নায়াৰৰ টিভি ধাৰাবাহিকেৰে টৰণ্টো ছবি মহোৎসৱৰ সামৰণি
নিয়মীয়া বাৰ্তা ২১ ছেপ্টেম্বৰঃ ক’ভিড–১৯ মহামাৰীয়ে এইবাৰ চলচ্চিত্র মহোৎসৱসমূহত বিৰূপ প্রভাৱ পেলাইছে৷ অলপতে হৈ যোৱা ভেনিচ চলচ্চিত্র মহোৎসৱত অতি কমসংখ্যক দর্শক উপস্থিত থকাৰ পিছত অনুৰূপ ঘটনা ঘটিছে টৰণ্টো আন্তর্জাতিক ছবি মহোৎসৱত৷ টৰণ্টো আন্তর্জাতিক এই চলচ্চিত্র মহোৎসৱৰ এইবাৰ অন্ত পেলোৱা হৈছে অগতানুগতিক কার্যৰে৷ অন্তিম নিশা মহোৎসৱত ছবিৰ বিপৰীতে ভাৰতীয় মূলৰ ছবি পৰিচালিকা মীৰা নায়াৰৰ এক টিভি ধাৰাবাহিকৰ আটাইবোৰ খণ্ড প্রদর্শন কৰা হয়৷ মুঠ ৬ ঘণ্টা ধৰি বিক্রম শেঠৰ বহুপথিত উপন্যাস ‘এ ছুইটেব্ল বয়’ৰ আধাৰত মীৰা নায়াৰে একে নামেৰে নির্মাণ কৰা টিভি ধাৰাবাহিকখনেৰে মহোৎসৱৰ অন্ত পেলোৱা হৈছে৷ মহোৎসৱৰ বঁটা বিতৰণীৰ নিশা ‘এ ছুইটেব্ল বয়’ৰ প্রদর্শনৰ বিষয়টোত সন্তুষ্টি প্রকাশ কৰিছে মীৰা নায়াৰে৷ উল্লেখনীয় যে বি বি চিৰ বাবে নির্মাণ কৰি উলিওৱা হৈছে এই ছুইটেব্ল বয়৷ টৰণ্টো আন্তর্জাতিক ছবি মহোৎসৱৰ ৪৫ বছৰীয়া ইতিহাসত প্রথমবাৰৰ বাবে টিভি ধাৰাবাহিকেৰে মহোৎসৱৰ বঁটা বিতৰণী অনুষ্ঠানৰ অন্ত পেলোৱা হৈছে৷ ক’ভিডকালৰ সংকটে এনে সিদ্ধান্ত ল’বলৈ মহোৎসৱৰ উদ্যোক্তাসকলক বাধ্য কৰোৱা বুলি বিভিন্ন মহলে ধাৰণা কৰিছে৷ স্মর্তব্য যে বিক্রম শেঠৰ বৃহৎ কলেবৰৰ উপন্যাস এ ছুইটেব্ল বয় প্রথম প্রকাশ পাইছিল ১৯৯৩ চনত৷