস্থা গ্রহণ কৰিব৷ তদুপৰি পাঠদানৰ সময়ছোৱাত প্রতিখন ডেস্ক–বেঞ্চত ছাত্র অথবা ছাত্রীগৰাকীৰ ৰোল নম্বৰৰ লেবেল লগাই থ’ব লাগিব৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিদৰে ছাত্র–ছাত্রীসকলক ৰোল নম্বৰৰ লেবেল লগাই বহুওৱা হয়, ঠিক তেনেদৰে ছাত্র–ছাত্রীসকলৰ মাজত শাৰীৰিক দূৰত্ব জৰুৰী হ’ব৷ বিদ্যালয়ত দশম শ্রেণীৰ ছাত্র–ছাত্রীসকলৰ বাবে প্রতিটো বিষয়ত ৩০ মিনিট, দ্বাদশ শ্রেণীৰ ছাত্র–ছাত্রীৰ বাবে ৪৫ মিনিট পাঠদান হ’ব৷ সেইদৰে বিদ্যালয় প্রাংগণত যাতে শাৰীৰিক দূৰত্ব বজাই ৰখা হয়, তাৰ বাবে ৬ ফুট দূৰত্বত একোটাকৈ চিহ্ণ আঁকি থ’ব লাগিব৷ এই সময়ছোৱাত কোনোধৰণৰ খেলা–ধূলা অথবা আন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিব৷ বিদ্যালয়ত ৰাজ্যিক হেল্পলাইন নম্বৰ, স্থানীয় স্বাস্থ্য বিভাগৰ কর্তৃপক্ষৰ হেল্পলাইন নম্বৰ সকলোৱে দেখাকৈ আঁৰি থ’ব লাগিব৷ কোনো বিদ্যালয়ত যদি এ চি ব্যৱহাৰ হয়, তেন্তে ইয়াৰ তাপমান ২৪ৰ পৰা ৩০ ডিগ্রীত চলিব লাগিব৷ বিদ্যালয়সমূহত মুকলি বতাহৰ চলাচল যাতে সুগম হয়, তাৰ বাবে ব্যৱস্থা ল’ব লাগিব৷ সম্পূর্ণ ক’ভিড প্রট’কল অনুসৰণ কৰি কাইলৈৰ পৰা আৰম্ভ কৰিবলৈ ওলোৱা পাঠদান ব্যৱস্থাত ছাত্র–ছাত্রীৰ অংশগ্রহণ কেনেধৰণৰ হয়, সেয়াহে লক্ষণীয় হ’ব৷